--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা কলকাতাত হংকঙৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত কোৱালিফাইং মেচৰ পূৰ্বে ভাৰতীয় ফুটবল দলটোৱে ২০২৩ বৰ্ষৰ এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত মঙলবাৰে পেলেষ্টাইনৰ হাতত ০-৪ গ’লত পৰাস্ত হয় ফিলিপাইনছ। ফলত অন্তিমখন মেচৰ পূৰ্বেই যোগ্যতা অৰ্জন কৰে ভাৰতে।

এছিয়ান কাপৰ কোৱালিফায়াৰৰ তৃতীয় আৰু অন্তিম ৰাউণ্ডত ছটা গ্ৰুপত বিভক্ত ২৪টা দলে খেলি আছে। ২০২৩ চনৰ এছিয়ান কাপত মুঠ ২৪টা দলে খেলিব। ইয়াৰে ১৩খন দেশে ইতিমধ্যে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফাইং ৰাউণ্ডৰ পৰা ৬টা গ্ৰুপৰ বিজয়ী দল আৰু দ্বিতীয় স্থানৰ শীৰ্ষ পাঁচটা দলে মূল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন কৰিব। আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ভাৰতে নিজৰ অৰ্হতা প্ৰায় নিশ্চিত কৰিলে। আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ পাছত ভাৰত দ্বিতীয় ৰেংকিঙৰ দলসমূহৰ ভিতৰত তৃতীয় স্থানত আছে আৰু নিয়ম অনুসৰি দ্বিতীয় ৰেংকিঙৰ শীৰ্ষ পাঁচটা দলে যোগ্যতা অৰ্জন কৰিব।

মঙলবাৰে কলকাতাত ভাৰতে গ্ৰুপ ডিৰ শীৰ্ষত থকা হংকঙৰ বিৰুদ্ধে খেলিব। এই খেলৰ ফলাফলে নিৰ্ণয় কৰিব কোনটো দলে গ্ৰুপ তালিকাৰ শীৰ্ষত শেষ কৰিব। ভাৰত আৰু হংকঙৰ মাজত অনুষ্ঠিত মেচখনৰ ফলাফল যিয়েই নহওক কিয়, পেলেষ্টাইনৰ জয়ৰ বাবেই দুয়োটা দলে এ এফ চি এছিয়ান কাপ ২০২৩ৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

স্মৰ্তব্য যে, ১৯৮৪ চনত ভাৰতে প্ৰথমবাৰৰ বাবে এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। সেই সময়ত পশ্চিম এছিয়াৰ বেছিভাগ দেশেই ৰাজনৈতিক কাৰণত নাম প্ৰত্যাহাৰ কৰিছিল। প্ৰতিযোগিতাখনত চাৰিটা দলে প্ৰতিটো জ’নৰ পৰা এটাকৈ দলে অংশগ্ৰহণ কৰিছিল। ইজৰাইলে জয়লাভ কৰাৰ লগতে দ্বিতীয় স্থান দখল কৰিছিল ভাৰতে। তাৰ পিছত ২০ বছৰৰ মূৰত পুনৰ ১৯৮৪ চনত এছিয়ান কাপত প্ৰৱেশ কৰিছিল ভাৰতে। কিন্তু গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল’বলগীয়া হৈছিল ভাৰতে।

ইয়াৰ ২৭ বছৰৰ পাছত বাইচুং ভূটিয়াৰ নেতৃত্বত ২০১১ চনত পুনৰ যোগ্যতা অৰ্জন কৰে যদিও গ্ৰুপ পৰ্যায়ৰ পৰা বিদায় লয় ভাৰতে। ৮ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্তত ২০১৯ চনত পুনৰ যোগ্যতা অৰ্জন কৰিছিল ভাৰতে। এইবাৰ ভাৰতে একেৰাহে দুবাৰকৈ এ এফ চি এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু