--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিয়াৰ দিনটোত প্ৰত্যেকগৰাকী লোকেই নিজক সুন্দৰভাৱে সজাব বিচাৰে৷ সুন্দৰ সাজ-সজ্জা, প্ৰসাধন সামগ্ৰীয়ে কেৱল বাহ্যিক সৌন্দৰ্যকহে প্ৰতিফলিত কৰে৷ এজন যুৱক বা এগৰাকী যুৱতীক সম্পূৰ্ণৰূপে সুন্দৰ তেতিয়াহে দেখা যায়, যেতিয়া তেওঁলোক আভ্যন্তৰীণ দিশটোৰ পৰাও সুস্থ আৰু সৱল হৈ উঠে৷ বিয়াত সুন্দৰ দেখিবলৈ হ’লে আপুনি গুৰুত্ব দিব লাগিব খাদ্য খোৱাৰ ওপৰতো৷ ছালৰ উজ্জ্বলতা বৃদ্ধি তথা সুস্থ শৰীৰৰ বাবে আপুনি এই পাঁচবিধ খাদ্যৰ ওপৰত দিব লাগিব বিশেষ গুৰুত্ব৷ ফল-মূল: সু-স্বাস্থ্যৰ বাবে দৈনিক সতেজ ফলমূল খোৱাৰ অভ্যাস গঢ়ি তোলক৷ সতেজ ফলত ভিটামিন আৰু খনিজ থাকে। আপোনাৰ আহাৰৰ তালিকাত পুৱা ফলমূল অন্তৰ্ভুক্ত কৰিলে ছাল উজ্জ্বল দেখাত সহায়ক হয়৷ অমিতাৰ দৰে ফলবোৰে স্বাস্থ্যৰ ওজন হ্ৰাস কৰাত সহায় কৰে, যিয়ে আপোনাক বিয়াৰ দিনটোত শ্লিম চেহেৰাৰ গৰাকী কৰি তুলিব৷ চিয়া ছীডছ: চিয়া ছীডছ ছালৰ স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। ছালৰ উজ্জ্বল কৰি তোলাৰ বাবে প্ৰয়োজনীয় পুষ্টি যেনে অমেগা-3 ফেটি এচিড যি কোষবোৰক পুষ্টি প্ৰদান কৰে। এই পুষ্টিবোৰে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিয়াত আৰু চাপ হৰমন হ্ৰাস কৰাত সহায় কৰে। ড্ৰাই ফ্ৰুটছ : শুকান ফল অন্তৰ্ভুক্ত কৰাটো হৈছে আপোনাৰ আহাৰ উন্নত কৰাৰ আটাইতকৈ আহ্বায়ক উপায়। কাঠ বাদাম খালে ভিটামিন এ, ভিটামিন ই, জিংক আৰু মেগনেছিয়ামৰ দৰে অত্যাৱশ্যকীয় নিউট্ৰিয়েণ্ট প্ৰদান কৰিব যি আপোনাৰ ছাল কোমল আৰু সুন্দৰ কৰে। কাঠবাদাম, আখৰোট, আৰু পিস্তা বাদামে স্বাস্থ্যৱান দেখা ছালৰ বাবে পুষ্টি যোগায়। কণী: কণী প্ৰ’টিন আৰু এমিনো এচিডেৰে ভৰপূৰ যি নতুন ছালৰ কোষ সৃষ্টি কৰাত সহায় কৰে। আপোনাৰ আহাৰত প্ৰতিদিনে ২টা কণী অন্তৰ্ভুক্ত কৰিলে আপোনাৰ ছাল হাইড্ৰেট হোৱাৰ লগতে ইয়াক কোমল কৰি তুলিব। এণ্টি অক্সিডেণ্টবোৰে ইউভ ৰেছ, ছালৰ ব্ৰাউন স্পটৰ বিৰুদ্ধে শৰীৰক সুৰক্ষা দিয়াত সহায় কৰে। পানী : পানী দৈনিক ৪-৫ লিটাৰ খোৱাতো বিশেষভাৱে জৰুৰী এজন লোক স্বাস্থ্যবান হৈ থাকিবলৈ৷ চুলি, ছালৰ পৰা আৰম্ভ কৰি নখলৈকে সকলো প্ৰয়োজন পানীৰ৷ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো বিশেষ ভূমিকা লয় পানীয়ে৷ অৱশ্যে কুহুমীয়া পানীত নেমু বা মৌ লৈয়ো খালে শৰীৰত থকা মেদবহুলতা হ্ৰাস পোৱাৰ লগতে চৰ্বী কম হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ