--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদ্ধাৰকাৰী দলে হাস্পতালখনৰ দুৱাৰ-খিৰিকী ভাঙি প্ৰায় ২০ জনতকৈও অধিক আৱদ্ধ ৰোগীক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে।

ডিজিটেল ডেস্ক: বিহাৰৰ মুজাফ্ফৰপুৰৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডই কাঢ়ি নিলে ৪ গৰাকীকৈ চিকিৎসাধীন ৰোগীৰ প্ৰাণ। হাস্পতালখনৰ অতি জৰুৰী শাখা (ICU)ত সংঘটিত হোৱা এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


নিশা প্ৰায় ৩ বজাত চিকিৎসালয়খনৰ ICU কক্ষত হঠাতে জুইৰ সূত্ৰপাত ঘটে। মুহূৰ্তৰ ভিতৰতে ক’লা ধোঁৱা আৰু জুইৰ লেলিহান শিখাই সমগ্ৰ অট্টালিকাটো আৱৰি ধৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অক্সিজেন ইউনিট আৰু মনিটৰ প্ৰণালীত হোৱা চৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।


ঘটনাৰ খবৰ পোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খনতকৈও অধিক বাহন ঘটনাস্থলীত উপস্থিত হয়। অশেষ প্ৰচেষ্টাৰ অন্তত তেওঁলোকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। উদ্ধাৰকাৰী দলে হাস্পতালখনৰ দুৱাৰ-খিৰিকী ভাঙি প্ৰায় ২০ জনতকৈও অধিক আৱদ্ধ ৰোগীক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনে।


কেইবা ঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণলৈ আহে যদিও ৪ গৰাকী ৰোগীয়ে অগ্নিদগ্ধ হৈ থিতাতে কৰুণ মৃত্যুক সাৱটি লয়। মৃত দুৰ্ভগীয়া লোকসকল হ’ল:


শশাংক কুমাৰ, উদয় কুমাৰ, গীতা দেৱী আৰু ব্ৰজনন্দ ৰায়।


এই দুৰ্ঘটনাত চিকিৎসালয়খনৰ ICU ইন-চাৰ্জগৰাকীও গুৰুতৰভাৱে আহত হয়। ইয়াৰ উপৰিও, চিকিৎসাধীন হৈ থকা আন কেইবাজনো ৰোগীৰ অৱস্থা বৰ্তমানো সংকটজনক বুলি জানিব পৰা গৈছে। বৰ্তমান স্থানীয় প্ৰশাসন আৰু জিলা অসামৰিক শল্য চিকিৎসকে (Civil Surgeon) সমগ্ৰ চিকিৎসা সেৱাৰ তদাৰক কৰিছে।


এই শোকাৱহ ঘটনাৰ পিছতেই চিকিৎসালয় কৰ্তৃপক্ষৰ চৰম গাফিলতি আৰু দায়িত্বহীনতাৰ কথা পোহৰলৈ আহিছে। ভুক্তভোগী পৰিয়ালসমূহৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জানিবলৈ দিয়া মতে, উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ সময়ত চিকিৎসালয়খনৰ বেছিভাগ কৰ্মচাৰীয়েই নিজৰ দায়িত্ব এৰি পলায়ন কৰিছিল। আনকি মৃতদেহসমূহো উপযুক্তভাৱে হস্তান্তৰ নকৰাকৈ কৰ্তৃপক্ষই চৰম অৱহেলা প্ৰদৰ্শন কৰে।


বৰ্তমান আৰক্ষী আৰু প্ৰশাসনে ঘটনাৰ প্ৰকৃত কাৰণ উদঘাটন কৰিবলৈ আৰু দোষীক কৰায়ত্ত কৰিবলৈ এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ