--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রধানমন্ত্রী মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ অন্তত ভাৰতে দেশখনৰ প্ৰায় ৪,৮৫০ কোটি টকাৰ ঋণৰ সুবিধা দিয়া এখন চুক্তি সম্পাদন কৰে

ডিজিটেল ডেস্ক :প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়তে শুকুৰবাৰে ভাৰত আৰু মালদ্বীপৰ মাজত কেইবাখনো চুক্তি সম্পাদিত হয়।


প্রধানমন্ত্রী মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৰ মাজত হোৱা দ্বিপাক্ষিক আলোচনাৰ অন্তত ভাৰতে দেশখনৰ প্ৰায় ৪,৮৫০ কোটি টকাৰ ঋণৰ সুবিধা দিয়া এখন চুক্তি সম্পাদন কৰে।


ভাৰতে মালদ্বীপৰ ৫৬.৫ কোটি ডলাৰৰ নতুন লাইন অব্ ক্রেডিট দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে বৰ্তমান আর্থিক ক্ষতিৰ সৈতে যুঁজ দি থকা দেশখনে যথেষ্ট সকাহ লাভ কৰিব বুলি কোৱা হৈছে। মুইজ্জুৰ সৈতে কৰা আলোচনাৰ পাছত প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ সম্পৰ্কত আলোচনা আৰম্ভ হৈছে।


প্রধানমন্ত্রীয়ে কয়, 'ভাৰত-মালদ্বীপৰ সম্পৰ্ক সাগৰৰ দৰে গভীৰ। মালদ্বীপ ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য বন্ধু হোৱাৰ বাবে গর্ব বোধ কৰিছোঁ। 'চুবুৰীয়া প্রথম নীতি' আৰু মহাসাগৰ ভিজনত মালদ্বীপে গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে।' প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰত আৰু মালদ্বীপৰ মাজত দ্বিপাক্ষিক বিনিয়োগ চুক্তিক চূড়ান্ত ৰূপ দিয়াৰ কাম চলি আছে। তেওঁ কয়, 'আমি মালদ্বীপক ৫৬.৫ কোটি মার্কিন ডলাৰৰ ঋণ সাহায্য দিয়াৰ সিদ্ধান্ত লৈছোঁ। ই পৰস্পৰৰ মাজত প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ দিশত সহযোগিতাত আস্থাৰ এক প্রমাণ। ভাৰতে মালদ্বীপৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰাত সদায় সহযোগ কৰি যাব।' দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এটা ডাক টিকটো মুকলি কৰা হয়। ইয়াৰ লগতে দেশখনত ছটা সামূহিক উন্নয়ন প্রকল্পও আৰম্ভ কৰা হয়। উল্লেখযোগ্য যে মুইজ্জুৱে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভাৰত-বিৰোধী স্থিতি গ্রহণ কৰিছিল। তেওঁ নির্বাচনত 'ইণ্ডিয়া আউট' শ্ল'গানো দিছিল। তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ পাছৰ পৰাই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অৱনমিত হয়। ভাৰতীয় পৰ্যটকে দেশখন বৰ্জন কৰিছিল। এসময়ত চীনৰ ঘনিষ্ঠ হৈ পৰা মুইজ্জুৱে এতিয়া ভাৰতৰ সৈতে ঘনিষ্ঠ হ'বলৈ ধৰিছে।


ইফালে ব্রিটেইন ভ্ৰমণ কৰি মালদ্বীপত উপস্থিত হোৱাৰ সময়ত শুকুৰবাৰে প্রধানমন্ত্ৰীক আন্তৰিকতাৰে আদৰণি জনোৱা হয়। বিমান বন্দৰত ৰাষ্ট্ৰপতি মুইজ্জুৰ লগতে তেওঁৰ সমগ্ৰ কেবিনেটে প্রধানমন্ত্রী মোদীক আদৰণি জনায়। ৰাষ্ট্ৰপতি মুইজ্জুৱে প্রধানমন্ত্রীক আলিংগন কৰি আদৰণি জনায়। প্রধানমন্ত্রীক গার্ড অব অনাৰ দিয়া হয়। ৰাজধানী মালেত উপস্থিত হোৱাৰ সময়ত মালদ্বীপৰ লোকসকলে 'মোদী জিন্দাবাদ' ধ্বনিও দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু