--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : ৰাজস্থানত বজ্ৰপাতত দেওবাৰৰ দিনটোত প্ৰায় কুৰিজন লোকে প্ৰাণ হেৰুওৱাৰ পাছত উত্তৰ প্ৰদেশতো কমেও ৪০জন লোকে প্ৰাণ হেৰুওৱা বুলি জানিব পৰা গৈছে। দুয়োখন ৰাজ্যতে দেওবাৰৰ দিনটোত ব্যাপক বৃষ্টিপাত হোৱাৰ লগতে ভালেমান ঠাইত বজ্ৰপাতৰ ঘটনা সংঘটিত হয়। কেৱল প্ৰয়াগৰাজ জিলাতে ১৪জনকৈ লোকৰ বজ্ৰপাতত মৃত্যু ঘটিছে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতসকলৰ পৰিয়ালৰ লোকলৈ ৫লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। তদুপৰি যিবোৰ লোকে বৰষুণৰ সৈতে জড়িত দুৰ্ঘটনাত তেওঁলোকৰ পশুধন হেৰুৱাবলগীয়া হৈছে তেনে পৰিয়াললৈও আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ গ্ৰামাঞ্চলতে সৰ্বাধিক সংখ্যাক লোকে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

প্ৰয়াগৰাজত ১৪জনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে কানপুৰ আৰু ফাটেহপুৰ জিলাত ৫জনলৈ লোকে বজ্ৰৰ আঘাতত প্ৰাণ হেৰুৱাইছে। কৌশাম্বীত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ফিৰোজাবাদ, উন্নাও আৰু ৰায় বেৰেলীত দুজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। হাৰদৈ আৰু ঝাচীত এজনকৈ লোকৰ বজ্ৰপাতৰ ফলত মৃত্যু ঘটিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ