--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰত সঠিকভাৱে গঠন আৰু স্থিৰতা বজাই ৰখাৰ বাবে হাড় সুস্থ হৈ থকাটো অতি আৱশ্যকীয় বুলি ধৰা হয়। শৰীৰৰ গঠন বজাই ৰখাৰ উপৰি হাড়ৰ গুৰুত্বপূৰ্ণ অংগসমূহৰ সুৰক্ষা, পেশী সুৰক্ষা আৰু কেলছিয়াম সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। ইয়াত সংঘটিত হোৱা যিকোনো ধৰণৰ সমস্যাই শৰীৰত প্ৰভাৱ পেলাব পাৰে। কিন্তু দেখা গৈছে যে কিছুমান কাৰণত যুৱক-যুৱতীসকলৰ অষ্টিঅ’পৰ’ছিছ আৰু ইয়াৰ লগত জড়িত বহু ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি পাইছে।

 স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে আমাৰ হাড়বোৰ স্বাভাৱিকভাৱে পৰিৱৰ্তিত হৈ থাকে। নতুন হাড় গঠন হয় আৰু পুৰণি হাড় ধ্বংস হয়। কিন্তু নতুন হাড় গঠনৰ বাবে শৰীৰত নিয়মিতভাৱে বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, যিবোৰ খাদ্যৰ মাজেৰে আমি লাভ কৰো।

কিন্তু আমাৰ দুৰ্বল জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে হাড়ৰ ঘনত্ব হ্ৰাস পাব ধৰে। যাৰ ফলত কম বয়সতে বহু লোকৰ ক্ষেত্ৰত অষ্টিঅ’পৰ’ছিছ আৰু আনুষংগিক ৰোগৰ আশংকা বৃদ্ধি পায়।

 খাদ্যত কেলছিয়াম আৰু ভিটামিন-‘ডি’ৰ অভাৱঃ-

কেলছিয়াম হৈছে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অন্যতম গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। হাড়ৰ লগতে দাঁতৰ বাবে এই পুষ্টিকৰ উপাদানবিধৰ দৰকাৰ। কিন্তু খাদ্যত কেলছিয়ামৰ অভাৱ হ’লে হাড়ৰ সমস্যা হোৱাৰ লগতে ভিটামিন-‘ডি’ৰ অভাৱে হাড়ৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে আমি দুগ্ধজাত সামগ্ৰী, সেউজীয়া পাত, শাক-পাচলি সেৱন কৰা প্ৰয়োজন।

 শাৰীৰিক নিষ্ক্ৰিয়তাৰ আশংকা বৃদ্ধি পায়ঃ-

শাৰীৰিক নিষ্ক্ৰিয়তাক সমগ্ৰ শৰীৰৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। গৱেষকসকলে লক্ষ্য কৰিছে যে যিসকল লোক শাৰীৰিকভাৱে নিষ্ক্ৰিয় হৈ থাকে তেওঁলোকৰ অষ্টিঅ’পৰ’ছিছৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা অধিক হ’ব পাৰে। কিন্তু নিয়মিত ব্যায়াম আৰু যোগাসনে স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।

 হাড়ৰ বাবে ওজন বৃদ্ধি বেয়াঃ-

বিশ্বজুৰি বাতবিষৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সমস্যাৰ বাবে ওজন বৃদ্ধি এটা প্ৰধান কাৰক হিচাপে জনা যায়। অতিৰিক্ত ওজনৰ বাবে আঁঠুৰ ওপৰত অতিৰিক্ত চাপ পৰে, যাৰ ফলত হাড়ৰ ৰোগ বিশেষকৈ বাতবিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। মেদবহুলতাৰ ফলত হাড়ৰ কোমল কলাৰ ক্ষতি হ’ব পাৰে আৰু অষ্টিঅ’আৰ্থাইটিছ হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে, ওজন বৃদ্ধিৰ বাবে পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বাতবিষৰ সমস্যা বেছিকৈ হোৱা দেখা যায়।

 ধঁপাত আৰু মদ্যপান কৰাঃ-

গৱেষণাৰ পৰা দেখা গৈছে যে ধঁপাত আৰু মদ সেৱনৰ অভ্যাসে হাড় দুৰ্বল কৰি তোলে। ধঁপাত সেৱনে হাড়ৰ কলাৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰি গৱেষকসকলে মদ্যপানৰ ফলত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা বৃদ্ধি পায় বুলি গৱেষকসকলে প্ৰকাশ কৰিছে। হাড়ৰ ৰোগৰ লগতে ধঁপাত আৰু মদ্যপানৰ বাবে হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰো আশংকা বাঢ়ে। সেয়েহে এনেধৰণৰ অভ্যাসবোৰ তৎক্ষণাত পৰিত্ৰাণ কৰা উচিত।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ