--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যি সময়ত তালিবানে আফগানিস্তানক নিজৰ দখলত আনি দেশখনৰ নাগৰিকৰ মৌলিক অধিকাৰ পৰ্যন্ত খৰ্ব কৰিছে, মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে সেই সময়তে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ বাবে গঠন হোৱা ৰাষ্ট্ৰসংঘৰ অস্তিত্বৰ প্ৰতি ভিন্ন ৰাষ্ট্ৰই আঙুলি তুলিছে। কিয়নো দেশখনৰ সংকটৰ সময়ত প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰসংঘই তালিবানৰ বিৰুদ্ধে মাত মতা নাই বুলি বিভিন্ন মহলে অভিযোগ আনিছে। কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰ সংঘৰ সহযোগী সংস্থা ‘UNESCO ’এ তালিবানৰ বিৰুদ্ধে মাত মাতিছে।

তালিবানে আফগানিস্তানৰ মহিলাসকলৰ ইটোৰ-পাছত সিটো নিষেধাজ্ঞ জাৰি কৰাৰ পাছত এইবাৰ বিদ্যালয়সমূহত যুৱতীসকলক পঢ়াৰ ক্ষেত্ৰত যি নিষেধাজ্ঞ আনিছে, তাক লৈয়ো ‘UNESCO’- এ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। ‘UNESCO’-এ সতৰ্ক কৰি দিছে যে, যদি যুৱতীসকলক বিদ্যালয়ত পাঠদানৰ পৰা বঞ্চিত কৰি কৰা হয় তেনেহ’লে ইয়াৰ পৰিণতি বিষম হ’ব আৰু তালিবানে ইয়াৰ ফল ভুগিব লাগিব। শিক্ষা যিহেতু প্ৰত্যেকজন মানুহৰ বাবে এক জন্মগত অধিকাৰ গতিকে তালিবানে এইক্ষেত্ৰত বাধা প্ৰয়োগ নকৰি ল’ৰা-ছোৱালী উভয়ৰ বাবে বিদ্যালয় খোলিব লাগে বুলি ‘UNESCO’ৰ মহানিৰ্দেশক অড্ৰে আজোলে মতপোষণ কৰিছে। তদুপৰি তালিবানৰ এনেধৰণৰ নিষেধাজ্ঞই ল’ৰা-ছোৱালীৰ মাজত লিংগ বৈষম্য অনা বাদে একো নহয় বুলি বিভিন্ন মহলে কৈছে।

‘UNESCO’-এ কয় যে, ‘আফগান শিশুসকলৰ প্ৰতি আমি সদায়েই দায়বদ্ধ, আৰু তেওঁলোকে লাভ কৰিবলগীয়া সকলো প্ৰাপ্য, অধিকাৰ তেওঁলোকৰ বাবে সুৰক্ষিত হৈ থাকিবই লাগিব।’ শেহতীয়াকৈ হ’লেও বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সংস্থা ‘UNESCO’-এ তালিবানলৈ জাৰি কৰা এনেধৰণৰ সতৰ্কবাণীৰ প্ৰতি আফগানিস্তানৰ লগতে বিভিন্ন ৰাষ্ট্ৰই সন্তুষ্টি প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক