--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা চতুৰ্থ টেষ্ট মেচৰ প্ৰথম দিনাই ছেম কনষ্টাছক গতা মৰাৰ অপৰাধত ভাৰতীয় বেটছমেন বিৰাট কোহলীক জৰিমনা বিহা হৈছে। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীৰ মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহিলে আইচিচিয়ে আৰু লগতে তেওঁৰ একাউণ্টত এটা ডিমেৰিট পইণ্টো যোগ কৰে৷ 

মেলবৰ্ণত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা চতুৰ্থখন টেষ্টৰ প্ৰথম দিনাই খেলপথাৰত এখন ৰণৰ দৃশ্য দেখা গ’ল। অষ্ট্ৰেলিয়াৰ ইনিংছৰ একাদশ অভাৰত বিৰাট কোহলী আৰু ১৯ বছৰীয়া ছেম কনষ্টাছৰ মাজত সংঘৰ্ষ হয়। দুয়োৰে মাজত গতিয়া গতি লাগিছিল।

এই ঘটনা দশম অভাৰৰ পিছত আৰু অষ্ট্ৰেলিয়াৰ ইনিংছৰ ১১ অভাৰৰ মাজত সংঘটিত হয়। কনষ্টাছে জস্প্ৰিত বুমৰাহক দুটা চাৰি আৰু এটা ছয় দিয়ে। দশম অভাৰৰ পিছত নন ষ্ট্ৰাইকাৰ এণ্ডৰ পৰা উভতি আহিছিল কোহলি। আনহাতে, কনষ্টাছে ক্ৰীজৰ আগুৱাই গৈ আছিল। তাৰ পাছত কোহলীৰ কান্ধৰ লগত কনষ্টাছৰ কান্ধত সংঘৰ্ষ হয়। এই কথাত কনষ্টাছে পিছলৈ ঘূৰি কোহলীক কেইটামান কথা ক’লে আৰু তাৰ পিছত কোহলীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিলে। দুয়োৰে এই সংঘৰ্ষ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত আম্পায়াৰ আহি দুয়োকে পৃথক কৰি বুজাবুজিৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ পিছত কনষ্টাছে ১১ নং অভাৰত ১৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ দুটা চাৰি আৰু এটা ছয় মাৰে।

বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত আইচিচিয়ে কোহলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ৷ আইচিচিৰ আচৰণ বিধিৰ ২.১২ অনুচ্ছেদৰ অধীনত কোহলীক জৰিমনা বিহা হোৱাৰ লগতে তেওঁ আচৰণ বিধিৰ লেভেল-১ উলংঘা কৰা বুলি জানিবলৈ দিয়ে। ই কোনো খেলুৱৈ, সহায়ক কৰ্মচাৰী, আম্পায়াৰ, মেচ ৰেফাৰী বা আন কোনো ব্যক্তিৰ প্ৰতি অনুচিত আচৰণৰ সৈতে জড়িত। অৱশ্যে এই গোচৰত আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল কাৰণ কোহলীয়ে শাস্তি মানি লৈছিল। অন-ফিল্ড আম্পায়াৰ জোৱেল উইলছন আৰু মাইকেল গফ, তৃতীয় আম্পায়াৰ শ্বাৰাফুডাউলা ইবনে শ্বাহিদ আৰু চতুৰ্থ আম্পায়াৰ শ্বাউন ক্ৰেগে অভিযোগ উত্থাপন কৰে।

কোহলীৰ সৈতে হোৱা বিবাদ সন্দৰ্ভত ১৯ বছৰীয়া অষ্ট্ৰেলিয়ান বেটছমেন কনষ্টাছে বিষয়টোক গুৰুত্ব নিদিয়াৰ বিপৰীতে কয় যে ভুলবশতঃ কোহলীয়ে তেওঁৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। কনষ্টাছে কয় যে কোহলীয়ে ইচ্ছাকৃতভাৱে তেওঁৰ সৈতে সংঘৰ্ষ কৰা নাছিল। তেওঁ কয়, ‘বিৰাট কোহলীয়ে ভুলবশতঃ মোৰ লগত খুন্দা মাৰিলে। এয়া ক্ৰিকেট আৰু মানসিক চাপত এনেকুৱা হয়। মই ভাবো আৱেগে আমাক দুয়োকে আগুৰি ধৰিলে। মই একেবাৰে বুজি পোৱা নাছিলো। মই গ্লভছ পিন্ধি থাকোঁতে হঠাতে তেওঁৰ কান্ধটো মোৰ কান্ধত খুন্দা খালে। এই সকলোবোৰ ক্ৰিকেটত হৈয়েই থাকে।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু