--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো যে খাদ্য সদায় ভালদৰে চোবাই খাব লাগে। কিন্তু আজিকালি সকলোৰে জীৱনত দৌৰাদৌৰি বাঢ়িছে, শান্তিৰে বহি খাদ্য খাবলৈ কাৰো হাতত পৰ্যাপ্ত সময় নাই। ইমানবোৰ কাম থাকে যে খাদ্যখিনি খৰধৰকৈ খাই শেষ কৰাটোতে সকলোৱে গুৰুত্ব দিয়ে। কিন্তু অতি খৰকৈ খাদ্য খোৱাৰ অভ্যাসে আপোনাৰ স্বাস্থ্যৰ ওপৰত ডাঙৰ আৰু গভীৰ প্ৰভাৱ পেলায়। গতিকে আজি জনাম যে ধীৰে-সুস্থিৰে খাদ্য চোবাই খালে কি কি উপকাৰ হয়? আৰু খৰধৰকৈ খালে কি ক্ষতি হয়?

- বেছি খৰকৈ খালে শৰীৰৰ ওজন বাঢ়িব পাৰে কাৰণ খাদ্যখিনি ভালদৰে চোবাই খাব নোৱাৰি, যাৰ ফলত পেটৰ হজম হোৱাত অসুবিধা হয়।

- ইয়াৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ হ’ব।

- বেছি খৰকৈ খালে গেছ আৰু পেট ফুলাৰ দৰে সমস্যাও হ’ব পাৰে।

- সোনকালে খাদ্য খোৱাৰ ফলত মেদবহুলতাৰ সমস্যা হয়, আৰু মেদবহুলতাৰ ফলত বহুতো ৰোগ হয়।

লাহে লাহে খাদ্য চোৱাই খোৱাৰ উপকাৰ কি কি?

- লাহে লাহে খালে বা খাদ্য চোবাই খালে বহু উপকাৰ হয়।

- খাদ্য চোবাই খালে খাদ্যৰ লগত লেলাউটি সঠিকভাৱে মিহলি হয়।

লাহে লাহে খাদ্য গ্ৰহণ কৰিলে অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰি। এইদৰে মেদবহুলতাও এৰাই চলিব পাৰি।

- খাদ্যৰ এটা কামোৰ কমেও ৩০ বাৰ চোবাই খাব লাগে, আৰু যদি আপুনি বাদাম বা যিকোনো ধৰণৰ গুটি খাই আছে তেন্তে কমেও ৪০ বাৰ চোবাই খাব লাগে।

- যদি আপুনি এইটোত অভ্যস্ত নহয় তেন্তে আপোনাৰ খাদ্য ২১ দিনলৈ বহু সময় চোবাই খাব লাগে। ইয়াৰ পিছত শৰীৰে বহুদিনলৈ খাদ্য চোবাই খোৱাৰ অভ্যাস গঢ়ি তুলিব।

খাদ্য চোবাই খোৱাৰ কি লাভ?

খাদ্য চোবাই খালে বহুতো উপকাৰ পোৱা যায় যেনে বিপাকীয় ক্ৰিয়া ভাল হ’ব, খাদ্য ভালদৰে হজম হ’ব আৰু ওজন বৃদ্ধি নহ’ব।

- প্ৰয়োজন অনুসৰিহে খাদ্য খাব। গতিকে যদি আপুনি ওজন কমাব বিচাৰে তেন্তে লাহে লাহে খাদ্য খাবলৈ আৰম্ভ কৰক।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু