--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ জাতীয় ফল হিচাপে স্বীকৃতি লাভ কৰা অসমৰ নেমুৱে বিশ্বত সৃষ্টি কৰিছে খলকনিৰ। অবিশ্বাস্য যেন লাগিলেও সত্য যে অসমত উৎপাদিত মাত্র ছটা নেমু দুহেজাৰ টকাত বিক্ৰীৰ খবৰে কৃষকৰ বাবে শুভ সংবাদ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই নিলাম হয় জার্মানিত অনুষ্ঠিত জার্মানি বায়'ফেক ট্রেডফেয়াৰ-২৫ত। বিগত ফেব্ৰুৱাৰীত বিশ্বৰ ৯৫খন ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় কৃষক, উৎপাদক আৰু বিতৰকৰ মাজত জার্মানিত অনুষ্ঠিত হোৱা বায়'ফেক ট্রেডফেয়াৰত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি অসমৰ গোলাঘাট জিলাৰ মেৰাপানীৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে এই কৃতিত্ব আর্জিবলৈ সক্ষম হৈছে। 

অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধনৰ সঞ্চালক নৃপেন চন্দ্র দাস আৰু MOVCDNERৰ ৰাজ্যিক নডেল বিষয়া লক্ষী দত্তৰ তত্ত্বাৱধানত জার্মান বায়'ফেক ট্রেডফেয়াৰত অংশগ্ৰহণ কৰিছিল অসমৰ তিনিজন কৃষক ক্রমে, পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক যুৱ কৃষক অঞ্জল লিম্বু, বোকাখাত জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ প্রহ্লাদ বৈষ্ণৱ বৰুৱা আৰু ভেৰগাঁও জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ কমলেশ্বৰ বড়ো। ভাৰতৰ হৈ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা কৃষকৰ দলটোৱে অসমৰ মাটিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আদা, হালধি, জালুক, কাজিনেমু, অমিতা, ৰঙালাউ আৰু কলৰ লগতে বিভিন্ন শাক-পাচলিৰ সম্ভাৰেৰে উপস্থিত হৈছিল জার্মান বায় 'ফেক ট্রেডফেয়াৰত। উক্ত ট্রেডফেয়াৰতে অসমৰ মাত্র ছটা কাজিনেমু জাৰ্মানিত ২০ ইউৰোত বিক্ৰী হৈছে, যাৰ ভাৰতীয় মূল্য প্রায় দুহেজাৰ টকা। এই বাণিজ্যমেলাত ফ্ৰান্সৰ এগৰাকী বিতৰকে ৬ টা কাজিনেমু উচ্চ দৰত ক্ৰয় কৰি ইয়াৰ ভৱিষ্যৎ ৰপ্তানিৰ ক্ষেত্ৰত অসমৰ কৃষকৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অসমৰ ভূমিত জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বিভিন্ন কৃষিজাত শাক-পাচলিয়ে বিশ্বৰ বহিঃৰাষ্ট্ৰত যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ জৈৱিকতাৰ গুণাগুণ পৰীক্ষাৰ পাছত বহিঃৰাষ্ট্ৰসমূহত অসমৰ জৈৱিক উৎপাদিত সামগ্ৰীৰ প্ৰচুৰ ৰপ্তানিৰ সম্ভাৱনা প্রকট হৈ পৰিছে। 

উল্লেখযোগ্য যে কিছুবছৰৰ পূৰ্বে অঞ্জল লিম্বু, সঞ্জিত বিশ্বকর্মা আদিৰ দৰে কেইজনমান যুৱ কৃষকৰ নেতৃত্বত আৰম্ভ হোৱা গোলাঘাট জিলাৰ পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে নতুন সম্ভাৱনাৰে বৃহৎ কৃষি উদ্যোগ গঢ়ি তুলি গুৱাহাটী-ডিব্ৰুগড়ৰ পৰা আৰম্ভ কৰি জাগীৰোড, গোলাঘাট-যোৰহাট আদি স্থানীয় বজাৰসমূহৰ লগতে ছৌডি আৰব, ডুবাই আদি স্থানলৈ জৈৱিক পদ্ধতিৰে উৎপাদিত বিভিন্ন কৃষিজাত সামগ্রী যোগান ধৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চলিত বর্ষতেই ওড়িষা, মহাৰাষ্ট্ৰ আৰু হায়দৰাবাদলৈ জৈৱিক উৎপাদিত ৪০০ মেট্রিকটন নাডিয়া জাতৰ আদা আৰু মিজোৰাম আৰু ওড়িষালৈ ৫০ মেট্রিকটন মেঘা-১ জাতৰ হালধি ৰপ্তানি কৰাৰ চুক্তি সম্পন্ন কৰিছে। জানিব পৰা মতে, বৰ্তমান পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীয়ে ৭০ বিঘা মাটিত ৰঙালাউৰ খেতি কৰি ২০০০ কুইণ্টল ৰঙালাউ উৎপাদন কৰি স্থানীয় বজাৰত বিক্ৰী কৰি আছে। পদুম পথাৰ জৈৱিক কৃষি উৎপাদন কোম্পানীৰ অধ্যক্ষ অঞ্জল লিম্বুৱে সদৰী কৰা মতে, বৰ্তমান ১৫০০গৰাকী কৃষকৰ দ্বাৰা উৎপাদন সমৃদ্ধ কোম্পানীটোৱে অঞ্চলটোত ১৫০০ হেক্টৰ মাটিত জৈৱিক পদ্ধতিৰে বিভিন্ন শস্যৰ উৎপাদনত ব্যস্ত হৈ পৰিছে যদিও তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ ক্ষেত্ৰত যি মূল্য পাব লাগিছিল সেই মূল্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু তেওঁলোকে ভবা মতে বহিঃৰাষ্ট্ৰত অসমৰ জৈৱিক কৃষি যোগান ধৰাৰ সুবিধা লাভ কৰিলে ই অসমৰ কৃষি অর্থনীতিত ইতিবাচক প্ৰভাৱ পেলাব। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, বিত্ত মন্ত্রী অজন্তা নেওগ আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰচেষ্টাত ভাৰতৰ হৈ জার্মান বায়'ফেক ট্রেডফেয়াৰ-২০২৫ত অংশগ্ৰহণ কৰাত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই অসমৰ জৈৱিক কৃষিৰ উৎপাদিত সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছে। সেই নমুনাসমূহৰ জৈৱিক গুণাগুণ পৰিকল্পনাৰ পাছত ৰাষ্ট্ৰসমূহে অসমৰ জৈৱিক উৎপাদিত শস্য ক্রয় কৰিবলৈ আগবাঢ়ি আহিলে অসমত 'পথাৰ যাৰ বজাৰ তাৰ' নীতি প্রযোজ্য হ'ব বুলি আশা কৰিছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত পেট্রল-ডিজেল, ৰন্ধন গেছৰ সংকট নাই: ভাৰতীয় তেল নিগমৰ ঘোষণা
IMFৰ প্ৰতিবেদন:বিশ্বৰ ষষ্ঠ স্থানলৈ অৱনমিত ভাৰতীয় অর্থনীতি
আজি নাঙল বিহু; এই বিহু কিয় পালন কৰা হয় জানেনে আপুনি?
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ প্ৰভাৱ; ৬ সপ্তাহৰ পাছত বিমান সেৱা বন্ধ হ’ব ইউৰোপত
গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত জিলিকিল ২০২৬ বৰ্ষৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ
মোদী-ট্ৰাম্পৰ টেলিফোনিক বাৰ্তালাপ: পশ্চিম এছিয়াৰ শান্তি আৰু দ্বিপাক্ষিক মিত্ৰতাৰ নতুন দিশ
বিহাৰৰ কাটিহাৰত শোকাৱহ পথ দুৰ্ঘটনা: বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত ১৩ জনৰ মৃত্যু, আহত ৩০জন
৯২ বছৰীয়া কিংবদন্তি গায়িকা আশা ভোশলে চিকিৎসালয়ত ভৰ্তি: নাতিনীয়েকে জনালে স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ খবৰ
ভুলবশতঃ আনৰ UPI একাউণ্টত টকা পঠিয়াইছে নেকি? চিন্তা নকৰিব, এইদৰে ঘূৰাই পাব পাৰে আপোনাৰ ধন
৩খন টোলগে'টে শোধাব মাধমাৰ, বিশ্বনাথ-গহপুৰ-খোৱাঙত যান-বাহনে ভৰিব মাচুল
যুদ্ধত ৩৯ মার্কিন যুঁজাৰু বিমান ধ্বংস
উত্তৰ প্ৰদেশত চাঞ্চল্য: ৫ মাহ ধৰি কন্যাৰ মৃতদেহৰ সৈতে একেলগে বাস পিতৃৰ; দুৰ্গন্ধ লুকুৱাবলৈ ব্যৱহাৰ কৰিলে পাৰফিউম
কাৰ্বি আংলঙৰ হাওৰাঘাটত হৃদয়বিদাৰক ঘটনা ; ৮ দিনীয়া সন্তানক হত্যাৰ অপৰাধত মাতৃক গ্ৰেপ্তাৰ
মোদী-ৰাহুল গান্ধীৰ অন্তৰংগ বাৰ্তালাপ