--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত ক’ভিড-১৯ৰ সংক্ৰমণ অধিক হ্ৰাস হৈছে। বিগত ২৪ঘণ্টাত দেশত ৩৭,১৫৪ জন ক’ভিড আক্ৰান্ত নতুনকৈ চিনাক্ত হৈছে। মৃত্যু হৈছে ৭২৪জন আক্ৰান্তৰ। দেশত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাইছে ৩,০৮,৭৪,৩৭৫ লৈ। এতিয়ালৈ ৩ কোটিৰো অধিক আক্ৰান্ত আৰোগ্য হৈ উঠিছে। দেশত এতিয়া দৈনিক সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে ২.৫৯শতাংশলৈ।

বিগত ২১ দিনে দেশত সংক্ৰমিতৰ হাৰ ৩ শতাংশৰ তলতে থকাটো আশাপ্ৰদ চিহ্নিত হৈছে। ইফালে, কিছু লেহেমীয়াকৈ চলি আছে টিকাকৰণ অভিযান। দেশত এতিয়ালৈকে ৩৭.৭৩ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে। এই বছৰৰ শেষলৈ ১০৮কোটি লোকক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে যদিও দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিষেধকৰ নাটনিৰ বাবে টিকাকৰণ কেন্দ্ৰ বন্ধ হৈ পৰিছে।

আনহাতে, বিশ্বৰ আন আন ঠাইত ক’ভিডৰ ডেল্টা সংক্ৰমণ বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে। সোমবাৰৰ দিনটোত অষ্ট্ৰেলিয়াত দেশখনত সৰ্বাধিকসংখ্যক ক’ভিড সংক্ৰমণ হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ছীডনীৰ দৰে মহানগৰ কঠোৰ লকডাউনৰ মাজত থকাৰ পাছতো তাত ক’ভিডৰ ডেল্টা প্ৰকাৰৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰা বুলি জানিব পৰা গৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ