--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আয়কৰ বিভাগে সৰ্বসাধাৰণৰ আয়ত চকু ৰখাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে। সামাজিক মাধ্যমত সতর্ক দৃষ্টি ৰাখি আয়কৰ বিভাগে সকলো ধৰণৰ বিনিয়োগ তথা সম্পত্তিত চকু ৰাখিব। নতুন আয়কৰ বিধেয়কত আয়কৰ বিভাগৰ বিষয়াসকলে এই দায়িত্ব সম্পাদন কৰিব। নতুন আইনখনত কৰদাতাৰ আয় আৰু ব্যয়ত চকু ৰখাৰ বাবে বিভাগৰ বিষয়াসকলক ইয়াকে ধৰি আন ভালেমান অধিকাৰ দিয়া হৈছে। 


আয়কৰ বিভাগৰ বিষয়াসকলৰ মতে, একাংশ কৰদাতাই তেওঁলোকৰ কিছুমান বিনিয়োগ বা ব্যয়ৰ তথ্য দাখিল নকৰে, কিন্তু সামাজিক মাধ্যমৰ একাউণ্টত ইয়াৰ তথ্য থাকে। নতুন আয়কৰ বিধেয়কৰ এটা প্ৰস্তাৱত আয়কৰ বিভাগৰ বিষয়াসকলক সৰ্বসাধাৰণৰ ই-মেইল, হোৱাটছএপ, ইন্‌ষ্টাগ্ৰামৰ দৰে সামাজিত মাধ্যমৰ একাউণ্টত চকু ৰখাৰ অনুমতি দিছে। 

ইয়াৰ প্রধান লক্ষ্য হ'ল ক্রিপ্ট'কাৰেন্সীত বিনিয়োগৰ তথ্য লাভ কৰা। ১৯৬১ চনৰ আয়কৰ আইনৰ স্থান ল'ব লগা এই নতুন আয়কৰ বিধেয়কখনত ডিজিটেল ক্ষেত্ৰখনত থকা তথ্যৰ সন্ধান কৰা আৰু ইয়াৰ ভিত্তিত জব্দ কৰাৰ ব্যৱস্থা লোৱা হৈছে। ইয়াৰ জৰিয়তে আয়কৰ বিভাগৰ বিষয়াসকলে ভার্চুৱেল সম্পত্তিৰ তদন্ত কৰিব পাৰিব, যদিহে তেওঁলোকে ভাৱে যে সংশ্লিষ্ট কৰদাতাই কৰযোগ আয় বা বিনিয়োগৰ তথ্য লুকুৱাই ৰাখিছে। বিশেষজ্ঞসকলৰ মতে, এই ব্যৱস্থাই ডিজিটেল অর্থব্যৱস্থাত থকা সুৰুঙাৰ সুযোগ লৈ কৰ ফাকি দিয়াতো প্ৰতিৰোধ কৰিব পাৰিব। 

উল্লেখযোগ্য যে ভাৰতত ক্রিপ্ট'কাৰেন্সীৰ লেনদেন দ্রুতগতিত বৃদ্ধি পাইছে। বর্তমান ক্রিপ্ট'কাৰেন্সীৰ জৰিয়তে হোৱা লেনদেনত ৩০% হাৰত কৰ আৰোপ কৰা হয়। সেয়েহে একাংশ লোকে এনে ধৰণৰ লেনদেনৰ তথ্য লুকুৱাই ৰাখে। প্ৰস্তাৱিত আইনখনে যুটীয়া আয়ুক্ত বা তাৰ ওপৰৰ বিষয়াসকলক প্রয়োজন সাপেক্ষে ইলেক্ট্রনিক সঁজুলি আৰু ডিজিটেল প্লেটফৰ্মৰ একছেছ কন্ট্রলক অভাৰছাইড কৰিব পাৰিব। ইয়াৰ ভিতৰত ক্লাউড ষ্ট'ৰেজ, এনক্রিপ্টেড কমিউনিকেশ্যন চেনেল আৰু ডিজিটেল এছেট এক্সছেঞ্জত চকু ৰখাও আছে। বিধেয়কখনৰ ২৪৭ ধাৰাই বিভাগৰ সংশ্লিষ্ট বিষয়াই কম্পিউটাৰ ছিষ্টেম বা ভার্চুৱেল ডিজিটেল স্পেচৰ একছেছ ক'ড অভাৰছাইড কৰাৰ অনুমতি দিয়ে। অৱশ্যে কৰ বিভাগৰ বিষয়াসকলক এই প্ৰস্তাৱিত আইনে কোনো নতুন অধিকাৰ দিয়া নাই। বর্তমান তথ্য-প্রযুক্তি আইনত
এই ব্যৱস্থা আছেই।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ