--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেলবৰ্ণত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা চতুৰ্থ টেষ্ট মেচৰ প্ৰথম দিনাই ছেম কনষ্টাছক গতা মৰাৰ অপৰাধত ভাৰতীয় বেটছমেন বিৰাট কোহলীক জৰিমনা বিহা হৈছে। ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীৰ মেচ মাচুলৰ ২০ শতাংশ জৰিমনা বিহিলে আইচিচিয়ে আৰু লগতে তেওঁৰ একাউণ্টত এটা ডিমেৰিট পইণ্টো যোগ কৰে৷ 

মেলবৰ্ণত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা চতুৰ্থখন টেষ্টৰ প্ৰথম দিনাই খেলপথাৰত এখন ৰণৰ দৃশ্য দেখা গ’ল। অষ্ট্ৰেলিয়াৰ ইনিংছৰ একাদশ অভাৰত বিৰাট কোহলী আৰু ১৯ বছৰীয়া ছেম কনষ্টাছৰ মাজত সংঘৰ্ষ হয়। দুয়োৰে মাজত গতিয়া গতি লাগিছিল।

এই ঘটনা দশম অভাৰৰ পিছত আৰু অষ্ট্ৰেলিয়াৰ ইনিংছৰ ১১ অভাৰৰ মাজত সংঘটিত হয়। কনষ্টাছে জস্প্ৰিত বুমৰাহক দুটা চাৰি আৰু এটা ছয় দিয়ে। দশম অভাৰৰ পিছত নন ষ্ট্ৰাইকাৰ এণ্ডৰ পৰা উভতি আহিছিল কোহলি। আনহাতে, কনষ্টাছে ক্ৰীজৰ আগুৱাই গৈ আছিল। তাৰ পাছত কোহলীৰ কান্ধৰ লগত কনষ্টাছৰ কান্ধত সংঘৰ্ষ হয়। এই কথাত কনষ্টাছে পিছলৈ ঘূৰি কোহলীক কেইটামান কথা ক’লে আৰু তাৰ পিছত কোহলীয়েও ইয়াৰ প্ৰত্যুত্তৰ দিলে। দুয়োৰে এই সংঘৰ্ষ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত আম্পায়াৰ আহি দুয়োকে পৃথক কৰি বুজাবুজিৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ পিছত কনষ্টাছে ১১ নং অভাৰত ১৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ দুটা চাৰি আৰু এটা ছয় মাৰে।

বিতৰ্ক তীব্ৰতৰ হোৱাৰ পিছত আইচিচিয়ে কোহলীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে ৷ আইচিচিৰ আচৰণ বিধিৰ ২.১২ অনুচ্ছেদৰ অধীনত কোহলীক জৰিমনা বিহা হোৱাৰ লগতে তেওঁ আচৰণ বিধিৰ লেভেল-১ উলংঘা কৰা বুলি জানিবলৈ দিয়ে। ই কোনো খেলুৱৈ, সহায়ক কৰ্মচাৰী, আম্পায়াৰ, মেচ ৰেফাৰী বা আন কোনো ব্যক্তিৰ প্ৰতি অনুচিত আচৰণৰ সৈতে জড়িত। অৱশ্যে এই গোচৰত আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নাছিল কাৰণ কোহলীয়ে শাস্তি মানি লৈছিল। অন-ফিল্ড আম্পায়াৰ জোৱেল উইলছন আৰু মাইকেল গফ, তৃতীয় আম্পায়াৰ শ্বাৰাফুডাউলা ইবনে শ্বাহিদ আৰু চতুৰ্থ আম্পায়াৰ শ্বাউন ক্ৰেগে অভিযোগ উত্থাপন কৰে।

কোহলীৰ সৈতে হোৱা বিবাদ সন্দৰ্ভত ১৯ বছৰীয়া অষ্ট্ৰেলিয়ান বেটছমেন কনষ্টাছে বিষয়টোক গুৰুত্ব নিদিয়াৰ বিপৰীতে কয় যে ভুলবশতঃ কোহলীয়ে তেওঁৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। কনষ্টাছে কয় যে কোহলীয়ে ইচ্ছাকৃতভাৱে তেওঁৰ সৈতে সংঘৰ্ষ কৰা নাছিল। তেওঁ কয়, ‘বিৰাট কোহলীয়ে ভুলবশতঃ মোৰ লগত খুন্দা মাৰিলে। এয়া ক্ৰিকেট আৰু মানসিক চাপত এনেকুৱা হয়। মই ভাবো আৱেগে আমাক দুয়োকে আগুৰি ধৰিলে। মই একেবাৰে বুজি পোৱা নাছিলো। মই গ্লভছ পিন্ধি থাকোঁতে হঠাতে তেওঁৰ কান্ধটো মোৰ কান্ধত খুন্দা খালে। এই সকলোবোৰ ক্ৰিকেটত হৈয়েই থাকে।’




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ