--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰদীয় নৱৰাত্ৰিৰ চতুৰ্থ দিনা পূজা কৰা হয় মা কুষ্মাণ্ডাৰ। নৱৰাত্ৰি সমাপ্ত হ’বলৈ ৫দিন বাকী আৰু ইয়াৰ লগে লগে আৰ্থিক উন্নয়ন আৰু প্ৰতিকাৰ কৰাৰ এক সোণালী সুযোগ। নৱৰাত্ৰিত কৰা লঙৰ টোটকা অতি অলৌকিক বুলি গণ্য কৰা হয়। ই বহুত ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি দিয়ে। লঙৰ এই প্ৰতিকাৰে ঘৰত সুখ-সমৃদ্ধিৰ লগতে দিয়ে আৰ্থিক সমস্যাৰ সমাধান। নৱৰাত্ৰিত লঙৰ এই কৌশল কেনেকৈ কৰিব পাৰি জানো আহক।

 নৱৰাত্ৰিৰ অলৌকিক কৌশল-

লঙৰ বহুতো স্বাস্থ্যৰ উপকাৰিতা আছে আৰু ভাৰতীয় খাদ্যত ইয়াৰ ব্যাপক মছলা হিচাপে ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰত পূজা-অৰ্চনা, তন্ত্ৰ-মন্ত্ৰত এই লং অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। লং ব্যৱহাৰ কৰি অশুভ গ্ৰহ ৰাহু-কেতুৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি।

 ১. যিসকল লোকৰ ৰাহু-কেতু সম্পৰ্কীয় দোষ আছে তেওঁলোকে প্ৰতিদিনে লং দান কৰিব লাগে। যদি এয়া সম্ভৱ নহয় তেন্তে শিৱলিংগত লং আগবঢ়াব লাগে। এনে কৰিলে সকলো বাধাৰ অন্ত পৰে আৰু জীৱনত সুখ-সমৃদ্ধি লাভ কৰে।

 ২. সকলো প্ৰচেষ্টাৰ পাছতো কামত সফলতা লাভ কৰা নাই, তেন্তে নৱৰাত্ৰিৰ সময়ত হনুমান মূৰ্তিৰ সন্মুখত তেলৰ চাকি এটা জ্বলাই তাত ২টা লং দিব লাগে। ইয়াৰ লগতে হনুমান চালিছা আৰু দুৰ্গা চালিছা পাঠ কৰিব লাগে। অতি সোনকালেই সকলো বাধা আঁতৰ হ’ব আৰু সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব।

 ৩. আৰ্থিক সমস্যাই লগ এৰা নাই, তেন্তে নৱৰাত্ৰিৰ সময়ত মাদুৰ্গাক পূজা-অৰ্চনা কৰক আৰু মাদুৰ্গাক ২টা লং আগবঢ়াওক।

 ৪. আৰ্থিক দিশত উন্নতি হ’বলৈ নৱৰাত্ৰিৰ সময়ত মাদুৰ্গাৰ লগতে মালক্ষ্মীক পূজা কৰক। পূজাত ৫টা লং আৰু ৫টা কড়ী আগবঢ়াব লাগে। পূজা কৰাৰ পাছত ৰঙা কাপোৰ এখনত বান্ধি এই লং আৰু কড়ীকেইটা ধন থোৱা স্থানত ৰাখিব লাগে। আৰ্থিক দিশত উন্নতিৰ মুখ দেখিব পাৰিব।

 ৫. ঘৰত সঘনাই কাজিয়া হ’লে হালধীয়া কাপোৰত ২টা লং বান্ধি ঘৰৰ যিকোনো চুকত ওলোমাই থ’ব লাগে। এনে কৰিলে গৃহন্দল দূৰ হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ