--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম সঁচাকৈয়ে বিচিত্ৰ। কেতিয়া কাৰ প্ৰতি প্ৰেম জাগি উঠে সেয়া ধৰিবকে নোৱাৰি। শেহতীয়াকৈ এটা আচৰিত প্ৰেম কাহিনী পোহৰলৈ আহিছে। এজনী ছোৱালী প্ৰাক্তন প্ৰেমিকৰ পিতৃৰ প্ৰেমত পৰিল। কেৱল প্ৰেম কৰাতেই ক্ষান্ত নাথাকি দুয়ো বিবাহপাশতো আৱদ্ধ হ’ল। ছোৱালীজনী যেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল তেতিয়া তেওঁ নিজতকৈ ২৪ বছৰ ডাঙৰ মানুহ এজনক লগ পাইছিল। সেই মানুহজন কোনো নাছিল, তেওঁ আছিল ছোৱালীজনীৰ প্ৰাক্তন প্ৰেমিকৰ পিতৃ।
 
যেতিয়া ছোৱালীজনীয়ে ১৬ বছৰ সম্পূৰ্ণ কৰিলে তেতিয়া ৪০ বছৰ বয়সৰ পুৰুষজনৰ সৈতে ৰোমান্টিক সম্পৰ্ক আৰম্ভ কৰিলে। পিছত দুয়ো বিয়া পাতি সংসাৰো আৰম্ভ কৰিলে। এই সম্পৰ্কৰ ঘোৰ বিৰোধী আছিল তেওঁলোকৰ পৰিয়াল তথা বন্ধু-বান্ধৱী। ইমানৰ পাছতো দুয়ো সম্পৰ্কটোক আগুৱাই নিয়াৰ সিদ্ধান্ত লয়। এই ছোৱালীজনীৰ নাম ছিডনী ডিন। বৰ্তমান তেওঁৰ বয়স ২৭ বছৰ। তেওঁৰ স্বামী পলৰ বয়স ৫১ বছৰ। দুয়োজনেই আমেৰিকাৰ অহাইঅ’ত বাস কৰে।

ছিডনী ডিনে প্ৰথমবাৰৰ বাবে স্বামী পলক লগ পাইছিল যেতিয়া তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল। সেই সময়ত তেওঁ পলৰ পুত্ৰৰ সৈতে ডেটিং কৰি আছিল। পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটে। কিন্তু দুয়ো বন্ধু হৈয়েই থাকিল। ছিডনীয়ে তেওঁৰ ঘৰলৈ গৈ প্ৰায়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ গৈছিল। এনেদৰেই প্ৰাক্তন প্ৰেমিকৰ পিতৃৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠে ছিডনী ডিনৰ। যেতিয়া ছিডনীৰ বয়স ১৬ বছৰ হ’ল, তেতিয়া দুয়োৰে মাজত ৰোমাঞ্চ আৰম্ভ হ’ল।
 আনহাতে বয়সৰ বৃহৎ পাৰ্থক্যৰ বাবে ছিডনী আৰু পলৰ ঘনিষ্ঠ বন্ধুসকলৰ মাজত এই সম্পৰ্কক লৈ ক্ষোভৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতো ২০১৬ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। এতিয়াও তেওঁলোকৰ অধিকাংশ ঘনিষ্ঠ বন্ধুৱে এই সম্পৰ্ক মানি নলয়।

ছিডনীৰ মতে তেওঁলোকৰ সম্পৰ্ক পৰম্পৰাগত সম্পৰ্কতকৈ বহুত বেলেগ। ছিডনীয়ে কৈছিল- ''মই কেতিয়াও ভবা নাছিলো যে মই পলৰ প্ৰেমত পৰিম। কিন্তু মই বহুত আনন্দিত যে মই পলৰ প্ৰেমত পৰিলো। মই কেৱল পলৰ লগতে ৰোমাঞ্চ কৰিছো। পলৰ সৈতে সংসাৰ কৰি মই বহু সুখী।''

এই আচৰিত প্ৰেম কাহিনীয়ে বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি