--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভাৰ হ’ল আমাৰ শৰীৰৰ বৃহত্‍ অংগ। মানৱ দেহৰ মগজু, হৃদপিণ্ড, কিডনি আৰু লিভাৰ হ’ল আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰ বা যকৃত আমাৰ পেটৰ সোঁকাষে ওপৰৰ ফালে থাকে। আমাৰ লিভাৰে শৰীৰত জমা হোৱা সকলোবোৰ আৱৰ্জনা নিস্কাষণ কৰি আমাৰ দেহৰ তেজ পৰিস্কাৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰৰ দ্বাৰা সম্পাদন কৰা কিছুমান কাম সম্পূৰ্ণভাৱে লিভাৰৰ ওপৰতে নিৰ্ভৰ কৰে। লিভাৰে আমাৰ হজম শক্তিত প্ৰধান ভূমিকা পালন কৰে। কিছুমান বিশেষ ধৰণৰ ভিটামিন আৰু গ্লুক’জ সংৰক্ষণ কৰা আৰু তেজ জমা হোৱাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত প্ৰ’টিন প্ৰস্তুত কৰা কামো লিভাৰে কৰে।

লিভাৰৰ ক্ষতি হ’ব পৰা কোনো কাম মানুহে কৰিব নালাগে। লিভাৰ ক্ষতিৰ অন্যতম মূল কাৰণ হ’ল মদ্যপান। মদৰ ফলত লিভাৰৰ ক্ষতি হ’লে ইয়াক এলকহল সম্পৰ্কীয় যকৃতৰ ৰোগ বোলা হয়।

মদৰ ফলত লিভাৰ ক্ষতি হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?

যেতিয়া আপুনি আপোনাৰ লিভাৰৰ ক্ষমতাতকৈ অধিক মদ্যপান কৰে তেতিয়া লিভাৰৰ বহুত ক্ষতি হয়। ইয়াৰ ফলত আপোনাৰ লিভাৰত চৰ্বি জমা হয় আৰু সময়ৰ লগে লগে ই সুস্থ লিভাৰৰ টিছুবোৰৰ ক্ষতি কৰে আৰু ইয়াৰ ফলত দাগযুক্ত টিছু গঠন হয়।

মদৰ ফলত হোৱা লিভাৰ ৰোগৰ আৰম্ভণিতে কোনো লক্ষণ দেখা নাযায়। যাৰ বাবে আপুনি আনকি গমকে নাপায় যে মদ্যপানে আপোনাৰ লিভাৰৰ কিমান ক্ষতি কৰিছে।

মদ্যপানৰ ফলত হোৱা লিভাৰৰ ৰোগৰ লক্ষণসমূহ এনে ধৰণৰ-

১)যকৃত ফুলি উঠাঃ যাৰ ফলত আপোনাৰ পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষৰ সমস্যা হ’ব।

২)অনবৰতে ভাগৰুৱা অনুভৱ

৩)বিনা কাৰণত ওজন কমি যায় 

৪)ভোক নলগা

৫)ওকালি আহি থকা

৬)বমি হৈ থকা

৭)মূখৰ দূগৰ্ন্ধ হোৱা

৮)চকু, চাল আৰু প্ৰস্ৰাবৰ ৰং পৰিৱৰ্তিত হোৱা

৯)ভৰি আৰু গাঁঠি ফুলি উঠা

১০)অত্যন্ত ঘামি থকা

গতিকে এই লক্ষণসমূহ যদি প্ৰকাশ পায়, তেন্তে আপোনাৰ লিভাৰ বেয়া হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। লিভাৰ ভিন্ন কাৰণত নষ্ট হব পাৰে যদিও সুৰাপায়ীসকলৰ লিভাৰ ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকে। গতিকে এনে লক্ষণ দেখা পালেই তত্‍ক্ষণাত্‍ চিকিত্‍সকৰ কাষ চাপিব লাগে আৰু নিজৰ জীৱনশৈলী সলাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু