--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লোক সভা আৰু ৰাজ্য সভা বুধবাৰে পুৱা মিলিত হোৱাৰ কিছুসময়ৰ পাছতে স্থগিত ৰখা হয়। লোক সভাত পূর্বতে দুবাৰ সদন স্থগিত ৰখাৰ পাছত বিয়লি দুই বজাত সদন পুনৰ মিলিত হয়।

ডিজিটেল ডেস্ক : বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনীক (এছ আই আৰ) লৈ বিতৰ্কৰ দাবীত বিৰোধী পক্ষই বুধবাৰে তৃতীয় দিনাও সংসদৰ উভয় সদনৰ কাম-কাজ অচল কৰি দিয়ে। উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বুধবাৰে আছিল তৃতীয় দিন। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে কেইবাৰো সদন স্থগিত ৰখাৰ পাছত উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়।


লোক সভা আৰু ৰাজ্য সভা বুধবাৰে পুৱা মিলিত হোৱাৰ কিছুসময়ৰ পাছতে স্থগিত ৰখা হয়। লোক সভাত পূর্বতে দুবাৰ সদন স্থগিত ৰখাৰ পাছত বিয়লি দুই বজাত সদন পুনৰ মিলিত হয়। সদন পুনৰ মিলিত হোৱাৰ সময়তে বিৰোধী পক্ষৰ সদস্যসকলে শ্ল'গান দি অধ্যক্ষৰ আসনৰ সন্মুখলৈ নামি আহে। অধ্যক্ষৰ আসনত থকা কৃষ্ণ প্রসাদ তেন্নেটিয়ে এখন বিধেয়কৰ বিতৰ্কত বিৰোধী পক্ষৰ সদস্যসকলৰ সহযোগ বিচাৰে, কিন্তু বিৰোধী পক্ষৰ সদস্যসকলে তেওঁৰ অনুৰোধক গুৰুত্ব নিদিলে।


তেন্নেটিয়ে কয়- 'হুলস্থূলীয়া পৰিৱেশৰ বাবে প্ৰথন দিনাৰ কাম-কাজ সম্পাদন কৰিব পৰা নগ'ল। আপোনালোকে আজি হাতত প্লে' কার্ড লৈ আহিছে, এইটো সঠিক হোৱা নাই।' তেওঁ বাৰম্বাৰ অনুৰোধ জনায়ো বিৰোধী পক্ষৰ সদস্যসকলক শান্ত কৰিব নোৱাৰিলে আৰু হুলস্থূলীয়া পৰিৱেশৰ মাজত দিনটোৰ বাবে সদন স্থগিত ৰাখে। আজি প্রশ্নকাল আৰু শূন্যকালো নহ'ল। লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অপাৰেশ্যন সেন্দূৰৰ প্ৰসংগ উত্থাপন কৰি কয় যে চৰকাৰে অপাৰেশ্যন সেন্দূৰ এতিয়াও অব্যাহত আছে বুলি কৈ আহিছে, ইয়াৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে বন্ধ কৰা বুলি দাবী কৰিছে। গান্ধীয়ে কয়, 'যুদ্ধ-বিৰতি তেওঁ কৰোৱা বুলি ট্রাম্পে এতিয়ালৈকে ২৫ বাৰ কৈছে। এই কথা ক'বলৈ তেওঁ কোন, ই তেওঁৰ কাম নহয়। কিন্তু প্রধানমন্ত্রী মোদীয়ে ইয়াৰ এবাৰো উত্তৰ দিয়া নাই। এনেকুৱা লাগিছে যেন ক'ৰবাত কিবা এটা লুকাই আছে।'


ইয়াৰ আগতে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ বিৰোধী পক্ষৰ সদস্যসকলে লোক সভাত বুধবাৰে ক'লা কাপোৰ প্রদর্শন কৰে। তেতিয়া অধ্যক্ষ ওম বিৰলাই কয়, 'আপোনালোকে পথত কৰা ব্যৱহাৰ সদনত কৰিব নোৱাৰে।' ইফালে কংগ্ৰেছৰ নেতৃত্বৰ ইণ্ডিয়া মৰ্চাৰ কেইবাটাও সহযোগী দলে আজি সংসদৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কেইবাজনো সাংসদে প্রতিবাদৰ সময়ত ক'লা বস্ত্ৰ পৰিধান কৰি আছিল। প্রতিবাদী কার্যসূচীত লোক সভাত বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈ, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱ আৰু আন সাংসদসকলে অংশগ্রহণ কৰে।


গৌৰৱ গগৈয়ে কয়, 'বিহাৰত কৰা বিশেষ সংশোধনী সমগ্র দেশতে কৰা হ'ব। এই বিষয়টোক লৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ দিয়া উচিত। গগৈয়ে কয়, 'ইয়াৰ উদ্দেশ্য হ'ল বিজেপিক ভোট নিদিয়াসকলৰ ভোটাধিকাৰ খৰ্ব কৰা এই 'ভোট বন্দী'ৰ আমি তীব্র বিৰোধিতা কৰি যাম। এছ আই আৰ আৰু পহলগামৰ আক্ৰমণক লৈ সংসদত কেতিয়া আলোচনা কৰা হ'ব, চৰকাৰে সেইটো স্পষ্ট কৰা উচিত।' ৰাজ্য সভাতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাত সদন দিনটোৰ বাবে স্থগিত ৰখা হয়। সদনৰ উপ-সভাপতি হৰিবংশ সিঙে জনোৱা মতে, বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ আলোচনা কৰাৰ বাবে তেওঁ ২৫খন জাননী পাইছে। অৱশ্যে তেওঁ কেউখন জাননী অগ্রাহ্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ