--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহতকৈ অস্ত্ৰৰ সংখ্যা বেছি থকা আমেৰিকাত অস্ত্ৰই এতিয়া বহুতৰে বাবে মাতি আনিছে বিপদ। টেক্সাছৰ বিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা মাৰ নৌযাওঁতেই দেশ খনৰ চিকাগোত দুৰ্বৃত্তৰ গুলীত মৃত্যু ঘটিছে ৬ জনকৈ লোকৰ। 

এই ঘটনাত আহত হৈছে ৩৬ জন লোক। চিকাগোৰ হাইলেণ্ড পাৰ্কত সংঘটিত হৈছে এই গুলীচালনা ঘটনা।আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰমণকাৰী যুৱক  এজনে হাইলেণ্ড পাৰ্কৰ কাষৰে ঘৰ এটাৰ চালত উঠি মানুহক লক্ষ্য কৰি গুলী চলাইছিল। 

ফলত তেজেৰে ৰাঙলী হৈ পৰে হাইলেণ্ড পাৰ্ক। আহতৰ আৰ্তনাদে সমগ্ৰ এলেকাটোতে সৃষ্টি কৰে এক বিভীষিকাময় পৰিবেশৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। যুৱক জনে আৰক্ষীৰ কাষলৈ নিজেই আহি আত্মসমৰ্পন কৰে বুলি জানিব পৰা গৈছে।


 আক্ৰমণৰ উদ্দেশ্যৰ কথা এতিয়া স্পষ্ট হোৱা নাই। আক্ৰমণকাৰী ২২ বছৰীয়া যুৱক জনৰ নাম ৰবাৰ্ট ই ক্ৰিমো বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বেও যোৱা  ২৪ মে’ত টেক্সাছৰ উভালদেৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক গুলীচালনাৰ ঘটনাত ১৯ গৰাকী স্কুলীয়া শিক্ষাৰ্থী আৰু দুগৰাকী  শিক্ষক নিহত হৈছিল।  ১৪ মে’তো নিউয়ৰ্কৰ বাফেলোৰ এখন গ্ৰোচাৰী দোকানত সংঘটিত আক্ৰমণত ১০ জন লোক নিহত হৈছিল। 

শেহতীয়াকৈ আমেৰিকাত সাধাৰণ লোকৰ হাতত থকা আগ্নেয়াস্ত্ৰৰ সংখ্যা বৃদ্ধি পাইছে।  জেনেভা স্থিত সংগঠন স্মল আৰ্মছ ছাৰ্ভেৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানহৰ হাতত ৩৯৩.৩  নিযুতটা অস্ত্ৰ আছে।  যি সংখ্যা বৰ্তমান আমেৰিকাৰ  জনসংখ্যাতকৈ প্ৰায় ৩৩০ নিযুততকৈ অধিক। 

আমেৰিকাৰ দৰে  ভাৰততো ৭১.১ নিযুত লোকৰ হাতত অস্ত্ৰ আছে। অসামৰিক লোকৰ হাতত অস্ত্ৰ থকাৰ দিশৰ পৰা ভাৰত  দ্বিতীয় স্থানত আছে। 

২০২০ চনৰ পৰা আমেৰিকাৰ লোকসকলে  বন্দুক ক্ৰয়ৰ বাবে অধিক উদ্যম প্ৰদৰ্শন কৰা দেখা গৈছে। দ্য নেচনেল ইনষ্টেণ্ট ক্ৰিমিনেলৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত পূৰ্বৰ  বছৰৰ তুলনাত আমেৰিকাত  অস্ত্ৰ কিনাৰ শতাংশ হাৰ ৪০ শতাংশ বৃদ্ধি পাইছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি