--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মঙলবাৰে হাউলী ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হয়। ড° শৰ্মা ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগেই ভকত-বৈষ্ণৱসকলে আশিস নির্মালি প্রদান কৰি সত্ৰীয়া নৃত্যৰে ৰাস মন্দিৰৰ প্ৰাংগণলৈ আদৰি আনে। মন্দিৰলৈ যোৱা পথত মুখ্যমন্ত্রী ড° শর্মাই অসংখ্য শুভাকাংক্ষীক অভিবাদন জনাই মন্দিৰত প্ৰৱেশ কৰে। 

তেওঁ ৰাস মন্দিৰ দৰ্শন কৰাৰ পাছতে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ লগত সমিতিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠক সমাপ্ত হোৱাৰ পাছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে হাউলী ৰাস মন্দিৰৰ বাকৰিত এটা শতবৰ্ষৰ ভৱন নিৰ্মাণ কৰাৰ বাবে ৰাস উদযাপন সমিতিক পৰিকল্পনা আৰু প্ৰাক্‌কলন প্রস্তুত কৰিবলৈ দিয়া বুলি জানিবলৈ দিয়ে। 

তদুপৰি, আমিনগাঁৱৰ পৰা বৰপেটা হৈ হাউলীলৈ হ'বলগীয়া নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তুতিৰ বাবে যাৱতীয় কাম-কাজ শীঘ্ৰে আৰম্ভ কৰিব বুলি কয়। তদুপৰি, উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই বৰ্ষৰ ভিতৰত অসমত নতুনকৈ ৪০-ৰ পৰা ৫০ হাজাৰ নিৱনুৱা যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব বুলি কোৱাৰ লগতে ফেব্ৰুৱাৰী অথবা মাৰ্চত এ ডি আৰ ইৰ ফলাফল ঘোষণা কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী ড° শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ