--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা সন্দৰ্ভত বিতৰ্কিত মন্তব্য বিজেপি সাংসদৰ। বিজেপি সাংসদ সুধীৰ গুপ্তাই শেহতীয়াকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈছে বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানক। দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে মূলতঃ আমিৰ খানৰ দৰে তাৰকাক দোষাৰোপ কৰিছে সাংসদগৰাকীয়ে। কথাৰ প্ৰসংগত তেওঁ কয়, ‘আমিৰ খানৰ প্ৰথমা পত্নীৰ ২টা সন্তান, দ্বিতীয় পত্নীৰ ১টা সন্তান। সেইবিষয়ে মই তিলমানো চিন্তিত নহয়। কিন্তু তেওঁ পুনৰ তৃতীয় পত্নীৰ সন্ধান আৰম্ভ কৰিছে। এনে কাৰ্যই বিশ্বৰ দৃষ্টিত ভাৰতৰ ভাবমূৰ্তি ম্লান নকৰিবনে? এয়া অত্যন্ত দুৰ্ভাগ্যজনক যে, আমিৰ খানৰ দৰে ব্যক্তি দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে দায়ী।’


উল্লেখ্য যে, ‘বিশ্ব জনসংখ্যা দিৱস’ৰ দিনা নতুন জনসংখ্যা নীতিৰ খচৰা প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে। উক্ত সভাত আমিৰ খানৰ প্ৰসংগ উত্থাপন কৰে সাংসদ সুধীৰ গুপ্তাই। দেশৰ বৰ্ধিত জনসংখ্যাই উদ্বিগ্ন কৰি তুলিছে সাংসদগৰাকীক। সংবাদমেলৰ জৰিয়তে তেওঁ সদৰী কৰিছে যে, ‘এদিন হ’লেও জনসংখ্যা নিয়ন্ত্ৰণৰ কথা ভাবিবই লাগিব। সেই সময় সমাগত। ভাৰতবৰ্ষত বসতিস্থলৰ পৰিমাণ বৃদ্ধি হোৱা নাই অথচ জনসংখ্যা প্ৰায় ১৪০ কোটি। এইটো কোনোপধ্যে আনন্দৰ বিষয় হ’ব নোৱাৰে। বৰঞ্চ সকলোৱে ভাবিব লাগিব।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ