--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত কেই বছৰমান পূৰ্বে কৰ'না মহামাৰীয়ে সমগ্ৰ বিশ্বতে সন্ত্রাস চলোৱাৰ পাছত এইবাৰ আকৌ আন এটা খবৰে বিশ্ববাসীক আতংকিত কৰি তুলিছে। চীনৰ গৱেষকসকলে এটা নতুন প্ৰজাতিৰ কৰ'না ভাইৰাছ শেহতীয়াকৈ ধৰা পেলাইছে। এইচ কে ইউ৫- ক'ভ-২ নামৰ এই নতুন প্ৰজাতিৰ কৰ'না ভাইৰাছটো সহজতে মানুহলৈ সংক্রমিত হ'ব বুলি চীনৰ গৱেষকসকলে দাবী কৰিছে। 

চীনৰ অগ্রণী ভাইৰ'লজিষ্ট শ্বী ঝেংলীয়ে সম্পাদন কৰা গৱেষণাৰ অধ্যয়নত এই নতুন ভাইৰাছবিধৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু চেল ছাইন্টিফিক জার্নেলত এই তথ্য প্ৰকাশিত হৈছে। 'বেটৱমেন' হিচাপে খ্যাত এই মহিলা গৱেষকগৰাকীয়ে গুৱাংঝ' পৰীক্ষাগাৰত 'বেট কৰ'না ভাইৰাছ'ৰ বিষয়ত চলোৱা ব্যাপক গৱেষণাৰ অন্তত এই তথ্য ধৰা পৰিছে। 

এই নতুন ভাইৰাছ এইচ কে ইউ৫-ক'ভ-২টো চীনৰ বাদুলীসমূহত আৱিষ্কাৰ কৰা হৈছে। এই ভাইৰাছটো মানৱ শৰীৰলৈ সংক্রমণ হোৱাৰ অধিক সম্ভাৱনা থকা সত্বেও গৱেষকসকলে কৈছে যে জন্তুৰ পৰা মানৱ শৰীৰলৈ সংক্রমণ হোৱাৰ ক্ষেত্ৰত নতুন ভাইৰাছটোৰ বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে।


উৎসঃ দৈনিক জনমভূমি 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ