--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰ হ’ল আমাৰ শৰীৰৰ বৃহত্‍ অংগ। মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। আমাৰ লিভাৰে শৰীৰত জমা হোৱা সকলোবোৰ আৱৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। লিভাৰে আমাৰ হজম শক্তিত প্ৰধান ভূমিকা পালন কৰে। কিছুমান বিশেষ ধৰণৰ ভিটামিন আৰু গ্লুক’জ সংৰক্ষণ কৰা আৰু তেজ জমা হোৱাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত প্ৰ’টিন প্ৰস্তুত কৰা কামো লিভাৰে কৰে।

লিভাৰৰ ক্ষতি হ’ব পৰা কোনো কাম মানুহে কৰিব নালাগে। লিভাৰ ক্ষতিৰ অন্যতম মূল কাৰণ হ’ল মদ্যপান। মদৰ ফলত লিভাৰৰ ক্ষতি হ’লে ইয়াক এলকহল সম্পৰ্কীয় যকৃতৰ ৰোগ বোলা হয়।

মদৰ ফলত লিভাৰ ক্ষতি হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

যেতিয়া আপুনি আপোনাৰ লিভাৰৰ ক্ষমতাতকৈ অধিক মদ্যপান কৰে তেতিয়া লিভাৰৰ বহুত ক্ষতি হয়। ইয়াৰ ফলত আপোনাৰ লিভাৰত চৰ্বি জমা হয় আৰু সময়ৰ লগে লগে ই সুস্থ লিভাৰৰ টিছুবোৰৰ ক্ষতি কৰে আৰু ইয়াৰ ফলত দাগযুক্ত টিছু গঠন হয়।

মদৰ ফলত হোৱা লিভাৰ ৰোগৰ আৰম্ভণিতে কোনো লক্ষণ দেখা নাযায়। যাৰ বাবে আপুনি আনকি গমকে নাপায় যে মদ্যপানে আপোনাৰ লিভাৰৰ কিমান ক্ষতি কৰিছে।

মদ্যপানৰ ফলত হোৱা লিভাৰৰ ৰোগৰ লক্ষণসমূহ এনে ধৰণৰ-

১)যকৃত ফুলি উঠাঃ যাৰ ফলত আপোনাৰ পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষৰ সমস্যা হ’ব।

২)অনবৰতে ভাগৰুৱা অনুভৱ

৩)বিনা কাৰণত ওজন কমি যায় 

৪)ভোক নলগা

৫)ওকালি আহি থকা

৬)বমি হৈ থকা

৭)মূখৰ দূগৰ্ন্ধ হোৱা

৮)চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং পৰিৱৰ্তিত হোৱা

৯)ভৰি আৰু গাঁঠি ফুলি উঠা

১০)অত্যন্ত ঘামি থকা

গতিকে এই লক্ষণসমূহ যদি প্ৰকাশ পায়, তেন্তে আপোনাৰ লিভাৰ বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। লিভাৰ ভিন্ন কাৰণত নষ্ট হব পাৰে যদিও সুৰাপায়ীসকলৰ লিভাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে এনে লক্ষণ দেখা পালেই তত্‍ক্ষণাত্‍ চিকিত্‍সকৰ কাষ চাপিব লাগে আৰু নিজৰ জীৱনশৈলী সলাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ