--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। হেয়াৰ ড্ৰাইয়াৰৰ বিস্ফোৰণৰ ফলত দুয়োখন হাত হেৰুৱালে এগৰাকী মহিলাই। কৰ্ণাটকৰ বাগালকোট জিলাত সংঘটিত হৈছে এই আচৰিত কাণ্ড।  

হেয়াৰ ড্ৰাইয়াৰ বিস্ফোৰণৰ ফলত এগৰাকী মৃত জোৱানৰ পত্নীৰ দুয়োখন হাত চিৰদিনলৈ হেৰাই যায়। বৰ্তমান মহিলাগৰাকী চিকিৎসালয়ত ভৰ্তি হৈ আছে। মহিলাগৰাকীৰ নাম বাসম্মা। বগালকোট জিলাৰ ইলকাল চহৰত বাস কৰে। 

জানিব পৰা অনুসৰি বাসম্মা এগৰাকী চুবুৰীয়া মহিলা শশীকলাই হেয়াৰ ড্ৰাইয়াৰটো অনলাইনযোগে অৰ্ডাৰ দিছিল। কিন্তু সেইসময়ত শশীকলা ঘৰত নথকাত বাসম্মাক অৰ্ডাৰটো ৰিচিভ কৰিবলৈ কয় আৰু হেয়াৰ ড্ৰাইয়াৰটো ঠিকে আছেনে পৰীক্ষা কৰিবলৈ কয়।

বাসম্মাই হেয়াৰ ড্ৰাইয়াৰটো অন কৰাৰ লগে লগে প্ৰচণ্ড বিস্ফোৰণ ঘটে আৰু মহিলাগৰাকীৰ দুয়োখন হাত বেয়াকৈ জ্বলি যায়। লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ দুয়োখন হাত কাটিবলগীয়া হয়।

মহিলাগৰাকীৰ স্বামীৰ নাম আছিল পাপন্না। তেওঁ সেনা জোৱান আছিল। ২০১৭ চনত জম্মু-কাশ্মীৰত শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্যু হৈছিল সেনা জোৱান পাপন্নাৰ। 

শশীকলাই এই ঘটনাৰ কথা গম পোৱাৰ লগে লগে তেওঁ খৰখেদাকৈ হস্পিতাল পালেগৈ বাসম্মাৰ অৱস্থা জানিবলৈ। অৱশ্যে চিকিৎসালয়ত শশীকলাই কোৱা কথাবোৰ আৰু আচৰিত ধৰণৰ আছিল। শশীকলাৰ মতে, তেওঁ কোনো হেয়াৰ ড্ৰাইয়াৰ অৰ্ডাৰ দিয়া নাছিল, কিন্তু হেয়াৰ ড্ৰাইয়াৰৰ পাৰ্চেলটো কেনেকৈ তাইৰ নামত আহিল তেওঁ নাজানে? 

পাৰ্চেলত শশীকলাৰ মোবাইল নম্বৰটো দেখি কুৰিয়াৰ কোম্পানীটোৰ কৰ্মচাৰীজনে শশীকলাক ফোন কৰি কৈছিল যে পাৰ্চেলটো তেওঁৰ নামত আহিছে। গ্ৰহণ কৰক। তেতিয়া শশীকলাই ক’লে যে বৰ্তমান মই আন এখন চহৰত আছো। আপুনি পিছত আহিব, কিন্তু ইয়াৰ পিছতো কুৰিয়াৰ কৰ্মচাৰীজনে বাৰে বাৰে শশীকলাক ফোন কৰি তেওঁৰ পাৰ্চেলটো ল’বলৈ কৈ আছিল। কুৰিয়াৰ কৰ্মচাৰীজনৰ ফোনত বিৰক্ত হৈ শশীকলাই চুবুৰীয়া বাসম্মাক ফোন কৰি ক’লে যে মোৰ এটা পাৰ্চেল আহিছে, অনুগ্ৰহ কৰি লৈ থওক।

প্ৰশ্ন উত্থাপন হয় হেয়াৰ ড্ৰাইয়াৰটোৰ কাৰণে কোনে টকা দিলে। এই হেয়াৰ ড্ৰাইয়াৰটো অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ এটা কোম্পানীত নিৰ্মাণ কৰা বুলিও পোহৰলৈ আহিছে। এনে পৰিস্থিতিত এই বিস্ফোৰণে বহু সন্দেহৰ সৃষ্টি কৰিছে আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ