--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৱৰাত্ৰিৰ পৱিত্ৰ উৎসৱৰ সময়ত বাস্তুৰ নিয়ম অনুসৰি মাদুৰ্গাৰ অখণ্ডজ্যোতি সঠিক দিশত ৰখা আৰু জ্বলোৱাৰ বহু মান্যতা আছে। ইয়াৰ ফলত এখন ঘৰত মংগল আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হয়, যিয়ে পৰিয়ালৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰে। নৱৰাত্ৰিৰ এই পৱিত্ৰ ক্ষণত সঠিকভাৱে পালন কৰি জ্বলোৱা এগচ বন্তিয়ে ঘৰত অহা প্ৰতিটো বিপদ, সমস্যা আৰু বাধা-বিঘিনি দূৰ কৰে। নৱৰাত্ৰিৰ সময়ত প্ৰতিখন ঘৰত মাদুৰ্গাৰ আগমন ঘটে। এই সময়ছোৱাত অখণ্ডজ্যোতিয়ে পোহৰৰ সমাহাৰ ঘটাই মাদুৰ্গাক স্বাগতম জনায় বুলি বিশ্বাস কৰা হয়।

অখণ্ডজ্যোতি হৈছে এনে এগছ চাকি যি অবিৰতভাৱে একেৰাহে জ্বলি থাকে। নৱৰাত্ৰিৰ সময়ত অখণ্ডজ্যোতিৰ অতি গুৰুত্ব আছে। এই পোহৰক মাদুৰ্গাৰ অপাৰ শক্তি আৰু অনন্তকালৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি অখণ্ডজ্যোতিৰ পোহৰে সকলোৰে জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। সেয়েহে নৱৰাত্ৰিৰ সময়ত অখণ্ডজ্যোতি জ্বলাই ধৰ্মীয় বিশ্বাস আৰু ভক্তি ভাব প্ৰকাশ কৰা হয়।

উল্লেখ্য যে বাস্তুশাস্ত্ৰৰ অনুসৰি মাদুৰ্গাৰ অখণ্ডজ্যোতি দক্ষিণ-পূব কোণত অৰ্থাৎ পূব-দক্ষিণ দিশত ৰখাটো শুভ বুলি গণ্য কৰা হয়। ঋণাত্মক শক্তি দূৰ কৰি ধনাত্মক শক্তিক প্ৰসাৰিত কৰে। এই বন্তিগছ পূব বা উত্তৰ দিশলৈ মুখ কৰি থাকিব লাগে, যাতে পূজাৰ সম্পূৰ্ণ ফল পোৱা যায়। অখণ্ডজ্যোতিক মাদুৰ্গাৰ আশীৰ্বাদ আৰু ধনাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। তদুপৰি হিন্দুধৰ্মত এই শিখাৰ গুৰুত্ব অধিক দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত