--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ নতুন ১০০ টকাৰ নোটকলৈ এতিয়া  বিতৰ্ক আৰম্ভ হৈছে। নোট খনত থকা নেপালৰ মানচিত্ৰত দেখুৱাইছে  যে ভাৰতৰ তিনিটা অঞ্চল  নেপালত আছে! ফলত বিতৰ্ক তীব্ৰতৰ হৈছে। এইবাৰ ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত মুখ খুলিছে। তেওঁ কয় যে নেপালে একপক্ষীয়ভাৱে এই পৰিৱৰ্তন কৰিলেও ই বাস্তৱতাক  সলনি নকৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জয়শংকৰে ভুৱনেশ্বৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়  "মই বিষয়টো জানিব পাৰিছো। কিন্তু মই ভাবো আমাৰ স্থিতি অতি স্পষ্ট। আমি নেপালৰ সৈতে সীমান্ত সমস্যাৰ বিষয়ে  আলোচনা কৰি আছো। ইয়াৰ মাজতে তেওঁলোকে কিছুমান একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু এনে কৰিলেই পৰিস্থিতি বা বাস্তৱতা সলনি নহয়। ” নতুন ১০০ টকাৰ নোটখনত নেপালৰ অংশ হিচাপে ভাৰতীয় ভূখণ্ড লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীক দেখুওৱা হৈছে। শুকুৰবাৰে নেপালৰ কেবিনেট বৈঠকত এই নোটত সেউজ সংকেত দিয়া হৈছিল। প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নেপালী নোটৰ ওপৰত নতুন মানচিত্ৰ ছপা কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি চৰকাৰী মুখপাত্ৰ ৰেখা শৰ্মাই প্ৰকাশ কৰিছে।

নতুন দিল্লীয়ে কৈছে যে তিনিওটা অঞ্চল ভাৰতীয় ভূখণ্ডৰ অংশ। কিন্তু নেপালে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানী নেপালৰ অংশ। ২০২০ চনৰ ১৮ জুনত নেপাল চৰকাৰে প্ৰকাশ কৰা মানচিত্ৰতো তিনিওটা অঞ্চলক দেশখনৰ অংশ হিচাপে দেখুওৱা হৈছিল। নতুন ১০০ টকীয়া নোট খনতো সেই তিনি স্থানক নেপালৰ অংশ হিচাবে দেখুওৱা হৈছে৷ উল্লেখ্য ভাৰতৰ সৈতে  নেপালৰ ১,৮৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ  সীমান্ত আছে। এই সীমান্তত  পাঁচখন ৰাজ্য অন্তৰ্ভুক্ত হৈ  আছে। সেই ৰাজ্য কেইখন হ’ল ছিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা