--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিলেট হৈছে এবিধ পুষ্টিকৰ খাদ্য। ই আকাৰত সৰু কিন্তু নানা গুণেৰে ভৰপূৰ। মিলেটৰ খেতি প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকা দেশসমূহত কৰা হয়। সমগ্ৰ বিশ্বৰ ভিতৰত মিলেট উৎপাদন ভাৰততেই সৰ্বাধিক হয়।

মিলেট সমূহক দুটা ভাগত ভাগ কৰা হৈছে। ইয়াৰে তিনিবিধ হৈছে মুখ্য মিলেট বা প্ৰধান মিলেট-

জোৱাৰ
বাজৰা
ৰাগী আৰু

পাচবিধ মিলেট হৈছে গৌণ মিলেট-

ফক্সটেইল মিলেট
প্ৰ’চ মিলেট
ব্ৰেনয়াৰ্ড মিলেট
লিটল মিলেট
কডু মিলেট

মিলেটৰ প্ৰায় ৬৫-৭৫ শতাংশ শৰ্কৰা, ৭-১২ শতাংশ প্ৰটিন, ২-৫ শতাংশ চৰ্বি আৰু ১৫-২০ শতাংশ আঁহ থাকে। মিলেট সমূহ সাধৰণতে B ভিটামিনৰ উৎকৃষ্ট  উৎস B ভিটামিন থায়মিন, ৰাইব’ফ্লেবিন, ফছফৰাছ, আইৰণ আৰু মেগমেছিয়ামৰো ভাল উৎস। 

মিলেটৰ নানা গুণ

১) কেলছিয়াম আৰু ফছফৰাছে হাড়ৰ স্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে মেগনেছিয়াম সমৃদ্ধ উৎস হোৱাৰ বাবে মিলেটে ৰক্তচাপ আৰু হাৰ্ট ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। 

২) মেগনেছিয়ামে শৰীৰত ইনছুলিন আৰু গ্লু’কজ ৰিচেপ্তেৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি মধূমেহ বা ডায়েবেটিছ প্ৰতিৰোধ কৰাটো সহায় কৰে ।

৩) মিলেটত থকা আঁহৰ পৰিমাণ বেছি হোৱাৰ বাবে মিলেট অন্য খাদ্য যেনে ভাত ৰুটি আদিৰ তুলনাত লাহে লাহে হজম হয় আৰু লেহেমীয়া হাৰত তেজত গ্লু’কজ নিৰ্গত কৰে। এই মিলেটসমূহে ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে আৰু ট্ৰাই গ্লিচাৰাইডৰ মাত্ৰা কমায়। 

৪) ই কলেষ্টৰেল হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰাটো সহায় কৰে আৰু কোষ্ঠ্যকাঠিন্য, অতিৰিক্ত গেছ, পেটফুলা, পেট কামোৰা আদি অসূবিধাসমূহ দূৰ কৰাত সহায় কৰে।

৫) মিলেট এণ্টি অক্সিডেণ্টৰ এবিধ উৎকৃষ্ট প্ৰাকৃতিক উৎস। মিলেটত প্ৰচুৰ পৰিমাণে ফিনলিক উপাদান বিশেষকৈ ফেৰুলিক এচিড কেটেচিনচ আদি থাকে আৰু এই সমূহে মুক্ত মৌল নিষ্ক্ৰিয় কৰাত সহায় কৰে, যি সমূহে কৰ্কট ৰোগ সৃষ্টি কৰাত বাধা দিয়ে।

৬) মিলেটে বৃক্ক আৰু যকৃতৰ বিষাক্ত পদাৰ্থসমূহ শৰীৰৰ পৰা নিষ্কাষিত কৰাত সহায় কৰে, কোৱেৰচেচিন (Quercetin) ক্ৰিউকাৰমিন (Cucurmin) আৰু অন্যান্য পলিফিনলসমূহ ইয়াৰ অন্যতম। 

মিলেটৰ পৰা উপৰোক্ত উপকাৰিতা বা গুণাগুণখিনি পাবলৈ হলে আমি মিলেটক আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰিব লাগিব। আমাৰ দৈনন্দিন আহাৰ খিচিৰি, পায়স, ৰুটি আদিত মিলেটৰ সংমিশ্ৰণ ঘটাই আমি মিলেট গ্ৰহণ কৰিব পাৰো। মিলেটৰ গুৰিৰ পৰা সুন্দৰ লাৰু তৈয়াৰ কৰিব পাৰি। আমাৰ পৰম্পৰাগত বিভিন্ন পিঠাতো মিলেটৰ গুৰি দি তৈয়াৰ কৰিব পাৰো।


মিলেটৰ পৰা আমি মূড়ি আৰু আখৈ ফুটাব পাৰো। ইয়াৰ উপৰিও মিলেটৰ পৰা আমি বিস্কুট, বান, কেক, পিজ্জা আদিও তৈয়াৰ কৰিব পাৰো। গতিকে আহক ইমানবোৰ পুষ্টিগুণেৰে সমৃদ্ধ মিলেটক আমাৰ দৈনন্দিন আহাৰত অন্তৰ্ভূক্ত কৰি নিজকে সুস্বাস্থ্যৱান কৰি ৰাখোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ