--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ যুৱক-যুৱতীসকলে ওজন কমাবলৈ ইণ্টাৰনেটত বিভিন্ন উপায়ৰ সন্ধান কৰে। শেহতীয়াকৈ এক খবৰ চৰ্চালৈ আহিছে য’ত এগৰাকী ২৪ বছৰীয়া চিকিৎসকে প্ৰকাশ কৰিছে যে তেওঁ ওজন কমাবলৈ এনে এক কাম কৰিছিল যে তেওঁৰ ওজন মাত্ৰ ৩০ কিলোগ্ৰাম হৈ গৈছিল আৰু তেওঁ মৃত্যুৰ পথলৈ আগবাঢ়িছিল। কোন এই চিকিৎসক? ওজন কমাবলৈ তেওঁ কোনটো পদ্ধতি গ্ৰহণ কৰিছিল? 

২৪ বছৰীয়া এইগৰাকী যুৱ চিকিৎসকৰ নাম ছাৰা ৰাও। ছাৰা অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বাসিন্দা। ইনষ্টাগ্ৰামত ছাৰাৰ ১২ লাখ ফ’ল’ৱাৰ আছে। অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাইও ছাৰাক ফ’ল’ কৰে। ছাৰা ইটিং ডিচঅৰ্ডাৰ ভুগিছিল যাৰ বাবে তেওঁৰ খাদ্য গ্ৰহণ কৰিবলৈ মন নোযোৱা হৈছিল আৰু তেওঁৰ অৱস্থা মৃত্যুপ্ৰায়ৰ দৰে হৈ পৰিছিল। সেই সময়ত ছাৰাৰ বয়স আছিল ১৮ বছৰ আৰু তেওঁৰ ওজন হৈ পৰিছিল ৩০ কিলোগ্ৰাম।

ছাৰাৰ আৰম্ভণিৰে পৰাই ফেশ্বনৰ প্ৰতি বহুত আগ্ৰহ আছিল, সেয়ে তেওঁ মডেল হ’ব বিচাৰিছিল। মডেল হ’বলৈ ছাৰাই ওজন কমাবলৈ বিচাৰিছিল আৰু তাৰবাবে তেওঁ খাদ্যাভ্যাস সলনি কৰিছিল। ছাৰাই মাত্ৰ ৩০০ বা ৪০০ কেলৰি খাইছিল আৰু দুঘণ্টা বা তিনিঘণ্টা দৌৰিছিল। এবাৰ কলেজলৈ যাওঁতে বিশ্ববিদ্যালয়ৰ অধ্যাপক এগৰাকীয়ে ছাৰাৰ অৱস্থা দেখি সন্দেহ হৈ ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। ডাক্তৰে যেতিয়া ছাৰাৰ ওজন জুখিলে তেতিয়া তেওঁ আচৰিত হ’ল যে তেওঁৰ ওজন মাত্ৰ ৩০ কেজি। ইয়াৰ পিছত ডাক্তৰে লগে লগে ছাৰাক জৰুৰীকালীন বিভাগলৈ পঠিয়াই দিয়ে।

ছাৰাই ওজন কমাবলৈ অতি কম কেলৰি খাই আছিল। গোটেই ৰাতিপুৱা তেওঁ ব্ৰেকফাষ্টত নন-ফেট দৈ, দুপৰীয়া এটা প্ৰটিন বাৰ আৰু ডায়েট ক’ক, ৰাতিৰ আহাৰত লেটুচ, জিকা বা ব্ৰকলি খাইছিল। ইমান কম খাদ্য খোৱাৰ বাবে ছাৰাৰ ওজন মাত্ৰ ৩০ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল আৰু তেওঁৰ বিএমআই ১০ হৈ পৰিছিল। ছাৰাই সদায় ভাগৰুৱা অনুভৱ কৰিছিল, বহি থাকোঁতে হাড়বোৰ বিষাবলৈ ধৰিছিল আৰু চুলিবোৰ চিঙিবলৈ ধৰিছিল।

যেতিয়া সাধাৰণ চিকিৎসকে ছাৰাক চিকিৎসা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া তেওঁক এসপ্তাহৰ বাবে চিকিৎসালয়ত ৰখা হৈছিল আৰু তেওঁৰ খাদ্যাভ্যাসৰ বিসংগতি এনৰেক্সিয়া নাৰ্ভ’ছা হৈছিল। এনৰেক্সিয়া নাৰ্ভ’ছা ৰোগীয়ে খাদ্য খোৱাৰ পৰা বিৰত থাকে বা খাদ্য খোৱাৰ ক্ষেত্ৰত নিজকে বাধা আৰোপ কৰে। বিপদজনকভাৱে বহু ওজন কমি গ’লেও তেওঁ অনুভৱ কৰে যে তেওঁৰ ওজন এতিয়াও বেছি হৈ আছে।

চিকিৎসালয়ত ছাৰাক ভৰ্তি কৰাৰ সময়ত তেওঁক খোজ কাঢ়িবলৈও দিয়া হোৱা নাছিল আৰু হুইল চেয়াৰত উঠি ছাৰা বাথৰুমলৈ যাব লগা হৈছিল। ছাৰাক মাহৰ পিছত মাহ ধৰি নোখোৱা বস্তু যেনে পাস্তা, ফাষ্ট ফুড আদি খাবলৈ দিয়া হৈছিল।

ছাৰা যেতিয়া হস্পিতালৰ পৰা ওলাই আহিল, তেতিয়া তেওঁ দুমাহ ধৰি ব্যায়াম নকৰিলে আৰু তেওঁ বহুদিনৰ পৰা নোখোৱা সেই সকলোবোৰ বস্তু খাবলৈ ধৰিলে। বাৰ্গাৰ, পেনকেক আৰু ফাষ্ট ফুড তেওঁৰ প্ৰিয় হৈ পৰিছিল। কিছুদিনৰ পাছত মাছল গেইনৰ বাবে তেওঁ জিমলৈ যাবলৈ ধৰিলে। এতিয়া ছাৰাই ওজন ১৯ কেজি বৃদ্ধি কৰি সুস্থ বি এম আই ৰেঞ্জত উপনীত হৈছে। ছাৰাই এতিয়া মানুহক সঠিকভাৱে ওজন কমাবলৈ প্ৰেৰণা দিয়ে।

বহুতে ওজন কমাবলৈ অতি কম কেলৰি সেৱন কৰে। যদি আপুনিও ওজন কমাবলৈ অতি কম খাদ্য খোৱা মানুহৰ মাজৰ এজন, তেন্তে এনে ভুল কৰাৰ পৰা বিৰত থাকক। যদি আপুনি এই কাম কৰি আছে তেন্তে আপোনাৰ শৰীৰটো ভিতৰৰ পৰা দুৰ্বল হৈ যাব যিয়ে আপোনাৰ বহুত সমস্যাৰ সৃষ্টি কৰিব পাৰে। এজন প্ৰমাণিত পুষ্টিবিদ বা ডায়েটিচিয়ানৰ অধীনতহে ডায়েট প্লেন প্ৰস্তুত কৰিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ