--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেহৰ বাবে ফল-মূল অত্যন্ত উপকাৰী। ফল-মূলে আমাৰ দেহত প্ৰয়োজনীয় পুষ্টি যোগান ধৰাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি তোলে।সাধাৰণতে যিকোনো ফলমূলৰ বীজ পেলনীয়া বুলি গণ্য কৰা হয়৷ 

স্বাস্থ্যসন্মত এনে ফলৰ ভিতৰত আমাৰ মনলৈ সততে আহে অমিতাৰ কথা। অমিতাৰ আছে দেহ উপকাৰী বহুতো গুণ। একেদৰে অমিতাৰ গুটিৰো‌ আছে অমিতাৰ সমানে উপকাৰী গুণ। অমিতা খোৱাৰ পাছত হয়তো ইয়াৰ গুটি আপুনি পেলাই দিয়ে। কিন্তু এতিয়াৰ পৰা নিদিব। কিয়নো অমিতাৰ গুটিৰ জৰিয়তে বহু ৰোগৰ পৰা সকাহ পাব পাৰি। অমিতাৰ গুটিৰ সোৱাদ অলপ টেঙা আৰু ক’লা জলকীয়াৰ দৰে।অমিতাৰ গুটি ভিটামিনেৰে ভৰপূৰ৷ ইয়াত আছে ফছফৰাছ, মেগনেছিয়াম, কেলছিয়ামৰ দৰে ভিটামিন৷

অমিতাৰ গুটিৰ কি কি উপকাৰিতা, জানো আহক- 

লিভাৰৰ সুৰক্ষা- লিভাৰ চিৰ'ছিছত আক্ৰান্ত ৰোগীৰ বাবে পকা অমিতাৰ গুটি খুবেই উপকাৰী৷ অমিতা গুটিত এক বিশেষ ধৰণৰ এনজাইম থাকে যাক পেপেইন বুলি জনা যায় । ইয়াৰ সহায়ত হজম শক্তি উন্নত কৰিব পাৰি। সেয়ে খাদ্য খোৱাৰ পাছত এচামুচ অমিতাৰ গুটি খাব লাগে। এনে কৰিলে কোষ্ঠকাঠিন্য, লিভাৰৰ সমস্যা,গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি নহ’ব।

ওজন কম হ'ব- অমিতাৰ গুটিত আঁহৰ পৰিমাণ অতি বেছি। সেইবাবে অমিতাৰ গুটিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰিব পাৰে। ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ফাইবাৰে ভোক নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত ওজন কমোৱাত সহায়ক হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি- অমিতা গুটিক ভিটামিন চিৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বিখ্যাত। অমিতাৰ গুটি খালে চৰ্দি, কাহ আৰু ভাইৰাছজনিত ৰোগৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

কৰ্কট ৰোগ প্ৰতিৰোধ-কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ নিয়মিতভাৱে অমিতাৰ গুটি খাব লাগে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ইয়াৰ বীজত কেন্সাৰ প্ৰতিৰোধী গুণ পোৱা যায়, যাৰ ফলত কিছুমান কেন্সাৰ কোষৰ বৃদ্ধি হোৱাটো ৰোধ কৰে ৷

ঋতুস্ৰাৱৰ যন্ত্ৰণা হ্ৰাস-  মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত যন্ত্ৰণাৰ সৃষ্টি হ’লে মৌৰ সৈতে মিহলাই অমিতাৰ গুটি খালে যন্ত্ৰণাৰ উপশম হয়৷

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ