--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধ্য প্রদেশ, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত প্রাক-মৌচুমী ঘটনাৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক: অৱশেষত বৃহস্পতিবাৰে দক্ষিণ-পশ্চিম মৌচুমী বতাহ কেৰালা পালেহি। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এই কথা জনায়। সাধাৰণতে কেৰালাত মৌচুমী আহি পায়হি ১ জুনত আৰু মৌচুমী পোৱাৰ লগে লগেই ভাৰতত বর্ষাকাল (দক্ষিণ-পশ্চিম মৌচুমী ঋতু) আৰম্ভ হয়। এই বর্ষাকাল জুনৰ পৰা ছেপ্টেম্বৰলৈ থাকে। 


উল্লেখযোগ্য যে বতৰ বিজ্ঞান বিভাগে মৌচুমী স্বাভাৱিক সময়তকৈ (১ জুন) আগতে, ২৬ মে'ত কেৰালা পাবহি বুলি আগজাননী দিছিল। কিন্তু মৌচুমী স্বাভাৱিক সময়তকৈ তিনি দিন পাছতহে কেৰালা পালেহি। অহা ২-৩ দিনত মৌচুমীয়ে গোৱা, মহাৰাষ্ট্ৰ, অন্ধ্র প্রদেশ, কর্ণাটক, তামিলনাডুক আগুৰি ধৰিব। তদুপৰি অহা ২-৩ দিনত বংগোপসাগৰৰ কিছু অংশৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈও মৌচুমী আগবাঢ়িব। যোৱা সপ্তাহত বতৰ বিজ্ঞান বিভাগে বৃষ্টিপাতৰ আগজাননী সংশোধন কৰিছিল আৰু ইংগিত দিছিল যে এইবাৰ বৃষ্টিপাত স্বাভাৱিকতকৈ কম হ'ব। বতৰ বিজ্ঞানৰ মতে দীর্ঘ সময়ৰ গড়ৰ (এল পি এ) তুলনাত বৃষ্টিপাত এই বছৰ ৯০ শতাংশ হ'ব। উল্লেখযোগ্য যে ১৯৭১ চনৰ পৰা ২০২০ চনলৈকে সংগ্রহিত তথ্যৰ ভিত্তিত দেশৰ বৃষ্টিপাতৰ এল পি এ হৈছে ৮৭ চেঃমিঃ। 


ইফালে মৌচুমীৰ আগমনৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী মতে কেৰালা, তামিলনাডু আৰু কৰ্ণাটকত আগন্তুক ৭ দিনত কিছু কিছু ঠাইত প্ৰবল বৰষুণ হ'ব। মধ্য প্রদেশ, ৰাজস্থানকে ধৰি কেইবাখনো ৰাজ্যত প্রাক-মৌচুমী ঘটনাৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে। ইফালে মৌচুমীৰ আগমনৰ আগে আগে যোৱা দুদিন কেৰালাৰ বিভিন্ন অঞ্চলত প্রবল বৃষ্টিপাত হৈছে। বৃহস্পতিবাৰে পুৱাও ৰাজ্যখনৰ বহু ঠাইত প্ৰবল বৰষুণ হৈছিল। উল্লেখযোগ্য যে স্বাভাৱিকতে ১ জুনত মৌচুমী কেৰালা পায়হি। ইয়াৰ পাছত ডেৰ মাহত সমগ্র দেশত বিয়পি পৰে। ১৭ ছেপ্টেম্বৰ মানৰ পৰা ৰাজস্থানেদি মৌচুমীৰ প্ৰস্থান আৰম্ভ হয় আৰু ১৫ অক্টোবৰলৈ প্রস্থান সম্পূর্ণ হয়।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু