--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৰিয়াৰ জনপ্ৰিয় অভিনেতা পাৰ্ক মিন জেৰ ৩২ বছৰ বয়সত মৃত্যু। হাৰ্ট এটেক হোৱাৰ বাবে তেওঁ মৃত্যুক সাবটি লয়। তেওঁৰ পৰিয়াল আৰু এজেন্সীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ তেওঁৰ অনুৰাগীক দিয়ে। এই খবৰ পোৱাৰ পাছতেই পাৰ্ক মিন জেৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। 

৪ ডিচেম্বৰত পাৰ্ক মিন জেৰ শেষকৃত্য সম্পন্ন হয়। পাৰ্কৰ পৰিয়াল আৰু এজেন্সীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলক এই বিষয়ে অৱগত কৰে। পাৰ্কৰ কনিষ্ঠ ভাতৃয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘‘আমাৰ প্ৰিয় ভাতৃ এতিয়া শান্তিৰে শুইছে। আমি আশা কৰিছো যে শেষবাৰৰ বাবে তেওঁক বিদায় জনাবলৈ আপোনালোক আহিব।’’

পাৰ্কৰ এজেন্সী ‘বিগ টাইটেল’ইও তেওঁৰ বাবে লিখিছে, ‘‘সদায় নিজৰ শ্ৰেষ্ঠতা উজাৰি দিয়া পাৰ্ক মিন জে আৰু আমাৰ মাজত নাই। তেওঁ এজন অতি প্ৰতিভাৱান অভিনেতা আছিল। যদিও আমি তেওঁৰ কাম আৰু চাব নোৱাৰিম, কিন্তু আমি তেওঁক বিগ টাইটেলৰ আটাইতকৈ বিশেষ অভিনেতা হিচাপে স্মৰণ কৰিম। আশাকৰোঁ তেওঁৰ আত্মাই শান্তি লাভ কৰিব।’’

উল্লেখ্য যে পাৰ্ক মিন জেই বহু কোৰিয়ান নাট্য ছবি আৰু ধাৰাবাহিকত কাম কৰিছে। কোৰিয়াৰ নাট্য ধাৰাবাহিক ‘আইডল: দ্য ক’প’ত কাম কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ইয়াৰ উপৰিও কোৰিয়ান নাটক ‘লিটিল উইমেন’, ‘নাম্বাৰ্ছ’, ‘কোৰিয়া-খিটান ৱাৰ’, ‘কল ইট লাভ’ আদি নাটকতো কাম কৰিছে। শেহতীয়াকৈ তেওঁ কোৰিয়াৰ ৱেব ছিৰিজ ‘স্নেপ এণ্ড স্পাৰ্ক’ত কাম কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক