--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিগনি মাৰিবলৈ বজাৰত বহু ধৰণৰ ঔষধ পোৱা যায় যদিও ইয়াৰ ব্যৱহাৰৰ বাবে নিগনিসমূহ ঘৰতে মৰি যায়। ফলত দুৰ্গন্ধ গোটেই ঘৰখনতে বিয়পি পৰে। যাৰ বাবে বহু লোকে নিগনিৰ উপদ্ৰৱ বৃদ্ধি পালেও সেই ঔষধবোৰ ব্যৱহাৰ নকৰে। একে সময়তে ধৰ্মীয় কাৰণতো বহু লোকে এই ঔষধসমূহ ব্যৱহাৰ নকৰে। এনে পৰিস্থিতিত এই ৫টা ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনিও নিগনি হত্যা নকৰাকৈ ঘৰৰ পৰা চিৰদিনৰ বাবে আঁতৰাই পঠিয়াব পাৰে। সেই ৫টা ঘৰুৱা উপায় কি কি জানো আহক।

 ১. মানুহৰ চুলিৰ পৰা নিগনি আঁতৰি যায়-

যদি আপুনিও নিগনিৰ উপদ্ৰৱত অশান্তি পাইছে, তেন্তে মানুহৰ মূৰৰ চুলি নিগনিৰ ওলোৱা ঠাইত ৰাখক। মানুহৰ চুলি দেখি নিগনি পলাই যায়। ইয়াৰ কাৰণ হ’ল-ভুলবশতঃ এই চুলিবোৰ নিগনীয়ে খালে মৃত্যুপৰ্যন্ত হ’ব পাৰে, গতিকে চুলিৰ পৰা নিগনীয়ে বহু দূৰত অৱস্থান কৰে। যদি আপুনি ঘৰৰ ৪-৫টা মূল স্থানত এনে চুলি ৰাখে, তেন্তে নিগনি আপোনাৰ ঘৰৰ ফালে আহিবলৈ এৰি দিব।

২. পিঁয়াজৰ গোন্ধৰ পৰা দূৰত থাকে নিগনি-

পিঁয়াজ ব্যৱহাৰ কৰিও নিগনিক হত্যা নকৰাকৈ ঘৰৰ পৰা খেদি পঠিয়াব পাৰি। আচলতে পিঁয়াজৰ এটা অদ্ভুত তিতা গোন্ধ থাকে, যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। এই কৌশল ব্যৱহাৰ কৰিবলৈ এটা ডাঙৰ পিঁয়াজ লৈ ৭-৮ টুকুৰা কৰি লওক। ইয়াৰ পাছত সেই টুকুৰাবোৰ ঘৰৰ বিভিন্ন ঠাইত ৰাখক। নিগনীয়ে ইয়াৰ গোন্ধ অনুভৱ কৰাৰ লগে লগে আপোনাৰ ঘৰৰ পৰা আঁতৰলৈ যায়।

৩. ফেনাইল উপযোগী-

 ফেনাইলো নিগনিৰ পৰা মুক্তিৰ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। ইয়াৰ দুৰ্গন্ধত নিগনিবোৰ আঁতৰি যায়। এই ঔষধ ব্যৱহাৰ কৰিবলৈ হ’লে ফেনাইল টেবলেট পাতল কাপোৰত ৰাখিব লাগে আৰু ঘৰৰ সেই অংশত ৰাখিব লাগে য’ত নিগনি বেছিকৈ আহে। এদিন বা দুদিনৰ ভিতৰতে দেখিব যে ঘৰত নিগনি অহা বন্ধ হৈ গৈছে।

৪. তেজপাতৰ পৰা নিগনি নোহোৱা হয়-

সাধাৰণতে আমি পাচলিত ব্যৱহাৰ কৰা তেজপাত আয়ুৰ্বেদিক গুণৰ বাবে বিখ্যাত। ইয়াৰ সুগন্ধি তিতা হয়, ইয়াৰ গোন্ধত নিগনিৰ চকুৰে পানী ওলাবলৈ আৰম্ভ কৰে। ঘৰৰ যিবোৰ অংশত নিগনিয়ে অধিক উপদ্ৰৱ কৰে সেইবোৰ অংশত তেজপাত ৰাখক। ইয়াৰ গোন্ধ পোৱা মাত্ৰকে নিগনিবোৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব।

৫. পদিনা পাত ব্যৱহাৰ-

পেটৰ সমস্যা দূৰ কৰিবলৈ পদিনাক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় বুলি সকলোৱে জানে, কিন্তু পদিনাই যে ঘৰৰ পৰা নিগনি খেদি পঠিয়াবলৈও আচৰিত কাম কৰে সেই কথা কমসংখ্যক লোকেহে জানে। ঘৰৰ পৰা নিগনী খেদিবলৈ পদিনাৰ সেউজীয়া পাত শুকুৱাই লৈ থেতেলিয়াই নিগনি ঘূৰি থকা ঠাইবোৰত ৰাখক। কেইদিনমানৰ পাছত দেখিব নিগনীবোৰ নোহোৱা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু