--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় নাৰ্চসকল মৰমীয়াল আৰু দয়ালু হয়। কিন্তু ইয়াৰ বিপৰীত  দৃশ্যও বহু সময়ত দেখা যায়। পেনচিলভেনিয়াৰ এগৰাকী ৪১ বছৰীয়া নাৰ্ছ হিথাৰ প্ৰেছক হত্যাৰ তিনিটা গোচৰ আৰু হত্যাৰ চেষ্টাৰ ১৯ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক ৩৮০- ৭৬০ বছৰৰ  কাৰাদণ্ড বিহা  হৈছে। দৰাচলতে নাৰ্চ গৰাকীৰ অপৰাধ ইমানেই গুৰুতৰ বুলি আদালতে অনুভৱ কৰিছিল যে তেওঁক ৭৬০ বছৰৰ কাৰাবাস দিয়ে। ইয়াৰ অৰ্থে এবাৰ কাৰাগাৰত সোমোৱাৰ পিছত জীয়াই থকালৈকে তেওঁ আৰু কোনো দিনেই কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব।  

অভিযোগ অনুসৰি আমেৰিকাৰ এইগৰাকী নাৰ্চে  কেইবাজনো ৰোগীক হত্যা কৰাৰ চেষ্টা চলাইছিল।তেওঁ বহু ৰোগীক অপ্ৰয়োজনীয়ভাবে বা অত্যধিক মাত্ৰাত ইনচুলিন  দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল।   ২০২০ ৰ পৰা ২০২৩ চনৰ ভিতৰত পাঁচখন  স্বাস্থ্যকেন্দ্ৰত  তেওঁ কমেও ১৭ জন ৰোগীৰ মৃত্যুৰ বাবে দায়ী বুলি প্ৰমাণ পোৱা গৈছে।

  প্ৰেছডিৰ  বিৰুদ্ধে ২২ জন ৰোগীক অত্যধিক ইনচুলিনৰ পালি দিয়াৰ অভিযোগ উঠিছিল,তেওঁলোকৰ  ভিতৰত কিছুমানৰ ডায়েবেটিচ নাছিলেই। বেছিভাগ ৰোগীৰ  ইনচুলিন  গ্ৰহণ কৰাৰ পিছত মৃত্যু হৈছিল। ভুক্তভোগীসকলৰ বয়স ৪৩ ৰ পৰা ১০৪ বছৰৰ ভিতৰত আছিল।

নাৰ্চগৰাকীৰ বিৰুদ্ধে তদন্তটো যোৱা বছৰৰ মে’ মাহত আৰম্ভ হৈছিল। নাৰ্চগৰাকীৰ আচৰণক  সহকৰ্মীসকলেও সমালোচনা কৰিছিল। সহকৰ্মীসকলে প্ৰকাশ কৰা মতে নাৰ্চগৰাকীয়ে  ৰোগীসকলক ঘৃণাৰে চাইছিল আৰু প্ৰায়ে তেওঁলোকৰ বিষয়ে  কটু  মন্তব্য কৰিছিল।

বিচাৰৰ সময়ত প্ৰেছডিয়ে আদালতত দোষ স্বীকাৰ কৰিছে। প্ৰেছডিৰ অধিবক্তাই সুধিছিল যে তেওঁ কিয় দোষ স্বীকাৰ কৰিছে? প্ৰেছডিয়ে উত্তৰ দিছিল, "কাৰণ মই দোষী।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি