--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা কলকাতাত হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত কোৱালিফাইং মেচৰ পূৰ্বে ভাৰতীয় ফুটবল দলটোৱে ২০২৩ বৰ্ষৰ এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত মঙলবাৰে পেলেষ্টাইনৰ হাতত ০-৪ গ’লত পৰাস্ত হয় ফিলিপাইনছ। ফলত অন্তিমখন মেচৰ পূৰ্বেই যোগ্যতা অৰ্জন কৰে ভাৰতে।

এছিয়ান কাপৰ কোৱালিফায়াৰৰ তৃতীয় আৰু অন্তিম ৰাউণ্ডত ছটা গ্ৰুপত বিভক্ত ২৪টা দলে খেলি আছে। ২০২৩ চনৰ এছিয়ান কাপত মুঠ ২৪টা দলে খেলিব। ইয়াৰে ১৩খন দেশে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফাইং ৰাউণ্ডৰ পৰা ৬টা গ্ৰুপৰ বিজয়ী দল আৰু দ্বিতীয় স্থানৰ শীৰ্ষ পাঁচটা দলে মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ভাৰতে নিজৰ অৰ্হতা প্ৰায় নিশ্চিত কৰিলে। আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত ভাৰত দ্বিতীয় ৰেংকিঙৰ দলসমূহৰ ভিতৰত তৃতীয় স্থানত আছে আৰু নিয়ম অনুসৰি দ্বিতীয় ৰেংকিঙৰ শীৰ্ষ পাঁচটা দলে যোগ্যতা অৰ্জন কৰিব।

মঙলবাৰে কলকাতাত ভাৰতে গ্ৰুপ ডিৰ শীৰ্ষত থকা হংকঙৰ বিৰুদ্ধে খেলিব। এই খেলৰ ফলাফলে নিৰ্ণয় কৰিব কোনটো দলে গ্ৰুপ তালিকাৰ শীৰ্ষত শেষ কৰিব। ভাৰত আৰু হংকঙৰ মাজত অনুষ্ঠিত মেচখনৰ ফলাফল যিয়েই নহওক কিয়, পেলেষ্টাইনৰ জয়ৰ বাবেই দুয়োটা দলে এ এফ চি এছিয়ান কাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

স্মৰ্তব্য যে, ১৯৮৪ চনত ভাৰতে প্ৰথমবাৰৰ বাবে এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। সেই সময়ত পশ্চিম এছিয়াৰ বেছিভাগ দেশেই ৰাজনৈতিক কাৰণত নাম প্ৰত্যাহাৰ কৰিছিল। প্ৰতিযোগিতাখনত চাৰিটা দলে প্ৰতিটো জ’নৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰিছিল। ইজৰাইলে জয়লাভ কৰাৰ লগতে দ্বিতীয় স্থান দখল কৰিছিল ভাৰতে। তাৰ পিছত ২০ বছৰৰ মূৰত পুনৰ ১৯৮৪ চনত এছিয়ান কাপত প্ৰৱেশ কৰিছিল ভাৰতে। কিন্তু গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল ভাৰতে।

ইয়াৰ ২৭ বছৰৰ পাছত বাইচুং ভূটিয়াৰ নেতৃত্বত ২০১১ চনত পুনৰ যোগ্যতা অৰ্জন কৰে যদিও গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লয় ভাৰতে। ৮ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত ২০১৯ চনত পুনৰ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে। এইবাৰ ভাৰতে একেৰাহে দুবাৰকৈ এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ