--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমানুহতকৈ অস্ত্ৰৰ সংখ্যা বেছি থকা আমেৰিকাত অস্ত্ৰই এতিয়া বহুতৰে বাবে মাতি আনিছে বিপদ। টেক্সাছৰ বিদ্যালয়ত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা মাৰ নৌযাওঁতেই দেশ খনৰ চিকাগোত দুৰ্বৃত্তৰ গুলীত মৃত্যু ঘটিছে ৬ জনকৈ লোকৰ। 

এই ঘটনাত আহত হৈছে ৩৬ জন লোক। চিকাগোৰ হাইলেণ্ড পাৰ্কত সংঘটিত হৈছে এই গুলীচালনা ঘটনা।আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰমণকাৰী যুৱক  এজনে হাইলেণ্ড পাৰ্কৰ কাষৰে ঘৰ এটাৰ চালত উঠি মানুহক লক্ষ্য কৰি গুলী চলাইছিল। 

ফলত তেজেৰে ৰাঙলী হৈ পৰে হাইলেণ্ড পাৰ্ক। আহতৰ আৰ্তনাদে সমগ্ৰ এলেকাটোতে সৃষ্টি কৰে এক বিভীষিকাময় পৰিবেশৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী যুৱক জনক আটক কৰিবলৈ সক্ষম হয়। যুৱক জনে আৰক্ষীৰ কাষলৈ নিজেই আহি আত্মসমৰ্পন কৰে বুলি জানিব পৰা গৈছে।


 আক্ৰমণৰ উদ্দেশ্যৰ কথা এতিয়া স্পষ্ট হোৱা নাই। আক্ৰমণকাৰী ২২ বছৰীয়া যুৱক জনৰ নাম ৰবাৰ্ট ই ক্ৰিমো বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বেও যোৱা  ২৪ মে’ত টেক্সাছৰ উভালদেৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত এক গুলীচালনাৰ ঘটনাত ১৯ গৰাকী স্কুলীয়া শিক্ষাৰ্থী আৰু দুগৰাকী  শিক্ষক নিহত হৈছিল।  ১৪ মে’তো নিউয়ৰ্কৰ বাফেলোৰ এখন গ্ৰোচাৰী দোকানত সংঘটিত আক্ৰমণত ১০ জন লোক নিহত হৈছিল। 

শেহতীয়াকৈ আমেৰিকাত সাধাৰণ লোকৰ হাতত থকা আগ্নেয়াস্ত্ৰৰ সংখ্যা বৃদ্ধি পাইছে।  জেনেভা স্থিত সংগঠন স্মল আৰ্মছ ছাৰ্ভেৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানহৰ হাতত ৩৯৩.৩  নিযুতটা অস্ত্ৰ আছে।  যি সংখ্যা বৰ্তমান আমেৰিকাৰ  জনসংখ্যাতকৈ প্ৰায় ৩৩০ নিযুততকৈ অধিক। 

আমেৰিকাৰ দৰে  ভাৰততো ৭১.১ নিযুত লোকৰ হাতত অস্ত্ৰ আছে। অসামৰিক লোকৰ হাতত অস্ত্ৰ থকাৰ দিশৰ পৰা ভাৰত  দ্বিতীয় স্থানত আছে। 

২০২০ চনৰ পৰা আমেৰিকাৰ লোকসকলে  বন্দুক ক্ৰয়ৰ বাবে অধিক উদ্যম প্ৰদৰ্শন কৰা দেখা গৈছে। দ্য নেচনেল ইনষ্টেণ্ট ক্ৰিমিনেলৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত পূৰ্বৰ  বছৰৰ তুলনাত আমেৰিকাত  অস্ত্ৰ কিনাৰ শতাংশ হাৰ ৪০ শতাংশ বৃদ্ধি পাইছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ