--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ 'পতা হে তুঝে, ভিণ্ডী বাৰহ ৰুপয়ে কিলো হো গয়ী হ্যে'- বলীউডৰ ছুপাৰহিট ছবি 'থ্ৰী ইডিয়টছ'ৰ সেই ব্লেক এণ্ড হোৱাইট দৃশ্যটো সকলোৰে মানসপটত জিলিকি আছে। কিন্তু সেই ভেন্দি ১২ টকাতে ক্ষান্ত থকা নাই, ৮০০ টকা প্ৰতি কেজি চুইছেগৈ ভেন্দিৰ দামে। অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে খাতি খোৱা সৰ্বসাধাৰণক ভাৰাক্ৰান্ত কৰি আহিছে।

এইবাৰ বজাৰলৈ আহিছে ৮০০ টকীয়া ভেন্দি! মধ্য প্ৰদেশৰ ভূপাল জিলাৰ এজন খেতিয়কে উৎপাদন কৰিছে ৮০০ টকীয়া এই বিশেষ ৰঙা ভেন্দি। মিশ্ৰিলাল ৰাজপুত নামৰ খেতিয়কজনে জনোৱা মতে তেওঁ বাৰাণসীৰ এক কৃষি গৱেষণা কেন্দ্ৰৰপৰা ১কিলোগ্ৰাম বীজ আনি সিঁচিছিল। জুলাই মাহৰ প্ৰথম সপ্তাহত সিঁচা বীজখিনি প্ৰায় ৪০ দিনৰ ভিতৰত বাঢ়িবলৈ আৰম্ভ কৰে। আৰু ইয়াত তেওঁ কোনোধৰণৰ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে। ৰাজপুতে এই ৰঙা ভেন্দিৰ উপকাৰিতাৰ বিষয়েও জনায়।

তেওঁ কয় যে, ভেন্দিৰ এই প্ৰজাতিটো সাধাৰণ সেউজীয়া ভেন্দিতকৈ বহুগুণে উপকাৰী তথা পুষ্টিকৰ। হৃদৰোগ, ৰক্তচাপ, মধুমেহ, কলেষ্টেৰল আদিৰ সমস্যাত ভুগা মানুহৰ বাবে ই বাৰুকৈয়ে উপকাৰী বুলিও তেওঁ জনায়। প্ৰতি একৰ ভূমিত ৪০-৫০ কুইণ্টলৰ পৰা ৭০-৮০ কুইণ্টললৈকে এই ৰঙা ভেন্দি উৎপাদিত হ'ব পাৰে বুলি খেতিয়কজনে প্ৰকাশ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক