--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ নতুন ১০০ টকাৰ নোটকলৈ এতিয়া  বিতৰ্ক আৰম্ভ হৈছে। নোট খনত থকা নেপালৰ মানচিত্ৰত দেখুৱাইছে  যে ভাৰতৰ তিনিটা অঞ্চল  নেপালত আছে! ফলত বিতৰ্ক তীব্ৰতৰ হৈছে। এইবাৰ ভাৰতৰ  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই সন্দৰ্ভত মুখ খুলিছে। তেওঁ কয় যে নেপালে একপক্ষীয়ভাৱে এই পৰিৱৰ্তন কৰিলেও ই বাস্তৱতাক  সলনি নকৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে জয়শংকৰে ভুৱনেশ্বৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়  "মই বিষয়টো জানিব পাৰিছো। কিন্তু মই ভাবো আমাৰ স্থিতি অতি স্পষ্ট। আমি নেপালৰ সৈতে সীমান্ত সমস্যাৰ বিষয়ে  আলোচনা কৰি আছো। ইয়াৰ মাজতে তেওঁলোকে কিছুমান একপক্ষীয় পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু এনে কৰিলেই পৰিস্থিতি বা বাস্তৱতা সলনি নহয়। ” নতুন ১০০ টকাৰ নোটখনত নেপালৰ অংশ হিচাপে ভাৰতীয় ভূখণ্ড লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানীক দেখুওৱা হৈছে। শুকুৰবাৰে নেপালৰ কেবিনেট বৈঠকত এই নোটত সেউজ সংকেত দিয়া হৈছিল। প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নেপালী নোটৰ ওপৰত নতুন মানচিত্ৰ ছপা কৰাৰ সিদ্ধান্ত লোৱা হয় বুলি চৰকাৰী মুখপাত্ৰ ৰেখা শৰ্মাই প্ৰকাশ কৰিছে।

নতুন দিল্লীয়ে কৈছে যে তিনিওটা অঞ্চল ভাৰতীয় ভূখণ্ডৰ অংশ। কিন্তু নেপালে দীৰ্ঘদিন ধৰি দাবী কৰি আহিছে যে লিপুলেখ, লিম্পিয়াধুৰা আৰু কালাপানী নেপালৰ অংশ। ২০২০ চনৰ ১৮ জুনত নেপাল চৰকাৰে প্ৰকাশ কৰা মানচিত্ৰতো তিনিওটা অঞ্চলক দেশখনৰ অংশ হিচাপে দেখুওৱা হৈছিল। নতুন ১০০ টকীয়া নোট খনতো সেই তিনি স্থানক নেপালৰ অংশ হিচাবে দেখুওৱা হৈছে৷ উল্লেখ্য ভাৰতৰ সৈতে  নেপালৰ ১,৮৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ  সীমান্ত আছে। এই সীমান্তত  পাঁচখন ৰাজ্য অন্তৰ্ভুক্ত হৈ  আছে। সেই ৰাজ্য কেইখন হ’ল ছিকিম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক