--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় নাৰ্চসকল মৰমীয়াল আৰু দয়ালু হয়। কিন্তু ইয়াৰ বিপৰীত  দৃশ্যও বহু সময়ত দেখা যায়। পেনচিলভেনিয়াৰ এগৰাকী ৪১ বছৰীয়া নাৰ্ছ হিথাৰ প্ৰেছক হত্যাৰ তিনিটা গোচৰ আৰু হত্যাৰ চেষ্টাৰ ১৯ টা গোচৰত দোষী সাব্যস্ত কৰা হৈছে আৰু তেওঁক ৩৮০- ৭৬০ বছৰৰ  কাৰাদণ্ড বিহা  হৈছে। দৰাচলতে নাৰ্চ গৰাকীৰ অপৰাধ ইমানেই গুৰুতৰ বুলি আদালতে অনুভৱ কৰিছিল যে তেওঁক ৭৬০ বছৰৰ কাৰাবাস দিয়ে। ইয়াৰ অৰ্থে এবাৰ কাৰাগাৰত সোমোৱাৰ পিছত জীয়াই থকালৈকে তেওঁ আৰু কোনো দিনেই কাৰাগাৰৰ পৰা ওলাব নোৱাৰিব।  

অভিযোগ অনুসৰি আমেৰিকাৰ এইগৰাকী নাৰ্চে  কেইবাজনো ৰোগীক হত্যা কৰাৰ চেষ্টা চলাইছিল।তেওঁ বহু ৰোগীক অপ্ৰয়োজনীয়ভাবে বা অত্যধিক মাত্ৰাত ইনচুলিন  দিছিল। ফলত বহু ৰোগীৰ মৃত্যু ঘটিছিল।   ২০২০ ৰ পৰা ২০২৩ চনৰ ভিতৰত পাঁচখন  স্বাস্থ্যকেন্দ্ৰত  তেওঁ কমেও ১৭ জন ৰোগীৰ মৃত্যুৰ বাবে দায়ী বুলি প্ৰমাণ পোৱা গৈছে।

  প্ৰেছডিৰ  বিৰুদ্ধে ২২ জন ৰোগীক অত্যধিক ইনচুলিনৰ পালি দিয়াৰ অভিযোগ উঠিছিল,তেওঁলোকৰ  ভিতৰত কিছুমানৰ ডায়েবেটিচ নাছিলেই। বেছিভাগ ৰোগীৰ  ইনচুলিন  গ্ৰহণ কৰাৰ পিছত মৃত্যু হৈছিল। ভুক্তভোগীসকলৰ বয়স ৪৩ ৰ পৰা ১০৪ বছৰৰ ভিতৰত আছিল।

নাৰ্চগৰাকীৰ বিৰুদ্ধে তদন্তটো যোৱা বছৰৰ মে’ মাহত আৰম্ভ হৈছিল। নাৰ্চগৰাকীৰ আচৰণক  সহকৰ্মীসকলেও সমালোচনা কৰিছিল। সহকৰ্মীসকলে প্ৰকাশ কৰা মতে নাৰ্চগৰাকীয়ে  ৰোগীসকলক ঘৃণাৰে চাইছিল আৰু প্ৰায়ে তেওঁলোকৰ বিষয়ে  কটু  মন্তব্য কৰিছিল।

বিচাৰৰ সময়ত প্ৰেছডিয়ে আদালতত দোষ স্বীকাৰ কৰিছে। প্ৰেছডিৰ অধিবক্তাই সুধিছিল যে তেওঁ কিয় দোষ স্বীকাৰ কৰিছে? প্ৰেছডিয়ে উত্তৰ দিছিল, "কাৰণ মই দোষী।" 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক