--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেছাদাৰিত্ব, ফুটবলৰ প্ৰতি প্ৰেম, ১১০ নং দলৰ বিৰুদ্ধে নিজকে প্ৰমাণ কৰাৰ হেঁপাহ, ইত্যাদি নানা কাৰকে সকলোতকৈ পৃথক কৰি তোলে তাৰকা ফুটবলাৰ লিঅ’নেল মেছীক। নহ’লে তেওঁ ইষ্ট’নিয়াৰ দৰে ১১০ নং দলৰ বিৰুদ্ধে খেলে জানো! বাকী জ্যেষ্ঠ খেলুৱৈসকলে জিৰণি লৈ থকাৰ সময়তে মেছীয়ে পূৰ্বৰ এড্ৰিনেলিন বাদ দি খেলপথাৰলৈ ওভতে। ইয়াৰ লগে লগে আৰ্জেণ্টিনাৰ তাৰকাগৰাকীয়ে গঢ়ি তুলিছে নতুন নজিৰ।

ইউৰোপীয় কাপ বা ইউএফএ চেম্পিয়নছ লীগত গ’ল দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচত ৫টাকৈ গ’ল দিয়া প্ৰথমজন ফুটবলাৰৰ কৃতিত্ব অৰ্জন কৰিছে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ’নেল মেছীয়ে। তদুপৰি দেশৰ জাৰ্ছীত এখন মেচত ৫টা গ’ল দি ইতিহাস ৰচনা কৰা প্ৰথমজন আৰ্জেণ্টিনাৰ খেলুৱৈ মেছী।

 

দেওবাৰে স্পেইনৰ আল ছাড্ৰ ষ্টেডিয়ামত ইষ্ট’নিয়াৰ বিৰুদ্ধে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচখনত আৰ্জেণ্টিনাৰ হৈ মেছীয়ে ৫টা গ’ল দিয়ে। প্ৰীতি মেচখনত ৫-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে আৰ্জেণ্টিনাই। ইয়াৰ লগে লগে আৰ্জেণ্টিনা একেৰাহে ৩৩ খন মেচত অপৰাজিত হৈ থকাৰো অভিলেখ গঢ়‌িবলৈ সক্ষম হয়।

আৰ্জেণ্টিনাৰ মুখ্য প্ৰশিক্ষক লিঅ’নেল স্কোল’নীয়ে কয় যে, ‘মেছীৰ বিষয়ে মই প্ৰকৃততে কি ক’ম নাজানো। তেওঁক বৰ্ণনা কৰিবলৈ শব্দৰ অভাৱ। তেওঁ যি অভিলেখেই নগঢ়ে কিয়, সেয়া অনন্য। আৰু তেওঁক এই দলত পাই আনন্দিত হৈছো। মই মাত্ৰ তেওঁক ধন্যবাদ জনাম। তেওঁক দেখি মই বৰ উৎসাহিত হৈছো।’

 

উল্লেখ্য যে, এই মেচখনৰ পিছতে মেছিয়ে ব্ৰাজিলৰ কিংবদন্তি ফুটবলাৰ পেলেৰ পিছতে ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা হিচাপে পৰিগণিত হয়। ক্লাৱ আৰু দেশৰ হৈ এতিয়াপৰ্যন্ত মেছীয়ে ৭৬৯টা গ’ল দিছে। আনহাতে, ৰোনাল্ডোৰ মুঠ গ’লৰ সংখ্যা ৮১৩ টা। পেলেই তেওঁৰ বৰ্ণাধ্য ফুটবল কেৰিয়াৰত ৭৬৭টা গ’ল দিছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু