--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল উৎকণ্ঠাৰ! ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ সূচী ঘোষণা কৰিলে আইচিচিয়ে৷ প্ৰতিযোগিতাখনৰ আয়োজন সন্দৰ্ভত বিচিচিআই আৰু পিচিবিৰ মাজত কেইবা সপ্তাহ ধৰি বিবাদৰ পাছত হাইব্ৰিড মডেলৰ ওপৰত একমত হোৱাত আইচিচিয়ে আনুষ্ঠানিকভাৱে সূচী প্ৰকাশ কৰিছে।

১৯ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব বহু প্ৰতিক্ষিত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন মেচ নিউজিলেণ্ড আৰু আয়োজক পাকিস্তানৰ মাজত কৰাচীত অনুষ্ঠিত হ’ব। ৯ মাৰ্চত চেম্পিয়নছ ট্ৰফীৰ-২০২৫ৰ ফাইনেল অনুষ্ঠিত হ’ব আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ইতিমধ্যে বিচিচিআইয়ে দাবী কৰা অনুসৰি। টিম ইণ্ডিয়াই নিজৰ সকলো মেচ ডুবাইত খেলিব৷ অহা ২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰথমখন মেচ।

চেম্পিয়নছ ট্ৰফীৰ সূচী অনুসৰি এ গ্ৰুপত আছে পাকিস্তান, ভাৰত, নিউজিলেণ্ড আৰু বাংলাদেশ। গ্ৰুপ বিত আছে দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু ইংলেণ্ড। উল্লেখযোগ্য যে ভাৰতীয় দলটোৱে নিজৰ সকলো খেল ডুবাইত খেলিব। যদি দলটোৱে ফাইনেলত প্ৰৱেশ কৰে তেন্তে লাহোৰৰ পৰিৱৰ্তে ডুবাইত অনুষ্ঠিত হ’ব। আৰু চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ বাবে ৰিজাৰ্ভ ডে ৰখা হৈছে। যদিহে ৯ মাৰ্চত ফাইনেল অনুষ্ঠিত নহয় তেন্তে ১০ মাৰ্চত অনুষ্ঠিত হ’ব মেচখন। চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলৰ বাবে কোনো ৰিজাৰ্ভ ডে’ ৰাখা নাই। চেম্পিয়নছ ট্ৰফীৰ সকলো খেল ২.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি সদৰি কৰিছে।

চেম্পিয়নছ ট্ৰফী সূচী

১৯ ফেব্ৰুৱাৰী– পাকিস্তান বনাম নিউজিলেণ্ড, কৰাচী
২০ ফেব্ৰুৱাৰী– ভাৰত বনাম বাংলাদেশ, ডুবাই
২১ ফেব্ৰুৱাৰী-আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, কৰাচী
২২ ফেব্ৰুৱাৰী– অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, লাহোৰ
২৩ ফেব্ৰুৱাৰী– পাকিস্তান বনাম ভাৰত, ডুবাই
২৪ ফেব্ৰুৱাৰী-বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি
২৫ ফেব্ৰুৱাৰী- অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি।
২৬ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম ইংলেণ্ড, লাহোৰ।
২৭ ফেব্ৰুৱাৰী- পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি।
২৮ ফেব্ৰুৱাৰী- আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, লাহোৰ।
১ মাৰ্চ- দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, কৰাচী।
২ মাৰ্চ- নিউজিলেণ্ড বনাম ভাৰত, ডুবাই।
৪ মাৰ্চ– ছেমি ফাইনেল ১, ডুবাই
৫ মাৰ্চ- ছেমিফাইনেল ২, লাহোৰ
৯ মাৰ্চ- ফাইনেল - লাহোৰ/ডুবাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ