--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মেদবহুলতা এক বৃহৎ মহামাৰীত পৰিণত হৈছে। আজিকালি বেছিভাগ লোক মেদবহুলতাৰ স্বীকাৰ হৈছে। ইয়াৰ কাৰণ হ’ল খাদ্য আৰু জীৱনশৈলী। আপুনি কি খায় আৰু কিমান পৰিমাণৰখায় ইয়াৰ ওপৰতো ওজন বৃদ্ধি বা হ্ৰাস হোৱাটো নিৰ্ভৰ কৰে। যদি আপুনি ব্যায়াম নকৰাকৈ দীৰ্ঘদিন কেৱল উচ্চ কেলৰিযুক্ত খাদ্যহে খায়, তেন্তে ইয়াৰ ফলত ওজন বৃদ্ধি পায়। সেয়েহে খাদ্যৰ পৰা চৰ্বি আৰু কেলৰিও নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। যেতিয়া আপুনি খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপোনাৰ ওজন ক্ৰমান্বয়ে হ্ৰাস হ’বলৈ আৰম্ভ হ’ব আৰু এইদৰে আপুনি সহজে ওজন কমাব পাৰিব।

 ১. লোভ পৰিহাৰ কৰক-

প্ৰথমে খাদ্যৰ ক্ষেত্ৰত থকা লোভ নিয়ন্ত্ৰণ কৰক। লোভ দূৰ কৰিবলৈ ফলমূল, চালাড, স্কিমড মিল্ক বা বাটাৰমিল্ক খাব লাগে। যদি আপুনি খাদ্যৰ মাজত বহুত ফাঁক ৰাখে, তেন্তে আপুনি অতি ভোক অনুভৱ কৰে আৰু আপুনি বেছিকৈ খায়। সেইবাবেই বহু সময় ভোকত থকাৰ পৰা বিৰত থাকিব লাগিব।

২. চালাড বেছিকৈ খাব-

খাদ্যত চালাডৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। খাদ্যত অধিক পৰিমাণে চালাড অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত পেটটোও ভৰি পৰিব আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰিব। চালাড খালে খাদ্যত থকা কেলৰিৰ পৰিমাণ হ্ৰাস পাব।

 ৩. সৰু সৰু বাচন-বৰ্তনত খাব-

এই কথা শুনি নিশ্চয় অদ্ভুত অনুভৱ হ’ব। কিন্তু এইটো সঁচা যে আপোনাৰ খাদ্যৰ লগতো আপোনাৰ বাচন-বৰ্তনৰ সম্পৰ্ক আছে। ডাঙৰ পাত্ৰত অধিক খাদ্য আহে আৰু আপুনি অধিক খায়। সেয়ে ওজন কমাবলৈ সদায় সৰু সৰু বাচন-বৰ্তনত খাদ্য খাব লাগে। ইয়াৰ ফলত আপুনি বহুত খাদ্য খোৱাৰ অনুভৱ কৰিব আৰু ওজন হ্ৰাস পাব।

৪. খাদ্য খোৱাৰ আগতে পানী-

খোৱাৰ ৩০ মিনিট আগতে ১-২ গিলাচ পানী খাব লাগে। ইয়াৰ ফলত আপুনি অতিমাত্ৰা খাদ্য খোৱাৰ পৰা নিজকে ৰক্ষা কৰিব আৰু পানীয়ে পেট ভৰাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আহাৰ গ্ৰহণৰ মাজত পানী খোৱাৰ পৰা বিৰত থাকক।

৫. এটা নিৰ্দিষ্ট সময়তহে খাদ্য খাব-

খোৱাৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব লাগে। ইয়াৰ ফলত ওজন কমোৱাতো সহায়ক হ’ব। বাৰে বাৰে কিবা খাবলৈ মন নাযাব। ইয়াৰ ফলত আপোনাৰ জীৱনশৈলীও উন্নত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ