--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহ আৰু বিস্কুট এক এৰাব নোৱাৰা যুটী। চাহৰ লগত বিস্কুট থাকিবই। ৰাতিপুৱা হওক বা আবেলিৰ চাহ হওক বিস্কুট প্ৰায় প্ৰতিজন লোককে লাগে। কিছুমানেটো চাহৰ শেষ শোহা মৰালৈকে বিস্কুট খায় থাকে। ঘৰলৈ আলহী আহিলে আমি বিভিন্ন খাদ্যবস্তুৰ লগত বিস্কুটো আগবঢ়াওঁ। মুঠৰ ওপৰত চাহ আৰু বিস্কুটৰ মাজত আছে এৰাব নোৱাৰা সম্পৰ্ক। পাছে অতিমাত্ৰা সকলোতে বেয়া। আপুনি খায় ভাল পালে বুলিয়েই সৰহকৈ বিস্কুট খায় নাথাকিব। অত্যধিক বিস্কুট সেৱনেও মানুহৰ স্বাস্থ্যত পেলায় বিৰূপ প্ৰভাৱ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে ই মানুহৰ স্বাস্থ্যৰ অৱনতিও কৰিব পাৰে। 

চাহৰ লগত সৰহকৈ বিস্কুট খালে আপোনাৰ স্বাস্থ্যৰ কি ক্ষতি হ'ব পাৰে জানি লওক

১)বিস্কুটত চেনিৰ পৰিমাণ অতি বেছি। অত্যধিক চেনি সেৱন কৰিলেও ছালত বেয়া প্ৰভাৱ পৰে। ইয়াৰ উপৰিও মুখমণ্ডলত ব্ৰণ দেখা দিয়া বা বলিৰেখা পৰিব পাৰে।

২)চাহৰ লগত মিঠা বিস্কুট বেছিকৈ খালেও দাঁতত বেয়া প্ৰভাৱ পৰে। দাঁত ক্ষয় যোৱা, দাঁতত ফুটা হোৱা, মুখত বেক্টেৰিয়া আদি সমস্যা হ’ব পাৰে।

৩)নিয়মিতভাৱে বিস্কুট খালে মেদবহুলতা আৰু শৰীৰত ইনচুলিনৰ পৰিমাণো বৃদ্ধি পায়।

৪)ৰাতিপুৱা অত্যধিক কেলৰি সেৱন কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

৫)বিস্কুটত অত্যধিক মিঠা থকা বাবে ইয়াক খোৱাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

৬)বিস্কুটত যথেষ্ট পৰিমাণৰ প্ৰিজাৰভেটিভ আৰু ছডিয়াম থাকে, যি শৰীৰৰ বাবে ক্ষতিকাৰক।

সেয়েহ চাহৰ লগত ১-২ বিস্কুট খোৱাৰ অভ্যাস গঢ়ি তোলক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু