--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম সঁচাকৈয়ে বিচিত্ৰ। কেতিয়া কাৰ প্ৰতি প্ৰেম জাগি উঠে সেয়া ধৰিবকে নোৱাৰি। শেহতীয়াকৈ এটা আচৰিত প্ৰেম কাহিনী পোহৰলৈ আহিছে। এজনী ছোৱালী প্ৰাক্তন প্ৰেমিকৰ পিতৃৰ প্ৰেমত পৰিল। কেৱল প্ৰেম কৰাতেই ক্ষান্ত নাথাকি দুয়ো বিবাহপাশতো আৱদ্ধ হ’ল। ছোৱালীজনী যেতিয়া ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল তেতিয়া তেওঁ নিজতকৈ ২৪ বছৰ ডাঙৰ মানুহ এজনক লগ পাইছিল। সেই মানুহজন কোনো নাছিল, তেওঁ আছিল ছোৱালীজনীৰ প্ৰাক্তন প্ৰেমিকৰ পিতৃ।
 
যেতিয়া ছোৱালীজনীয়ে ১৬ বছৰ সম্পূৰ্ণ কৰিলে তেতিয়া ৪০ বছৰ বয়সৰ পুৰুষজনৰ সৈতে ৰোমান্টিক সম্পৰ্ক আৰম্ভ কৰিলে। পিছত দুয়ো বিয়া পাতি সংসাৰো আৰম্ভ কৰিলে। এই সম্পৰ্কৰ ঘোৰ বিৰোধী আছিল তেওঁলোকৰ পৰিয়াল তথা বন্ধু-বান্ধৱী। ইমানৰ পাছতো দুয়ো সম্পৰ্কটোক আগুৱাই নিয়াৰ সিদ্ধান্ত লয়। এই ছোৱালীজনীৰ নাম ছিডনী ডিন। বৰ্তমান তেওঁৰ বয়স ২৭ বছৰ। তেওঁৰ স্বামী পলৰ বয়স ৫১ বছৰ। দুয়োজনেই আমেৰিকাৰ অহাইঅ’ত বাস কৰে।

ছিডনী ডিনে প্ৰথমবাৰৰ বাবে স্বামী পলক লগ পাইছিল যেতিয়া তেওঁ ষষ্ঠ শ্ৰেণীত পঢ়ি আছিল। সেই সময়ত তেওঁ পলৰ পুত্ৰৰ সৈতে ডেটিং কৰি আছিল। পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটে। কিন্তু দুয়ো বন্ধু হৈয়েই থাকিল। ছিডনীয়ে তেওঁৰ ঘৰলৈ গৈ প্ৰায়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটাবলৈ গৈছিল। এনেদৰেই প্ৰাক্তন প্ৰেমিকৰ পিতৃৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠে ছিডনী ডিনৰ। যেতিয়া ছিডনীৰ বয়স ১৬ বছৰ হ’ল, তেতিয়া দুয়োৰে মাজত ৰোমাঞ্চ আৰম্ভ হ’ল।
 আনহাতে বয়সৰ বৃহৎ পাৰ্থক্যৰ বাবে ছিডনী আৰু পলৰ ঘনিষ্ঠ বন্ধুসকলৰ মাজত এই সম্পৰ্কক লৈ ক্ষোভৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতো ২০১৬ চনত দুয়ো বিবাহপাশত আৱদ্ধ হয়। এতিয়াও তেওঁলোকৰ অধিকাংশ ঘনিষ্ঠ বন্ধুৱে এই সম্পৰ্ক মানি নলয়।

ছিডনীৰ মতে তেওঁলোকৰ সম্পৰ্ক পৰম্পৰাগত সম্পৰ্কতকৈ বহুত বেলেগ। ছিডনীয়ে কৈছিল- ''মই কেতিয়াও ভবা নাছিলো যে মই পলৰ প্ৰেমত পৰিম। কিন্তু মই বহুত আনন্দিত যে মই পলৰ প্ৰেমত পৰিলো। মই কেৱল পলৰ লগতে ৰোমাঞ্চ কৰিছো। পলৰ সৈতে সংসাৰ কৰি মই বহু সুখী।''

এই আচৰিত প্ৰেম কাহিনীয়ে বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই