--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ যুৱক-যুৱতীসকলে ওজন কমাবলৈ ইণ্টাৰনেটত বিভিন্ন উপায়ৰ সন্ধান কৰে। শেহতীয়াকৈ এক খবৰ চৰ্চালৈ আহিছে য’ত এগৰাকী ২৪ বছৰীয়া চিকিৎসকে প্ৰকাশ কৰিছে যে তেওঁ ওজন কমাবলৈ এনে এক কাম কৰিছিল যে তেওঁৰ ওজন মাত্ৰ ৩০ কিলোগ্ৰাম হৈ গৈছিল আৰু তেওঁ মৃত্যুৰ পথলৈ আগবাঢ়িছিল। কোন এই চিকিৎসক? ওজন কমাবলৈ তেওঁ কোনটো পদ্ধতি গ্ৰহণ কৰিছিল? 

২৪ বছৰীয়া এইগৰাকী যুৱ চিকিৎসকৰ নাম ছাৰা ৰাও। ছাৰা অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বাসিন্দা। ইনষ্টাগ্ৰামত ছাৰাৰ ১২ লাখ ফ’ল’ৱাৰ আছে। অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাইও ছাৰাক ফ’ল’ কৰে। ছাৰা ইটিং ডিচঅৰ্ডাৰ ভুগিছিল যাৰ বাবে তেওঁৰ খাদ্য গ্ৰহণ কৰিবলৈ মন নোযোৱা হৈছিল আৰু তেওঁৰ অৱস্থা মৃত্যুপ্ৰায়ৰ দৰে হৈ পৰিছিল। সেই সময়ত ছাৰাৰ বয়স আছিল ১৮ বছৰ আৰু তেওঁৰ ওজন হৈ পৰিছিল ৩০ কিলোগ্ৰাম।

ছাৰাৰ আৰম্ভণিৰে পৰাই ফেশ্বনৰ প্ৰতি বহুত আগ্ৰহ আছিল, সেয়ে তেওঁ মডেল হ’ব বিচাৰিছিল। মডেল হ’বলৈ ছাৰাই ওজন কমাবলৈ বিচাৰিছিল আৰু তাৰবাবে তেওঁ খাদ্যাভ্যাস সলনি কৰিছিল। ছাৰাই মাত্ৰ ৩০০ বা ৪০০ কেলৰি খাইছিল আৰু দুঘণ্টা বা তিনিঘণ্টা দৌৰিছিল। এবাৰ কলেজলৈ যাওঁতে বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে ছাৰাৰ অৱস্থা দেখি সন্দেহ হৈ ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। ডাক্তৰে যেতিয়া ছাৰাৰ ওজন জুখিলে তেতিয়া তেওঁ আচৰিত হ’ল যে তেওঁৰ ওজন মাত্ৰ ৩০ কেজি। ইয়াৰ পিছত ডাক্তৰে লগে লগে ছাৰাক জৰুৰীকালীন বিভাগলৈ পঠিয়াই দিয়ে।

ছাৰাই ওজন কমাবলৈ অতি কম কেলৰি খাই আছিল। গোটেই ৰাতিপুৱা তেওঁ ব্ৰেকফাষ্টত নন-ফেট দৈ, দুপৰীয়া এটা প্ৰটিন বাৰ আৰু ডায়েট ক’ক, ৰাতিৰ আহাৰত লেটুচ, জিকা বা ব্ৰকলি খাইছিল। ইমান কম খাদ্য খোৱাৰ বাবে ছাৰাৰ ওজন মাত্ৰ ৩০ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল আৰু তেওঁৰ বিএমআই ১০ হৈ পৰিছিল। ছাৰাই সদায় ভাগৰুৱা অনুভৱ কৰিছিল, বহি থাকোঁতে হাড়বোৰ বিষাবলৈ ধৰিছিল আৰু চুলিবোৰ চিঙিবলৈ ধৰিছিল।

যেতিয়া সাধাৰণ চিকিৎসকে ছাৰাক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁক এসপ্তাহৰ বাবে চিকিৎসালয়ত ৰখা হৈছিল আৰু তেওঁৰ খাদ্যাভ্যাসৰ বিসংগতি এনৰেক্সিয়া নাৰ্ভ’ছা হৈছিল। এনৰেক্সিয়া নাৰ্ভ’ছা ৰোগীয়ে খাদ্য খোৱাৰ পৰা বিৰত থাকে বা খাদ্য খোৱাৰ ক্ষেত্ৰত নিজকে বাধা আৰোপ কৰে। বিপদজনকভাৱে বহু ওজন কমি গ’লেও তেওঁ অনুভৱ কৰে যে তেওঁৰ ওজন এতিয়াও বেছি হৈ আছে।

চিকিৎসালয়ত ছাৰাক ভৰ্তি কৰাৰ সময়ত তেওঁক খোজ কাঢ়িবলৈও দিয়া হোৱা নাছিল আৰু হুইল চেয়াৰত উঠি ছাৰা বাথৰুমলৈ যাব লগা হৈছিল। ছাৰাক মাহৰ পিছত মাহ ধৰি নোখোৱা বস্তু যেনে পাস্তা, ফাষ্ট ফুড আদি খাবলৈ দিয়া হৈছিল।

ছাৰা যেতিয়া হস্পিতালৰ পৰা ওলাই আহিল, তেতিয়া তেওঁ দুমাহ ধৰি ব্যায়াম নকৰিলে আৰু তেওঁ বহুদিনৰ পৰা নোখোৱা সেই সকলোবোৰ বস্তু খাবলৈ ধৰিলে। বাৰ্গাৰ, পেনকেক আৰু ফাষ্ট ফুড তেওঁৰ প্ৰিয় হৈ পৰিছিল। কিছুদিনৰ পাছত মাছল গেইনৰ বাবে তেওঁ জিমলৈ যাবলৈ ধৰিলে। এতিয়া ছাৰাই ওজন ১৯ কেজি বৃদ্ধি কৰি সুস্থ বি এম আই ৰেঞ্জত উপনীত হৈছে। ছাৰাই এতিয়া মানুহক সঠিকভাৱে ওজন কমাবলৈ প্ৰেৰণা দিয়ে।

বহুতে ওজন কমাবলৈ অতি কম কেলৰি সেৱন কৰে। যদি আপুনিও ওজন কমাবলৈ অতি কম খাদ্য খোৱা মানুহৰ মাজৰ এজন, তেন্তে এনে ভুল কৰাৰ পৰা বিৰত থাকক। যদি আপুনি এই কাম কৰি আছে তেন্তে আপোনাৰ শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ যাব যিয়ে আপোনাৰ বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এজন প্ৰমাণিত পুষ্টিবিদ বা ডায়েটিচিয়ানৰ অধীনতহে ডায়েট প্লেন প্ৰস্তুত কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু