--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৱৰাত্ৰিৰ পৱিত্ৰ উৎসৱৰ সময়ত বাস্তুৰ নিয়ম অনুসৰি মাদুৰ্গাৰ অখণ্ডজ্যোতি সঠিক দিশত ৰখা আৰু জ্বলোৱাৰ বহু মান্যতা আছে। ইয়াৰ ফলত এখন ঘৰত মংগল আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ হয়, যিয়ে পৰিয়ালৰ সুখ-সমৃদ্ধি বৃদ্ধি কৰে। নৱৰাত্ৰিৰ এই পৱিত্ৰ ক্ষণত সঠিকভাৱে পালন কৰি জ্বলোৱা এগচ বন্তিয়ে ঘৰত অহা প্ৰতিটো বিপদ, সমস্যা আৰু বাধা-বিঘিনি দূৰ কৰে। নৱৰাত্ৰিৰ সময়ত প্ৰতিখন ঘৰত মাদুৰ্গাৰ আগমন ঘটে। এই সময়ছোৱাত অখণ্ডজ্যোতিয়ে পোহৰৰ সমাহাৰ ঘটাই মাদুৰ্গাক স্বাগতম জনায় বুলি বিশ্বাস কৰা হয়।

অখণ্ডজ্যোতি হৈছে এনে এগছ চাকি যি অবিৰতভাৱে একেৰাহে জ্বলি থাকে। নৱৰাত্ৰিৰ সময়ত অখণ্ডজ্যোতিৰ অতি গুৰুত্ব আছে। এই পোহৰক মাদুৰ্গাৰ অপাৰ শক্তি আৰু অনন্তকালৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি অখণ্ডজ্যোতিৰ পোহৰে সকলোৰে জীৱনলৈ ইতিবাচকতা কঢ়িয়াই আনে। সেয়েহে নৱৰাত্ৰিৰ সময়ত অখণ্ডজ্যোতি জ্বলাই ধৰ্মীয় বিশ্বাস আৰু ভক্তি ভাব প্ৰকাশ কৰা হয়।

উল্লেখ্য যে বাস্তুশাস্ত্ৰৰ অনুসৰি মাদুৰ্গাৰ অখণ্ডজ্যোতি দক্ষিণ-পূব কোণত অৰ্থাৎ পূব-দক্ষিণ দিশত ৰখাটো শুভ বুলি গণ্য কৰা হয়। ঋণাত্মক শক্তি দূৰ কৰি ধনাত্মক শক্তিক প্ৰসাৰিত কৰে। এই বন্তিগছ পূব বা উত্তৰ দিশলৈ মুখ কৰি থাকিব লাগে, যাতে পূজাৰ সম্পূৰ্ণ ফল পোৱা যায়। অখণ্ডজ্যোতিক মাদুৰ্গাৰ আশীৰ্বাদ আৰু ধনাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। তদুপৰি হিন্দুধৰ্মত এই শিখাৰ গুৰুত্ব অধিক দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ