--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ আৰু বিস্কুট এক এৰাব নোৱাৰা যুটী। চাহৰ লগত বিস্কুট থাকিবই। ৰাতিপুৱা হওক বা আবেলিৰ চাহ হওক বিস্কুট প্ৰায় প্ৰতিজন লোককে লাগে। কিছুমানেটো চাহৰ শেষ শোহা মৰালৈকে বিস্কুট খায় থাকে। ঘৰলৈ আলহী আহিলে আমি বিভিন্ন খাদ্যবস্তুৰ লগত বিস্কুটো আগবঢ়াওঁ। মুঠৰ ওপৰত চাহ আৰু বিস্কুটৰ মাজত আছে এৰাব নোৱাৰা সম্পৰ্ক। পাছে অতিমাত্ৰা সকলোতে বেয়া। আপুনি খায় ভাল পালে বুলিয়েই সৰহকৈ বিস্কুট খায় নাথাকিব। অত্যধিক বিস্কুট সেৱনেও মানুহৰ স্বাস্থ্যত পেলায় বিৰূপ প্ৰভাৱ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ই মানুহৰ স্বাস্থ্যৰ অৱনতিও কৰিব পাৰে। 

চাহৰ লগত সৰহকৈ বিস্কুট খালে আপোনাৰ স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে জানি লওক

১)বিস্কুটত চেনিৰ পৰিমাণ অতি বেছি। অত্যধিক চেনি সেৱন কৰিলেও ছালত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও মুখমণ্ডলত ব্ৰণ দেখা দিয়া বা বলিৰেখা পৰিব পাৰে।

২)চাহৰ লগত মিঠা বিস্কুট বেছিকৈ খালেও দাঁতত বেয়া প্ৰভাৱ পৰে। দাঁত ক্ষয় যোৱা, দাঁতত ফুটা হোৱা, মুখত বেক্টেৰিয়া আদি সমস্যা হ’ব পাৰে।

৩)নিয়মিতভাৱে বিস্কুট খালে মেদবহুলতা আৰু শৰীৰত ইনচুলিনৰ পৰিমাণো বৃদ্ধি পায়।

৪)ৰাতিপুৱা অত্যধিক কেলৰি সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

৫)বিস্কুটত অত্যধিক মিঠা থকা বাবে ইয়াক খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

৬)বিস্কুটত যথেষ্ট পৰিমাণৰ প্ৰিজাৰভেটিভ আৰু ছডিয়াম থাকে, যি শৰীৰৰ বাবে ক্ষতিকাৰক।

সেয়েহ চাহৰ লগত ১-২ বিস্কুট খোৱাৰ অভ্যাস গঢ়ি তোলক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ