--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য মাউণ্টেন মেন' ছবিখনৰ বিষয়ে আপুনি জানেনে? এটা পাহাৰৰ বাবে বহু কিলোমিটাৰ যাত্ৰা কৰি অসুস্থ পত্নীৰ সৈতে চিকিৎসালয় পোৱাৰ পিছতো, চিকিৎসালয় আহি পোৱাত পলম হোৱা বাবে তেওঁক ৰক্ষা কৰিব নোৱাৰিলে। পত্নীৰ মৃত্যুৰ পিছত পত্নীক হেৰুৱাৰ বেদনাত বিহাৰৰ দশ্ৰথ মাঝিয়ে পাহাৰ কাটি নিজে এটা পথ নিৰ্মাণ কৰে। ২০০৭ চনত তেওঁৰ মৃত্যুৰ পাছত কেইবছৰমান পিছত তেওঁৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছিল বলীউডৰ ছবি ‘মাঝি দ্য মাউণ্টেন মেন’। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে। 

বুধবাৰে দ্য মাউণ্টেন মেন দশৰথ মাঝিৰ পুত্ৰই ভগীৰথে কংগ্ৰেছত যোগদান কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে।একে সময়তে দিল্লীত জেডি(ইউ)ৰ প্ৰাক্তন সাংসদ তথা পিছপৰা পাছমাণ্ডা মুছলমান সম্প্ৰদায়ৰ নেতা আলী আনোৱাৰ, পিছপৰা প্ৰজাপতি সম্প্ৰদায়ৰ সামাজিক সংগঠন ‘অল ইণ্ডিয়া প্ৰজাপতি কুম্ভৰ সংঘ’ৰ মুৰব্বী মনোজ প্ৰজাপতি, পদ্মশ্ৰী বঁটা বিজয়ী চিকিৎসক জগদীশ প্ৰসাদ (আম আদমী পাৰ্টিৰ নেতা)আৰু বিজেপিৰ দুই প্ৰাক্তন মুখপাত্ৰ নিশান্ত আনন্দ আৰু নিখাত আব্বাছে কংগ্ৰেছত যোগদান কৰে।


চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব লগীয়া বিহাৰ বিধানসভা নিৰ্বাচনত লালু প্ৰসাদৰ আৰজেডি আৰু বাওঁপন্থীয়ে গঠন কৰা ‘মহাগঠবন্ধন’ মিত্ৰজোঁটত আছে কংগ্ৰেছ। অৱশ্যে শেহতীয়াকৈ লালুৰ পুত্ৰ তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে বিধানসভা নিৰ্বাচনত বিভিন্ন সমীকৰণ হ’ব পাৰে বুলি ইংগিত দিছিল। দৰাচলতে ১৯৯০ চনৰ বিধানসভা নিৰ্বাচনত চুবুৰীয়া ৰাজ্য বংগত ক্ষমতা হেৰুৱাৰ পৰাই  ক্ৰমান্বয়ে কংগ্ৰেছ তাত এক প্ৰান্তীয় শক্তিলৈ পৰিণত হৈছে। প্ৰয়াত দশৰথে একক যুদ্ধৰ সন্মুখত ‘অভেদ্য পৰ্বত’ কেনেকৈ ভেদ কৰিব পাৰে তাৰ নিদৰ্শন দেখুৱাই গৈছে যদিও। পুত্ৰ ভগীৰথৰ যুঁজখনো নিশ্চয়কা জহজ নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ