--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : ভেকচিন ল’বলৈ গৈ এগৰাকী সাংসদো প্ৰতাৰিত হোৱাক লৈ এতিয়া পশ্চিমবংগত সৃষ্টি হৈছিল চাঞ্চল্যৰ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সম্প্ৰতি দেশত চলি আছে ব্যাপক ভেকচিন প্ৰদান অভিযান। কিন্তু জীৱনদায়িনী ভেকচিন প্ৰদানৰ নামতো একাংশ অসাধু ব্যৱসায়ীয়ে পেলাইছে প্ৰতাৰণাৰ জাল।


তৃণমূল কংগ্ৰেছৰ সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে নকল ভেকচিন লৈ চূড়ান্তভাৱে প্ৰতাৰিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। দৰাচলতে নিজকে IAS বিষয়া বুলি পৰিচয় দিয়া শ্যাম দেৱৰঞ্জন নামৰ এজন প্ৰৱঞ্চকে কলকাতাত অনুষ্ঠিত কৰিছিল এটা ভেকচিন প্ৰদান শিবিৰ। প্ৰৱঞ্চকজনে শিবিৰটোত মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল সাংসদ মিমি চক্ৰৱৰ্তীক। জনতাৰ মাজত ভেকচিন গ্ৰহণৰ সজাগতা আনিবলৈ তৃণমূলৰ মোহময়ী সাংসদগৰাকীয়ে নিজেও শিবিৰটোতে ক’ভিশ্বিল্ডৰ ভেকচিন লৈছিল। মুঠ ২৫০গৰাকী লোকক শিবিৰটোত ভেকচিন প্ৰদান কৰা হৈছিল।


কিন্তু ভেকচিন লোৱাৰ পাছতো সাংসদগৰাকীয়ে COWIN এপৰ পৰা কোনো বাৰ্তা নাপাই আৰক্ষীক অভিযোগ কৰিলে। আৰক্ষীয়ে তদন্ত কৰি দক্ষিণ কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিলে প্ৰতাৰক শ্যাম দেৱৰঞ্জনক। প্ৰতাৰক দেৱৰঞ্জনে আৰক্ষীৰ আগত স্বীকাৰ কৰে যে শিবিৰটোত প্ৰদান কৰা হৈছিল নকল ভেকচিন। অন্যান্য ঠাইতো প্ৰতাৰকটোৱে এনে শিবিৰ অনুষ্ঠিত কৰিছিল নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমান সাংসদগৰাকী সুস্থ বুলিয়ে জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু