--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া। ৰাজ্যৰ ৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ মুঠ ১০,৫৯২টা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। ৪২,৩৬৮গৰাকী নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে ভোটকেন্দ্ৰসমূহত। ৩১০টা কোম্পানী আৰক্ষী আৰু পেৰামিলিটাৰী ফ’ৰ্চ নিয়োগ কৰা হৈছে৷ ১২জনকৈ শীৰ্ষ আৰক্ষীৰ নিৰীক্ষণত থাকিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো।

আৰু পঢ়িব পাৰিব : ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কংগ্ৰেছী নেতাৰ মৃত্যু

৫০ শতাংশ ভোটকেন্দ্ৰত থাকিব চিচিটিভিৰ ব্যৱস্থা। সেই চিচিটিভিসমূহ LIVE STREAMINGৰ জৰিয়তে নিৰীক্ষণ কৰিব নিৰ্বাচনী আয়োগে। প্ৰতিটো ভোটকেন্দ্ৰত এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱান থাকিব। ইয়াৰ উপৰি SST, FST Sector officer, Zonal officer থাকিব৷ সমান্তৰালভাৱে বিশেষ পেট্ৰ’লিঙৰ ব্যৱস্থা থাকিব প্ৰতিটো ভোটকেন্দ্ৰত।

আৰু পঢ়িব পাৰিব : “বিগত ৫বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই” : অমিত শ্বাহ

৮০৭জন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নিৰীক্ষণত থাকিব ভোটকেন্দ্ৰসমূহ৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পৰা এতিয়ালৈ ২৪.৫০ কোটি নগদ ধন উদ্ধাৰ হৈছে৷ জব্দ হৈছে ৫০টা পিষ্টল, ৮৭৭জাই গুলী, ১২টা মেগজিন, বিস্ফোৰক সামগ্ৰী ১কিঃগ্ৰাঃ, এটা গ্ৰেনেড, ডিটেনেটৰ- ১টা, বোমা – ২টা জব্দ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি