--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই ভাৰতীয় সংস্কৃতিত প্ৰাচীন পৰম্পৰাৰে শাৰদীয় নৱৰাত্ৰিৰ পৱিত্ৰ উৎসৱ পালন কৰি অহা হৈছে। ২১ অক্টোবৰ অৰ্থাৎ কালিলৈ শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিনটো মহাসপ্তমী দিন হিচাপে পালন কৰা হয়। এই দিনটোত দুৰ্গা দেৱীৰ সপ্তম শক্তি অৰ্থাৎ মা কালৰাত্ৰী ৰূপৰ পূজা কৰাৰ পৰম্পৰা আছে। দুষ্টক দমন কৰাৰ বাবেই মা দুৰ্গাৰ এই ৰূপ মাকালৰাত্ৰী বুলি জনা যায়।

মা দুৰ্গাৰ সপ্তম ৰূপ মাকালৰাত্ৰী তিনিচক্ষী দেৱী। মাকালৰাত্ৰীৰ পূজা কৰিলে ভয় আৰু ৰোগ নাশ হয়। ইয়াৰ লগতে ভূত, অকাল মৃত্যু, ৰোগ, শোক আদি সকলো ধৰণৰ সমস্যাৰ পৰা মায়ে ভক্তসকলক ৰক্ষা কৰে বুলি জনবিশ্বাস আছে। গতিকে মাকালৰাত্ৰী ৰূপৰ কেনেদৰে পূজা কৰা হয় আৰু এই পূজা গুৰুত্বৰ বিষয়ে জানো আহক...।

পূজাৰ পদ্ধতি-
* শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিনা ব্ৰহ্ম মুহূৰ্তত পুৱা স্নান কৰি পৰিষ্কাৰ বস্ত্ৰ পৰিধান কৰক
* গা ধুই মাদেৱীৰ সন্মুখত ঘিউৰ চাকি জ্বলোৱা হয়
* ৰঙা ৰঙৰ ফুল আগবঢ়োৱা
* মা কালৰাত্ৰীৰ পূজাত মিঠাই, পাঁচবিধ শুকান ফল, পাঁচ প্ৰকাৰৰ ফল, অক্ষত, ধূপ-ধুনা, ফুল আৰু গুৰ আদি নৈবেদ্য আগবঢ়োৱা হয়।
* এই দিনটোত গুড়ক বিশেষ গুৰুত্ব দিয়া হৈছে।
* মা কালৰাত্ৰীৰ দিনা গুৰৰ পৰা তৈয়াৰী ব্যঞ্জন আগবঢ়োৱা হয় 
* পূজা শেষ হোৱাৰ পাছত মাদেৱীৰ মন্ত্ৰ জপ কৰি আৰতি কৰা হয়
আৰু দুৰ্গা চালিছা পাঠ কৰা হয়।




মন্ত্ৰ
‘ওম এং হ্ৰীম ক্লিম চামুণ্ডায় বিচ্চাই ওম কালৰাত্ৰী দৈৱ্যে নমঃ
ওম কলৰাত্ৰীয়াই নম:’

কোৱা হয় যে শুম্ভ, নিশুম্ভা আৰু ৰক্তবীজক নিঃশেষ কৰিবলৈ মহাসপ্তমীৰ এই দিনটোত ভক্তসকলে উপবাস ৰাখি মাদুৰ্গাৰ কালৰাত্ৰী ৰূপৰ পূজা কৰে। দেৱী কালৰাত্ৰীৰ ৰূপটো অতি ভয়ানক আৰু শৰীৰৰ বৰণ ক’লা। কালৰাত্ৰী দেৱীয়ে শত্ৰুৰ ওপৰত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰে, সেইবাবে তেওঁক কালৰাত্ৰী বুলি কোৱা হয়। ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰীৰ ৰূপ লৈছিল বুলি বিশ্বাস কৰা হয়। দেৱী কালৰাত্ৰীৰ বাহন হৈছে গাধ, খোলা চুলি, হাতত খঞ্জৰ আৰু ভৰাজ পিন্ধে। ডিঙিৰ চাৰিওফালে থকা মালাডাল বজ্ৰপাতৰ দৰে জিলিকি থাকে। বিশ্বাস অনুসৰি কালৰাত্ৰীক উপাসনা কৰিলে ভয়-শংকা দূৰ কৰি বিপদৰ পৰা সুৰক্ষা দিয়ে আৰু শুভ ফল প্ৰদান কৰে। শুভ ফলাফল প্ৰদান কৰাৰ বাবে মাকালৰাত্ৰীক শুভংকৰী বুলিও জনা যায়। কালৰাত্ৰী দেৱীক উপাসনা কৰিলে অকাল মৃত্যুৰ লগতে ৰোগ আদি দূৰ হয়। সেয়েহে এই নিশাক সাফল্য নিশা বুলিও কোৱা হয়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ