--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ভেকচিন ল’বলৈ গৈ এগৰাকী সাংসদো প্ৰতাৰিত হোৱাক লৈ এতিয়া পশ্চিমবংগত সৃষ্টি হৈছিল চাঞ্চল্যৰ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সম্প্ৰতি দেশত চলি আছে ব্যাপক ভেকচিন প্ৰদান অভিযান। কিন্তু জীৱনদায়িনী ভেকচিন প্ৰদানৰ নামতো একাংশ অসাধু ব্যৱসায়ীয়ে পেলাইছে প্ৰতাৰণাৰ জাল।


তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে নকল ভেকচিন লৈ চূড়ান্তভাৱে প্ৰতাৰিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। দৰাচলতে নিজকে IAS বিষয়া বুলি পৰিচয় দিয়া শ্যাম দেৱৰঞ্জন নামৰ এজন প্ৰৱঞ্চকে কলকাতাত অনুষ্ঠিত কৰিছিল এটা ভেকচিন প্ৰদান শিবিৰ। প্ৰৱঞ্চকজনে শিবিৰটোত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল সাংসদ মিমি চক্ৰৱৰ্তীক। জনতাৰ মাজত ভেকচিন গ্ৰহণৰ সজাগতা আনিবলৈ তৃণমূলৰ মোহময়ী সাংসদগৰাকীয়ে নিজেও শিবিৰটোতে ক’ভিশ্বিল্ডৰ ভেকচিন লৈছিল। মুঠ ২৫০গৰাকী লোকক শিবিৰটোত ভেকচিন প্ৰদান কৰা হৈছিল।


কিন্তু ভেকচিন লোৱাৰ পাছতো সাংসদগৰাকীয়ে COWIN এপৰ পৰা কোনো বাৰ্তা নাপাই আৰক্ষীক অভিযোগ কৰিলে। আৰক্ষীয়ে তদন্ত কৰি দক্ষিণ কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিলে প্ৰতাৰক শ্যাম দেৱৰঞ্জনক। প্ৰতাৰক দেৱৰঞ্জনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে শিবিৰটোত প্ৰদান কৰা হৈছিল নকল ভেকচিন। অন্যান্য ঠাইতো প্ৰতাৰকটোৱে এনে শিবিৰ অনুষ্ঠিত কৰিছিল নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমান সাংসদগৰাকী সুস্থ বুলিয়ে জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ