--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেছাদাৰিত্ব, ফুটবলৰ প্ৰতি প্ৰেম, ১১০ নং দলৰ বিৰুদ্ধে নিজকে প্ৰমাণ কৰাৰ হেঁপাহ, ইত্যাদি নানা কাৰকে সকলোতকৈ পৃথক কৰি তোলে তাৰকা ফুটবলাৰ লিঅ’নেল মেছীক। নহলে তেওঁ ইষ্টনিয়াৰ দৰে ১১০ নং দলৰ বিৰুদ্ধে খেলে জানো! বাকী জ্যেষ্ঠ খেলুৱৈসকলে জিৰণি লৈ থকাৰ সময়তে মেছীয়ে পূৰ্বৰ এড্ৰিনেলিন বাদ দি খেলপথাৰলৈ ওভতেইয়াৰ লগে লগে আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে গঢ়ি তুলিছে নতুন নজিৰ।

ইউৰোপীয় কাপ বা ইউএফএ চেম্পিয়নছ লীগত গল দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত ৫টাকৈল দিয়া প্ৰথমজন ফুটবলাৰৰ কৃতিত্ব অৰ্জন কৰিছে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছীয়ে। তদুপৰি দেশৰ জাৰ্ছীত এখন মেচত ৫টা গল দি ইতিহাস ৰচনা কৰা প্ৰথমজন আৰ্জেণ্টিনাৰ খেলুৱৈ মেছী

 

দেওবাৰে স্পেইনৰ আল ছাড্ৰ ষ্টেডিয়ামত ইষ্টনিয়াৰ বিৰুদ্ধে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচখনত আৰ্জেণ্টিনাৰ হৈ মেছীয়ে ৫টা গল দিয়ে। প্ৰীতি মেচখনত ৫-০ গৰ ব্যৱধানত জয়লাভ কৰে আৰ্জেণ্টিনাই। ইয়াৰ লগে লগে আৰ্জেণ্টিনা একেৰাহে ৩৩ খন মেচত অপৰাজিত হৈ থকাৰো অভিলেখ গঢ়‌িবলৈ সক্ষম হয়।

আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিঅ’নেল স্কোনীয়ে কয় যে, মেছীৰ বিষয়ে মই প্ৰকৃততে কি কম নাজানো। তেওঁক বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ। তেওঁ যি অভিলেখেই নগঢ়ে কিয়, সেয়া অনন্য। আৰু তেওঁক এই দলত পাই আনন্দিত হৈছো। মই মাত্ৰ তেওঁক ধন্যবাদ জনাম। তেওঁক দেখি মই বৰ উৎসাহিত হৈছো।’

 

উল্লেখ্য যে, এই মেচখনৰ পিছতে মেছিয়ে ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেৰ পিছতে ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গলদাতা হিচাপে পৰিগণিত হয়। ক্লা আৰু দেশৰ হৈ এতিয়াপৰ্যন্ত মেছীয়ে ৬৯টা গল দিছে। আনহাতে, ৰোনাল্ডোৰ মুঠ গলৰ সংখ্যা ১৩ টা। পেলেই তেওঁৰ বৰ্ণাধ্য ফুটবল কেৰিয়াৰত ৭৬৭টা গল দিছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ