--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''নামৰ পিছত খান থকাৰ বাবেই আৰিয়ানক টাৰ্গেট কৰি লোৱা হৈছে''-এই মন্তব্য জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটিৰ৷ মেহবুবা মুফটিৰ এই মন্তব্যক লৈ দেশৰ ৰাজনৈতিক ক্ষেত্ৰত চলিছে সৰব চৰ্চা৷ ধৰ্মৰ বাবেই শ্বাহৰুখৰ পুত্ৰই এনেদৰে কাৰাগাৰত থাকিব লগা হৈছে, জামিন বাৰে বাৰে নাকচ কৰা হৈছে বুলি কয় মেহবুবা মুফটিয়ে।

এক টুইটত তেওঁ লিখে যে, ''খেতিয়কক হত্যা কৰা কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ সলনি এজন ২৩ বছৰীয়া ল'ৰাৰ পিছত পৰি আছে কেন্দ্ৰীয় সংস্থাসমূহ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে আৰিয়ানৰ উপাধি৷ খান উপাধি হোৱাৰ বাবেই অধিক হাৰাশাস্তি কৰা হৈছে শ্বাহৰুখ পুত্ৰক৷ কেৱল হিন্দু ভোটাৰ সকলক সুখী কৰি ৰখাৰ স্বাৰ্থত এনেদৰে মুছলমানসকলক টাৰ্গেট কৰি লোৱা হৈছে।

এই কাৰ্যই ভাৰতীয় ন্যায়পালিকাক তাচ্ছিল্য কৰিছে।'' উল্লেখ্য যে মেহবুবা মুফটিয়ে নাম নোকোৱাকৈ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশিস মিশ্ৰৰ কথা উল্লেখ কৰিছিল টুইটটোত, যাৰ বিৰুদ্ধে যোৱা সপ্তাহত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কৃষকক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?