--°C
Loading...
Listen to Article
2 min read
80%

কাঠমাণ্ডু : চুবুৰীয়া দেশ নেপালত ৰাজনৈতিক অস্থিৰতাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। বৃদ্ধি পাইছে দেশখনৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ বিপদ। নেপালৰ কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী অ’লিক দলটোৰ পৰা বহিষ্কাৰ কৰে। সংসদৰ নিম্ন সদন ভংগ কৰাৰ তেওঁৰ সিদ্ধান্তক লৈ ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে।

আৰু পঢ়িব পাৰিব : ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত ভাৰতীয় সেনাৰ

দলটোৰ বিদ্ৰোহী গোটৰ মুখপাত্ৰ নাৰায়নকাজি শ্ৰেষ্ঠই প্ৰকাশ কৰে যে, নেপালৰ প্ৰধানমন্ত্ৰী অ’লি আৰু এনচিপি দলৰ সদস্য হৈ থকা নাই। ‘আজিৰ কেন্দ্ৰীয় কমিটীৰ বৈঠকত কেপি শৰ্মা অ’লিক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেপাল কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সদস্য হিচাপেও তেওঁ এতিয়া নাই।’ শ্ৰেষ্ঠই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

উপদলীয় নেতা তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল আৰু মাধৱ কুমাৰৰ নেতৃত্বত এটা গোটে অ’লিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। অসাংবিধানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কিয় তেওঁ দলৰ পৰা বহিষ্কাৰ কৰা নহ’ব সেই বিষয়ে তেওঁ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়া হৈছিল। অ’লিয়ে এই পত্ৰৰ কোনো উত্তৰ নিদিয়াত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ