--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৰিয়াৰ জনপ্ৰিয় অভিনেতা পাৰ্ক মিন জেৰ ৩২ বছৰ বয়সত মৃত্যু। হাৰ্ট এটেক হোৱাৰ বাবে তেওঁ মৃত্যুক সাবটি লয়। তেওঁৰ পৰিয়াল আৰু এজেন্সীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে তেওঁৰ মৃত্যুৰ খবৰ তেওঁৰ অনুৰাগীক দিয়ে। এই খবৰ পোৱাৰ পাছতেই পাৰ্ক মিন জেৰ অনুৰাগীসকল দুখত ভাগি পৰিছে। 

৪ ডিচেম্বৰত পাৰ্ক মিন জেৰ শেষকৃত্য সম্পন্ন হয়। পাৰ্কৰ পৰিয়াল আৰু এজেন্সীয়ে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁৰ অনুৰাগীসকলক এই বিষয়ে অৱগত কৰে। পাৰ্কৰ কনিষ্ঠ ভাতৃয়ে ইনষ্টাগ্ৰাম পোষ্টত লিখিছে, ‘‘আমাৰ প্ৰিয় ভাতৃ এতিয়া শান্তিৰে শুইছে। আমি আশা কৰিছো যে শেষবাৰৰ বাবে তেওঁক বিদায় জনাবলৈ আপোনালোক আহিব।’’

পাৰ্কৰ এজেন্সী ‘বিগ টাইটেল’ইও তেওঁৰ বাবে লিখিছে, ‘‘সদায় নিজৰ শ্ৰেষ্ঠতা উজাৰি দিয়া পাৰ্ক মিন জে আৰু আমাৰ মাজত নাই। তেওঁ এজন অতি প্ৰতিভাৱান অভিনেতা আছিল। যদিও আমি তেওঁৰ কাম আৰু চাব নোৱাৰিম, কিন্তু আমি তেওঁক বিগ টাইটেলৰ আটাইতকৈ বিশেষ অভিনেতা হিচাপে স্মৰণ কৰিম। আশাকৰোঁ তেওঁৰ আত্মাই শান্তি লাভ কৰিব।’’

উল্লেখ্য যে পাৰ্ক মিন জেই বহু কোৰিয়ান নাট্য ছবি আৰু ধাৰাবাহিকত কাম কৰিছে। কোৰিয়াৰ নাট্য ধাৰাবাহিক ‘আইডল: দ্য ক’প’ত কাম কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত। ইয়াৰ উপৰিও কোৰিয়ান নাটক ‘লিটিল উইমেন’, ‘নাম্বাৰ্ছ’, ‘কোৰিয়া-খিটান ৱাৰ’, ‘কল ইট লাভ’ আদি নাটকতো কাম কৰিছে। শেহতীয়াকৈ তেওঁ কোৰিয়াৰ ৱেব ছিৰিজ ‘স্নেপ এণ্ড স্পাৰ্ক’ত কাম কৰি আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ