--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমি ভৱিষ্যত প্ৰজন্মৰ বাবে পৃথিৱীখনক সুৰক্ষিত হৈ থাকিব নে? কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰে? সেয়া হয়টো আমি ভাৱিচোৱা নাই! শেহতীয়াকৈ ইউনিচেফে প্ৰকশ কৰিছে ‘দ্য ফিউচাৰ অৱ চিলড্ৰেনছ ইন এ চেঞ্জিং ৱৰ্ল্ড’, শীৰ্ষক প্ৰতিবেদন৷  

এই প্ৰতিবেদনত বিশ্বব্যাপী তিনিটা ধাৰা জনগাঁথনিগত পৰিৱৰ্তন, জলবায়ু সংকট আৰু অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত আলোকপাত কৰা হৈছে, যি ২০৫০ চনৰ ভিতৰত শিশুৰ জীৱনক পুনৰ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

নতুন প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰত ভাৰতত ৩৫ কোটি সন্তান জন্ম হোৱাৰ সম্ভাৱনা  আছে৷ আৰু এই শিশুসকলৰ মংগল আৰু অধিকাৰ সুনিশ্চিত কৰিবলৈ দেশ খনে জলবায়ু পৰিৱৰ্তন তথা পৰিৱেশৰ প্ৰতি ভাবুকি আদি দৰে গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। চীন, নাইজেৰিয়া আৰু পাকিস্তানৰ সৈতে বিশ্বৰ শিশু জনসংখ্যাৰ ১৫ শতাংশৰ ভিতৰত ভাৰতত শিশুৰ সংখ্যা বৰ্তমানৰ তুলনাত ১০.৬ কোটি হ্ৰাস পাব৷

প্ৰতিবেদন সন্দৰ্ভত চিন্থিয়া মেককেফ্ৰিয়ে কয় যে ‘ষ্টেট অৱ দ্য চাইল্ড’ প্ৰতিবেদনত উল্লেখিত তিনিটা ধাৰাই প্ৰতিজন শিশুৰ অধিকাৰ আগুৱাই নিয়া ভৱিষ্যত গঢ়ি তোলাত দেশসমূহক কেনেকৈ সহায় কৰিব পাৰি সেই দিশটোৱে এই অধ্যয়নৰ প্ৰতি অনু প্ৰাণিতকৰিছিল। আজিৰ সিদ্ধান্তই বিশ্বক গঢ় দিব যি আমাৰ সন্তানসকলে ২০৫০ চনত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব। সকলোৰে শিশুৰ বাবে এক সমৃদ্ধিশালী আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ সামূহিক সুযোগ আৰু দায়িত্ব আছে।

প্ৰতিবেদনখনত অনুমান কৰা হৈছে যে ২০৫০ চনৰ ভিতৰত বিশ্বৰ শিশু জনসংখ্যা প্ৰায় ২.৩ বিলিয়নত সুস্থিৰ হ’ব। ২০৫০ চনৰ ভিতৰত ভাৰত, চীন, নাইজেৰিয়া আৰু পাকিস্তানত বিশ্বৰ শিশু জনসংখ্যাৰ এক তৃতীয়াংশতকৈ অধিক হোৱাৰ সম্বাৱনা প্ৰকচ কৰিছে।ভাৰতত আজিৰ পৰা ১০.৬ কোটি হ্ৰাস পালেও প্ৰায় ৩৫ কোটি সন্তান জন্ম হ’ব। সেয়ে শিশু আৰু যুৱক-যুৱতীসকলৰ শিক্ষা, স্বাস্থ্যসেৱা, শিশু কল্যাণ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত বিনিয়োগৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্ব প্ৰদান কৰাৰ উপৰতো আলোকপাত কৰিছে।

একে সময়তে ইতিমধ্যে প্ৰায় এক বিলিয়ন শিশু জলবায়ু সম্পৰ্কীয় সমস্যাৰ উচ্চ আশংকা থকা দেশসমূহত বাস কৰে আৰু বিশেষ হস্তক্ষেপ অবিহনে এই সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পোৱাৰ শংকা কৰা হৈছে। জলবায়ু আৰু পৰিৱেশজনিত সমস্যাৰ প্ৰতি শিশুসকল অতিশয় সংবেদনশীল, বিশেষকৈ গ্ৰাম্য আৰু কম আয়ৰ সম্প্ৰদায়ত বাস কৰা শিশুসকলৰ, তীব্ৰ গৰম আৰু বানপানী, বনজুই আৰু ঘূৰ্ণীবতাহৰ সংস্পৰ্শলৈ অহাৰ সম্বাৱনা আঠগুণ বৃদ্ধি পাইছে। জলবায়ুৰ ফলত হোৱা এই প্ৰত্যাহ্বানসমূহে তেওঁলোকৰ স্বাস্থ্য, শিক্ষা আৰু বিশুদ্ধ পানীৰ সুবিধাত লাভত প্ৰভাৱ পেলাই আৰু শিশুসকলৰ দুৰ্বলতা বৃদ্ধি কৰে। শিশু জলবায়ু বিপদ সূচকাংক (CCRI) অনুসৰি ২০২১ চনত বিশ্বৰ ১৬৩খন দেশৰ ভিতৰত ভাৰতে ২৬ নম্বৰ স্থান লাভ কৰিছিল, বিশেষকৈ শিশুসকল তীব্ৰ গৰম, বানপানী, খৰাং আৰু বায়ু প্ৰদূষণৰ দৰে বিপদৰ সন্মুখীন হৈছিল। প্ৰতিবেদনত ভৱিষ্যদ্বাণী কৰা হৈছে যে জলবায়ু সংকটে শিশুৰ স্বাস্থ্য, শিক্ষা আৰু পানীৰ দৰে অত্যাৱশ্যকীয় সম্পদৰ সুবিধাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

প্ৰতিবেদন অনুসৰি কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ দৰে প্ৰযুক্তি শিশুৰ বাবে ভাল আৰু বেয়া দুয়োটা দিশে প্ৰতিফলিত হ’ব। অৱশ্যে কম আয়ৰ দেশৰ মাত্ৰ ২৬ শতাংশ লোকহে ইণ্টাৰনেটৰ সৈতে সংযুক্ত, আনহাতে উচ্চ আয়ৰ দেশৰ ৯৫ শতাংশতকৈ অধিক লোক ইণ্টাৰনেটৰ সৈতে সংযুক্ত৷ সেয়ে  এই ক্ষেত্ৰত বৃহৎ পাৰ্থক্য পৰিলক্ষিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement