--°C
Loading...
Listen to Article
2 min read
80%

কাঠমাণ্ডু : চুবুৰীয়া দেশ নেপালত ৰাজনৈতিক অস্থিৰতাই অধিক জটিল ৰূপ ধাৰণ কৰিছে। বৃদ্ধি পাইছে দেশখনৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ বিপদ। নেপালৰ কমিউনিষ্ট পাৰ্টীয়ে প্ৰধানমন্ত্ৰী অ’লিক দলটোৰ পৰা বহিষ্কাৰ কৰে। সংসদৰ নিম্ন সদন ভংগ কৰাৰ তেওঁৰ সিদ্ধান্তক লৈ ৰাজনৈতিক অস্থিৰতা চলি থকাৰ মাজতে এই সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে।

আৰু পঢ়িব পাৰিব : ছিকিমৰ নাকু লাত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত ভাৰতীয় সেনাৰ

দলটোৰ বিদ্ৰোহী গোটৰ মুখপাত্ৰ নাৰায়নকাজি শ্ৰেষ্ঠই প্ৰকাশ কৰে যে, নেপালৰ প্ৰধানমন্ত্ৰী অ’লি আৰু এনচিপি দলৰ সদস্য হৈ থকা নাই। ‘আজিৰ কেন্দ্ৰীয় কমিটীৰ বৈঠকত কেপি শৰ্মা অ’লিক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেপাল কমিউনিষ্ট পাৰ্টীৰ সাধাৰণ সদস্য হিচাপেও তেওঁ এতিয়া নাই।’ শ্ৰেষ্ঠই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আৰু পঢ়িব পাৰিব : ৰংজুলিৰ ৰৌমাৰীত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিলে শিল্পী মনোজক…

উপদলীয় নেতা তথা দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল আৰু মাধৱ কুমাৰৰ নেতৃত্বত এটা গোটে অ’লিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। অসাংবিধানিক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে কিয় তেওঁ দলৰ পৰা বহিষ্কাৰ কৰা নহ’ব সেই বিষয়ে তেওঁ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়া হৈছিল। অ’লিয়ে এই পত্ৰৰ কোনো উত্তৰ নিদিয়াত তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু