--°C
Loading...
Listen to Article
2 min read
80%

মু্ম্বাই : দেশৰ পলাতক অৰ্থনৈতিক অপৰাধী নীৰৱ মোদীক শীঘ্ৰেই ঘূৰাই অনা হ’ব দেশলৈ। ইংলেণ্ডৰ এখন আদালতে বেংক জালিয়াতিত জড়িত অপৰাধীজনৰ প্ৰত্যৰ্পনত কোনো বাধা নাই বুলি ৰায় দিয়াৰ পাছত তেওঁক ভাৰতলৈ প্ৰত্যৰ্পন কৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ পৰিছে। ‘নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পন কৰাটো মানৱ অধিকাৰৰ গণ্ডীৰ ভিতৰতে থাকিব’ বুলি মত প্ৰকাশ কৰে লণ্ডনৰ জিলা আদালতখনে।

আৰু পঢ়িব পাৰিব : খহনীয়া প্ৰতিৰোধৰ আঁচনিৰ কাম সম্পূৰ্ণ নৌহওতেই আধাতে কাম সামৰিলে টি কে কোম্পানী

জিলা ন্যায়াধীশে লগতে কয় যে, নীৰৱ মোদীয়ে ভাৰতত ন্যায় নাপাব বুলি কোৱা কথাৰ কোনো প্ৰমাণ নাই। তেওঁক এই ৰায়ৰ বিৰু্দ্ধে পুনৰ আবেদনৰ অনুমতি দিয়া হৈছে যদিও নীৰৱ মোদীক ভাৰতলৈ অনাৰ পথ ক্ৰমাৎ প্ৰশস্ত হোৱা দেখা গৈছে। ইফালে, ভাৰতলৈ অনাৰ পাছত তেওঁৰ ঠিকনা হ’ব মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰ। আৰ্থাৰ ৰোড কাৰাগাৰৰ উচ্চ নিৰাপত্তাবিশিষ্ট বিশেষ বেৰেক সাজু কৰা হৈছে।

বেৰেক নং ১২ৰ তিনিটা চেলৰ ভিতৰত এটাত অপৰাধীজনক ৰখাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই। কৰ্তৃপক্ষৰ এক সূত্ৰই প্ৰকাশ কৰে যে, ‘নীৰৱ মোদীক কাৰাৰুদ্ধ কৰাৰ বাবে কাৰাগাৰত যাৱতীয় প্ৰস্ততি সম্পূৰ্ণ কৰি তোলা হৈছে। তেওঁৰ বাবে কাৰাগাৰৰ চেল সাজু হৈছে।

আৰু পঢ়িব পাৰিব : নৃশংস : হত্যাকাৰীয়ে ৰান্ধি খুৱালে ভুক্তভোগীৰ হৃদপিণ্ড

তেওঁ দেশলৈ অনাৰ পাছতে এই চেলত কঠোৰ নিৰাপত্তাৰ মাজত ৰখা হ’ব।’ নীৰৱ মোদীয়ে শেহতীয়াকৈ প্ৰত্যৰ্পনৰ বিৰুদ্ধে তেওঁৰ প্ৰায় দুবছৰীয়া যুঁজত পৰাজিত হৈছে। ৪৯বছৰীয়া ব্যৱসায়ীজনক তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ গভীৰতালৈ চাই জামিনো প্ৰদান কৰা হোৱা নাই। ২০১৯ চনৰ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ সময়ৰে পৰা কাৰাগাৰৰ ভিতৰতে আছে নীৰৱ মোদী। ভাৰতলৈ অনাৰ পাছতে তেওঁ পুনৰ কাৰাগাৰৰে আলহী হ’ব লাগিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ