--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : মানুহৰ নৃশংসতাৰ নিত্য-নতুন কাহিনী সৃষ্টি কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। নিজৰ ইচ্ছাৰ অনুকূলে কথাবোৰ নহ’লেই হিংস্ৰ ৰূপ ধাৰণ কৰে এনে লোকে। এনে এক ঘটনাই সংঘটিত হৈছে দিল্লীত। এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে এজন যুৱকে। ১৬ বছৰীয়া কিশোৰীগৰাকীক যুৱকজনে কেইবামাহো ধৰি নানা ধৰণে হাৰাশাস্তি কৰি আহিছিল।

আৰক্ষীয়ে এই জঘন্য ঘটনা সংঘটিত কৰা ২১ বছৰীয়া প্ৰবীণ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। দিল্লীত এই ঘটনা সংঘটিত কৰি যুৱকজনে হাৰিয়ানাৰ পালৱালত থকা তেওঁৰ ভগ্নীৰ ঘৰলৈ পলাই গৈছিল। দিল্লীৰ মোটিবাগ এলেকাৰ শান্তিটাউনৰ নিবাসী নিবনুৱা যুৱক প্ৰবীনে কেইবামাহো ধৰি কিশোৰীগৰাকীৰ বিভিন্ন ধৰণে ব্যতিব্যস্ত কৰি আহিছিল। কিশোৰীগৰাকীয়ে তেওঁৰ পিতৃক এই বিষয়ে অৱগত কৰাৰ পাছত কিশোৰীগৰাকীৰ পিতৃয়ে প্ৰবীণক মাৰধৰ কৰে। তাৰেই প্ৰতিশোধ ল’লেই যুৱকজনে এই দু্ষ্কাৰ্য সংঘটিত কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। সোমবাৰে আৰ কে পুৰমৰ পৰা এখন কুঠাৰ কিনি আনি যুৱকজনে কিশোৰীগৰাকীৰ মুখমণ্ডলত ঘপিয়াই গুৰুতৰভাৱে আহত কৰে। তেওঁ ততালিকৈ ছফদৰগঞ্জ হাস্পতাললৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ