--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সমীক্ষাত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰমেলিন আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ুং দুয়োজনকে ৬২ শতাংশ অনুমোদন ৰেটিঙেৰে দ্বিতীয় স্থানত ৰখা হৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ বিশ্বৰ আটাইতকৈ জনপ্রিয় গণতান্ত্রিক নেতা ৰূপে স্বীকৃতি লাভ কৰিছে। আমেৰিকাস্থিত ডাটা বিশ্লেষক প্রতিষ্ঠান 'মর্নিং কনছাল্ট'-এ শেহতীয়াকৈ বিশ্বজুৰি চলোৱা সমীক্ষাত ৬৮ শতাংশ অনুমোদন বা সমর্থন ৰেটিং লাভ কৰি মোদীয়ে বিশ্বৰ জনপ্রিয় নেতাৰ তালিকাত শীর্ষস্থান লাভ কৰিছে। তেওঁৰ বিৰুদ্ধে ২৬ শতাংশই অসন্মতি প্রকাশ কৰে। 


'গ্ল'বেল লীডাৰ এপ্রভেল ৰেটিং ট্ৰেকাৰ'ৰ তথ্য মতে, 'দেশত জনপ্রিয়তা' আৰু 'বর্ধিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি'য়ে মোদীক উল্লেখনীয়ভাবে বিশ্বৰ আন বৃহৎ অর্থনীতিৰ দেশবোৰৰ নেতাতকৈ তেওঁক আগস্থানত ৰাখিছে। এই সমীক্ষাত ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰমেলিন আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লী জে-মিয়ুং দুয়োজনকে ৬২ শতাংশ অনুমোদন ৰেটিঙেৰে দ্বিতীয় স্থানত ৰখা হৈছে। এই শেহতীয়া অনুমোদন ৰেটিং মাৰ্চৰ ২-ৰ পৰা মাৰ্চৰ ৮ তাৰিখলৈ সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত কৰা হৈছে। এই সমীক্ষাত প্রধানমন্ত্রী মোদী আৰু পাশ্চাত্যৰ বিশিষ্ট নেতাসকলৰ ৰেটিঙৰ মাজত যথেষ্ট ব্যৱধান দেখা গৈছে। 


আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ অনুমোদন ৰেটিং হৈছে ৩৯ শতাংশ। আনহাতে, ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰ্মাৰ অনুমোদন ৰেটিং হৈছে ২৪ শতাংশ। তালিকাৰ একেবাৰে তলৰ ফালে থকা অন্যতম নেতা হৈছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। তেওঁৰ অনুমোদন ৰেটিং ১৭ শতাংশ আৰু অসন্মতি ৰেটিং ৭৫ শতাংশ। উল্লেখযোগ্য যে ২০২৪ চনৰ মে'ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব গ্রহণ কৰা মোদীয়ে একেৰাহে বহু দিন এই জনপ্ৰিয়তাৰ তালিকাৰ শীৰ্ষস্থানত আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ