--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিগনি মাৰিবলৈ বজাৰত বহু ধৰণৰ ঔষধ পোৱা যায় যদিও ইয়াৰ ব্যৱহাৰৰ বাবে নিগনিসমূহ ঘৰতে মৰি যায়। ফলত দুৰ্গন্ধ গোটেই ঘৰখনতে বিয়পি পৰে। যাৰ বাবে বহু লোকে নিগনিৰ উপদ্ৰৱ বৃদ্ধি পালেও সেই ঔষধবোৰ ব্যৱহাৰ নকৰে। একে সময়তে ধৰ্মীয় কাৰণতো বহু লোকে এই ঔষধসমূহ ব্যৱহাৰ নকৰে। এনে পৰিস্থিতিত এই ৫টা ঘৰুৱা উপায় গ্ৰহণ কৰি আপুনিও নিগনি হত্যা নকৰাকৈ ঘৰৰ পৰা চিৰদিনৰ বাবে আঁতৰাই পঠিয়াব পাৰে। সেই ৫টা ঘৰুৱা উপায় কি কি জানো আহক।

 ১. মানুহৰ চুলিৰ পৰা নিগনি আঁতৰি যায়-

যদি আপুনিও নিগনিৰ উপদ্ৰৱত অশান্তি পাইছে, তেন্তে মানুহৰ মূৰৰ চুলি নিগনিৰ ওলোৱা ঠাইত ৰাখক। মানুহৰ চুলি দেখি নিগনি পলাই যায়। ইয়াৰ কাৰণ হ’ল-ভুলবশতঃ এই চুলিবোৰ নিগনীয়ে খালে মৃত্যুপৰ্যন্ত হ’ব পাৰে, গতিকে চুলিৰ পৰা নিগনীয়ে বহু দূৰত অৱস্থান কৰে। যদি আপুনি ঘৰৰ ৪-৫টা মূল স্থানত এনে চুলি ৰাখে, তেন্তে নিগনি আপোনাৰ ঘৰৰ ফালে আহিবলৈ এৰি দিব।

২. পিঁয়াজৰ গোন্ধৰ পৰা দূৰত থাকে নিগনি-

পিঁয়াজ ব্যৱহাৰ কৰিও নিগনিক হত্যা নকৰাকৈ ঘৰৰ পৰা খেদি পঠিয়াব পাৰি। আচলতে পিঁয়াজৰ এটা অদ্ভুত তিতা গোন্ধ থাকে, যিটো নিগনিয়ে একেবাৰেই ভাল নাপায়। এই কৌশল ব্যৱহাৰ কৰিবলৈ এটা ডাঙৰ পিঁয়াজ লৈ ৭-৮ টুকুৰা কৰি লওক। ইয়াৰ পাছত সেই টুকুৰাবোৰ ঘৰৰ বিভিন্ন ঠাইত ৰাখক। নিগনীয়ে ইয়াৰ গোন্ধ অনুভৱ কৰাৰ লগে লগে আপোনাৰ ঘৰৰ পৰা আঁতৰলৈ যায়।

৩. ফেনাইল উপযোগী-

 ফেনাইলো নিগনিৰ পৰা মুক্তিৰ সৰ্বোত্তম উপায় বুলি গণ্য কৰা হয়। ইয়াৰ দুৰ্গন্ধত নিগনিবোৰ আঁতৰি যায়। এই ঔষধ ব্যৱহাৰ কৰিবলৈ হ’লে ফেনাইল টেবলেট পাতল কাপোৰত ৰাখিব লাগে আৰু ঘৰৰ সেই অংশত ৰাখিব লাগে য’ত নিগনি বেছিকৈ আহে। এদিন বা দুদিনৰ ভিতৰতে দেখিব যে ঘৰত নিগনি অহা বন্ধ হৈ গৈছে।

৪. তেজপাতৰ পৰা নিগনি নোহোৱা হয়-

সাধাৰণতে আমি পাচলিত ব্যৱহাৰ কৰা তেজপাত আয়ুৰ্বেদিক গুণৰ বাবে বিখ্যাত। ইয়াৰ সুগন্ধি তিতা হয়, ইয়াৰ গোন্ধত নিগনিৰ চকুৰে পানী ওলাবলৈ আৰম্ভ কৰে। ঘৰৰ যিবোৰ অংশত নিগনিয়ে অধিক উপদ্ৰৱ কৰে সেইবোৰ অংশত তেজপাত ৰাখক। ইয়াৰ গোন্ধ পোৱা মাত্ৰকে নিগনিবোৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব।

৫. পদিনা পাত ব্যৱহাৰ-

পেটৰ সমস্যা দূৰ কৰিবলৈ পদিনাক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় বুলি সকলোৱে জানে, কিন্তু পদিনাই যে ঘৰৰ পৰা নিগনি খেদি পঠিয়াবলৈও আচৰিত কাম কৰে সেই কথা কমসংখ্যক লোকেহে জানে। ঘৰৰ পৰা নিগনী খেদিবলৈ পদিনাৰ সেউজীয়া পাত শুকুৱাই লৈ থেতেলিয়াই নিগনি ঘূৰি থকা ঠাইবোৰত ৰাখক। কেইদিনমানৰ পাছত দেখিব নিগনীবোৰ নোহোৱা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement