--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শাৰদীয় নৱৰাত্ৰিৰ চতুৰ্থ দিনা পূজা কৰা হয় মা কুষ্মাণ্ডাৰ। নৱৰাত্ৰি সমাপ্ত হ’বলৈ ৫দিন বাকী আৰু ইয়াৰ লগে লগে আৰ্থিক উন্নয়ন আৰু প্ৰতিকাৰ কৰাৰ এক সোণালী সুযোগ। নৱৰাত্ৰিত কৰা লঙৰ টোটকা অতি অলৌকিক বুলি গণ্য কৰা হয়। ই বহুত ধন-সম্পত্তি আৰু সুখ-সমৃদ্ধি দিয়ে। লঙৰ এই প্ৰতিকাৰে ঘৰত সুখ-সমৃদ্ধিৰ লগতে দিয়ে আৰ্থিক সমস্যাৰ সমাধান। নৱৰাত্ৰিত লঙৰ এই কৌশল কেনেকৈ কৰিব পাৰি জানো আহক।

 নৱৰাত্ৰিৰ অলৌকিক কৌশল-

লঙৰ বহুতো স্বাস্থ্যৰ উপকাৰিতা আছে আৰু ভাৰতীয় খাদ্যত ইয়াৰ ব্যাপক মছলা হিচাপে ব্যৱহাৰ কৰা হয়। জ্যোতিষশাস্ত্ৰত পূজা-অৰ্চনা, তন্ত্ৰ-মন্ত্ৰত এই লং অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। লং ব্যৱহাৰ কৰি অশুভ গ্ৰহ ৰাহু-কেতুৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰি।

 ১. যিসকল লোকৰ ৰাহু-কেতু সম্পৰ্কীয় দোষ আছে তেওঁলোকে প্ৰতিদিনে লং দান কৰিব লাগে। যদি এয়া সম্ভৱ নহয় তেন্তে শিৱলিংগত লং আগবঢ়াব লাগে। এনে কৰিলে সকলো বাধাৰ অন্ত পৰে আৰু জীৱনত সুখ-সমৃদ্ধি লাভ কৰে।

 ২. সকলো প্ৰচেষ্টাৰ পাছতো কামত সফলতা লাভ কৰা নাই, তেন্তে নৱৰাত্ৰিৰ সময়ত হনুমান মূৰ্তিৰ সন্মুখত তেলৰ চাকি এটা জ্বলাই তাত ২টা লং দিব লাগে। ইয়াৰ লগতে হনুমান চালিছা আৰু দুৰ্গা চালিছা পাঠ কৰিব লাগে। অতি সোনকালেই সকলো বাধা আঁতৰ হ’ব আৰু সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব।

 ৩. আৰ্থিক সমস্যাই লগ এৰা নাই, তেন্তে নৱৰাত্ৰিৰ সময়ত মাদুৰ্গাক পূজা-অৰ্চনা কৰক আৰু মাদুৰ্গাক ২টা লং আগবঢ়াওক।

 ৪. আৰ্থিক দিশত উন্নতি হ’বলৈ নৱৰাত্ৰিৰ সময়ত মাদুৰ্গাৰ লগতে মালক্ষ্মীক পূজা কৰক। পূজাত ৫টা লং আৰু ৫টা কড়ী আগবঢ়াব লাগে। পূজা কৰাৰ পাছত ৰঙা কাপোৰ এখনত বান্ধি এই লং আৰু কড়ীকেইটা ধন থোৱা স্থানত ৰাখিব লাগে। আৰ্থিক দিশত উন্নতিৰ মুখ দেখিব পাৰিব।

 ৫. ঘৰত সঘনাই কাজিয়া হ’লে হালধীয়া কাপোৰত ২টা লং বান্ধি ঘৰৰ যিকোনো চুকত ওলোমাই থ’ব লাগে। এনে কৰিলে গৃহন্দল দূৰ হ’ব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক