--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মঙলবাৰে হাউলী ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হয়। ড° শৰ্মা ৰাস মন্দিৰৰ প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগেই ভকত-বৈষ্ণৱসকলে আশিস নির্মালি প্রদান কৰি সত্ৰীয়া নৃত্যৰে ৰাস মন্দিৰৰ প্ৰাংগণলৈ আদৰি আনে। মন্দিৰলৈ যোৱা পথত মুখ্যমন্ত্রী ড° শর্মাই অসংখ্য শুভাকাংক্ষীক অভিবাদন জনাই মন্দিৰত প্ৰৱেশ কৰে। 

তেওঁ ৰাস মন্দিৰ দৰ্শন কৰাৰ পাছতে হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ লগত সমিতিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠক সমাপ্ত হোৱাৰ পাছতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে হাউলী ৰাস মন্দিৰৰ বাকৰিত এটা শতবৰ্ষৰ ভৱন নিৰ্মাণ কৰাৰ বাবে ৰাস উদযাপন সমিতিক পৰিকল্পনা আৰু প্ৰাক্‌কলন প্রস্তুত কৰিবলৈ দিয়া বুলি জানিবলৈ দিয়ে। 

তদুপৰি, আমিনগাঁৱৰ পৰা বৰপেটা হৈ হাউলীলৈ হ'বলগীয়া নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ প্ৰস্তুতিৰ বাবে যাৱতীয় কাম-কাজ শীঘ্ৰে আৰম্ভ কৰিব বুলি কয়। তদুপৰি, উচ্চতৰ মাধ্যমিক পৰীক্ষা শেষ হোৱাৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা মন্তব্য কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই বৰ্ষৰ ভিতৰত অসমত নতুনকৈ ৪০-ৰ পৰা ৫০ হাজাৰ নিৱনুৱা যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব বুলি কোৱাৰ লগতে ফেব্ৰুৱাৰী অথবা মাৰ্চত এ ডি আৰ ইৰ ফলাফল ঘোষণা কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্রী ড° শৰ্মাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু