--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আঘোণ মাহৰ পূৰ্ণিমা দিৱসত অন্নপূৰ্ণ জয়ন্তী পালন কৰা হয়। এই দিনটোত মাতৃ পাৰ্বতীক ৰীতি-নীতিৰে পূজা কৰা হয়। এইবাৰ ৮ ডিচেম্বৰত অন্নপূৰ্ণা জয়ন্তী উদযাপন কৰা হ'ব। বিশ্বাস কৰা হয় যে এই দিনটোতে আঘোণ পূৰ্ণিমাৰ দিনা মাতৃ পাৰ্বতীয়ে অন্নপূৰ্ণা মাতাৰ ৰূপ লৈ পৃথিৱীত অৱতাৰ লয়। বিশ্বাস কৰা হয় যে এই দিনটোত মা অন্নপূৰ্ণাক সঁচা হৃদয়েৰে পূজা কৰিলে মানুহৰ শস্যৰ ভঁৰাল সদায় ভৰপূৰ হৈ থাকে। কোনো কেতিয়াও ভোকত থাকিব নালাগে। এই দিনটোত কিছু নিয়ম মানি চলাটো প্ৰয়োজনীয়। এই দিনটোত কিছুমান কথা অনুসৰণ নকৰাৰ ফলত এজন ব্যক্তিয়ে দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হয়।

অন্নপূৰ্ণা জয়ন্তীৰ তাৎপৰ্য

জ্যোতিষৰ মতে অন্নপূৰ্ণা দেৱীক খাদ্য শস্যৰ দেৱী হিচাপে জনা যায়। এই দিনটোত মূলতঃ পাকঘৰ চাফা কৰা হয় আৰু চৌকাক পূজা কৰা হয়। শাস্ত্ৰত ঘৰৰ গৃহিণীকো অন্নপূৰ্ণা ৰূপ বুলি গণ্য কৰা হৈছে। এই দিনটোত পাকঘৰত ক্ষীৰ বনাই ভোগ হিচাপে আগবঢ়োৱা হয়। চাকি জ্বলাই পূজা কৰা হয়। এনে কৰিলে ঘৰৰ ভঁৰাল ভৰ্তি হৈ থাকে।

অন্নপূৰ্ণা জয়ন্তীত কি কৰিব

- জ্যোতিষৰ মতে অন্নপূৰ্ণ জয়ন্তীৰ দিনা পাকঘৰটো চাফা কৰি গংগাজলেৰে বিশুদ্ধ কৰিব লাগে।

- এই দিনটোত চৌকা, গেছ, ,ষ্টভ আদি পূজা কৰা হয়।

- অন্নপূৰ্ণ জয়ন্তীৰ দিনা খাদ্য দেৱী অন্নপূৰ্ণাই খাদ্য দান কৰি আনন্দিত হয়।

- এই দিনটোত ৰঙা, হালধীয়া আৰু বগা ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি গণ্য কৰা হয়।

- অন্নপূৰ্ণা মাতাক পুৱা আৰু গধূলি পূজা কৰিব লাগে।

অন্নপূৰ্ণা জয়ন্তীৰ দিনা এই কাম নকৰিব

জ্যোতিষৰ মতে অন্নপূৰ্ণ জয়ন্তীৰ দিনা পাকঘৰ লেতেৰা কৰি নাৰাখিব।

- অন্নপূৰ্ণা দেৱীক পূজা কৰি থাকোঁতে ভুলতেও দূৰ্ব্বা অৰ্পণ নকৰিব।

- জ্যোতিষৰ মতে অন্নপূৰ্ণা জয়ন্তীৰ দিনা পাকঘৰত মাংস-মাছ আদি তামসিক খাদ্য ৰান্ধিব নালাগে।

- এই দিনটোত ভুলতো খাদ্য অপচয় নকৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক