--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : দেশৰ পলাতক অৰ্থনৈতিক অপৰাধী নীৰৱ মোদীক শীঘ্ৰেই ঘূৰাই অনা হ’ব দেশলৈ। ইংলেণ্ডৰ এখন আদালতে বেংক জালিয়াতিত জড়িত অপৰাধীজনৰ প্ৰত্যৰ্পনত কোনো বাধা নাই বুলি ৰায় দিয়াৰ পাছত তেওঁক ভাৰতলৈ প্ৰত্যৰ্পন কৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। ‘নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পন কৰাটো মানৱ অধিকাৰৰ গণ্ডীৰ ভিতৰতে থাকিব’ বুলি মত প্ৰকাশ কৰে লণ্ডনৰ জিলা আদালতখনে।

আৰু পঢ়িব পাৰিব : খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী

জিলা ন্যায়াধীশে লগতে কয় যে, নীৰৱ মোদীয়ে ভাৰতত ন্যায় নাপাব বুলি কোৱা কথাৰ কোনো প্ৰমাণ নাই। তেওঁক এই ৰায়ৰ বিৰু্দ্ধে পুনৰ আবেদনৰ অনুমতি দিয়া হৈছে যদিও নীৰৱ মোদীক ভাৰতলৈ অনাৰ পথ ক্ৰমাৎ প্ৰশস্ত হোৱা দেখা গৈছে। ইফালে, ভাৰতলৈ অনাৰ পাছত তেওঁৰ ঠিকনা হ’ব মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰ। আৰ্থাৰ ৰোড কাৰাগাৰৰ উচ্চ নিৰাপত্তাবিশিষ্ট বিশেষ বেৰেক সাজু কৰা হৈছে।

বেৰেক নং ১২ৰ তিনিটা চেলৰ ভিতৰত এটাত অপৰাধীজনক ৰখাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই। কৰ্তৃপক্ষৰ এক সূত্ৰই প্ৰকাশ কৰে যে, ‘নীৰৱ মোদীক কাৰাৰুদ্ধ কৰাৰ বাবে কাৰাগাৰত যাৱতীয় প্ৰস্ততি সম্পূৰ্ণ কৰি তোলা হৈছে। তেওঁৰ বাবে কাৰাগাৰৰ চেল সাজু হৈছে।

আৰু পঢ়িব পাৰিব : নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

তেওঁ দেশলৈ অনাৰ পাছতে এই চেলত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হ’ব।’ নীৰৱ মোদীয়ে শেহতীয়াকৈ প্ৰত্যৰ্পনৰ বিৰুদ্ধে তেওঁৰ প্ৰায় দুবছৰীয়া যুঁজত পৰাজিত হৈছে। ৪৯বছৰীয়া ব্যৱসায়ীজনক তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ গভীৰতালৈ চাই জামিনো প্ৰদান কৰা হোৱা নাই। ২০১৯ চনৰ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ সময়ৰে পৰা কাৰাগাৰৰ ভিতৰতে আছে নীৰৱ মোদী। ভাৰতলৈ অনাৰ পাছতে তেওঁ পুনৰ কাৰাগাৰৰে আলহী হ’ব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু