--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিগত ১৩ বছৰ ধৰি গৃহযুদ্ধত জৰ্জৰিত হৈ থকা ছিৰিয়াত চলিত বৰ্ষৰ ২৭ নৱেম্বৰৰ পৰা ছিৰিয়াত সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল৷ এতিয়া ইতিহাস হ’ল ইৰাণ আৰু ৰাছিয়াৰ দ্বাৰা সমৰ্থিত ছিৰিয়াৰ বাছাৰ আল আছাদৰ চৰকাৰ৷ 

ইতিমধ্যে চিৰিয়াৰ বিদ্ৰোহী সংগঠনটোৱে ৰাজধানী দামাস্কাছ দখল কৰা পাছতে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে দেশ এৰি যোৱা বুলি দাবী কৰিছে বিদ্ৰোহী সংগঠনটোৱে৷ ব্ৰিটেইনস্থিত যুদ্ধ নিৰীক্ষক ছিৰিয়ান মানৱ অধিকাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰই সদৰি কৰা অনুসৰি দেওবাৰে পুৱাই বিদ্ৰোহীসকলে ডামাস্কাছত প্ৰৱেশ কৰে। ইয়াৰ লগে লগেই দীৰ্ঘদিনীয়া গৃহযুদ্ধৰ অন্তত ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে ছিৰিয়াৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই। 

প্ৰসমগ ক্ৰমে আইছিছৰ বিৰুদ্ধে যুঁজত কুৰ্দি বাহিনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কুৰ্দি বাহিনীয়ে আইছিছৰ কবলত থকা অঞ্চলসমূহ মুক্ত কৰাৰ বাবে আমেৰিকা নেতৃত্বাধীন মিত্ৰজোঁটৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আহিছে। অৱশ্যে তুৰস্কই কুৰ্দসকলক বিচ্ছিন্নতাবাদী বুলি গণ্য কৰাৰ লগতে ছিৰিয়াত কুৰ্দ স্বায়ত্তশাসিত অঞ্চল গঠনৰ বিৰোধিতা কৰি আহিছে। ছিৰিয়াত কুৰ্দি বাহিনীৰ বিৰুদ্ধে কেইবাটাও সামৰিক অভিযান চলাইছে তুৰস্কই। যদিও ছিৰিয়া চৰকাৰ আৰু কুৰ্দে আইছিছৰ বিৰুদ্ধে যুঁজি দিছে তথাপিও দুই পক্ষৰ মাজত অনাস্থা আৰু সংঘাতৰ ইতিহাস বহু পুৰণি। সেয়ে ছিৰিয়া চৰকাৰে কুৰ্দৰ স্বায়ত্তশাসিত অঞ্চলটো ধ্বংস কৰিব বিচাৰিছে।

কুৰ্দি সেনাৰ মূল উদ্দেশ্য হৈছে ছিৰিয়াৰ উত্তৰ-পূবত স্বায়ত্তশাসিত কুৰ্দি অঞ্চল স্থাপন কৰা। আৰু কুৰ্দি বাহিনীয়ে তুৰস্কৰ হস্তক্ষেপৰ বিৰোধিতা কৰাৰ লগতে নিজৰ ভূখণ্ড সুৰক্ষিত কৰিব বিচাৰে। ইয়াৰোপৰি কুৰ্দি সেনাই আইছিছক সম্পূৰ্ণৰূপে শেষ কৰিব বিচাৰে। 

কুৰ্দি বাহিনীয়ে আমেৰিকাৰ পৰা সমৰ্থন লাভ কৰি আহিছে যদিও শেহতীয়াকৈ আমেৰিকাই সমৰ্থন প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰাত আইছিছে ছিৰিয়াৰ সংকট আৰু অধিক ভয়াৱহ কৰি তুলিলে৷যাৰ ফলত ছিৰিয়াত আইছিছৰ ভূমিকা অত্যন্ত ধ্বংসাত্মক হৈ পৰে। 

আইছিছৰ বাবে ছিৰিয়াই যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হয়। আইছিছে ছিৰিয়া আৰু ইৰাকৰ বৃহৎ অঞ্চল দখল কৰিছিল আৰু এই অঞ্চলসমূহক একত্ৰিত কৰি ইছলামিক খিলাফত ঘোষণা কৰিছিল। আইছিছে বৃহৎ পৰিসৰত গণহত্যা সংঘটিত কৰিছিল। আৰু দখল কৰা ভূখণ্ডৰ তেল আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ শোষণ কৰি আইছিছে নিজৰ আৰ্থিক সম্পদ বহু পৰিমাণে শক্তিশালী কৰিছে। সমগ্ৰ বিশ্বতে আইছিছে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছে।

ছিৰিয়াত বিদ্ৰোহীসকলৰ দাবী সময়ৰ লগে লগে আৰু বিভিন্ন দলৰ মাজত ভিন্ন হৈ আহিছে যদিও তেওঁলোকৰ আটাইতকৈ ডাঙৰ দাবী আছিল বাছাৰ আল আছাদৰ শাসন ব্যৱস্থাৰ অন্ত পেলোৱা। অৰ্থাৎ  বিদ্ৰোহীসকলে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠা কৰি সকলো নাগৰিকৰ সম অধিকাৰৰ দাবী জনাই আহিছিল। আৰু বহু বিদ্ৰোহী সংগঠনে দেশৰ ঐক্য আৰু অখণ্ডতা বজাই ৰখাৰ লগতে দেশক বিভাজনৰ পৰা বচাব বিচাৰে। কিছুমান ধৰ্মীয় সংগঠনে ইছলামিক শাসন প্ৰতিষ্ঠা কৰি ইছলামিক আইন অনুসৰি দেশ চলাব বিচাৰে৷ যিহওক অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া বিদ্ৰোহৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক