--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : ইছৰোৰ এগৰাকী শীৰ্ষস্থানীয় বিজ্ঞানীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী তপন মিশ্ৰই কালি দাবী কৰিছে যে, ৩ বছৰৰো অধিক কাল আগেয়ে তেওঁক বিহ খুৱুওৱা হৈছিল। প্ৰাণনাশী ‘আৰ্ছেনিক ট্ৰাইঅক্সাইড’ তেওঁৰ খাদ্যৰ সৈতে মিহলাই খুওৱা হৈছিল বুলি তেওঁ দাবী কৰিছে। ২০১৭চনৰ ২৩ মে’ তাৰিখে এই ঘটনা সংঘটিত হোৱাৰ কথা তেওঁ সদৰী কৰে।

আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…

বেংগালুৰুত থকা ইছৰোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত দোছাৰ চাটনীৰ সৈতে এই বিহ তেওঁ দিয়া হৈছিল বুলি তেওঁ দাবী কৰে। মিশ্ৰই সম্প্ৰতি ইছৰোৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘লং কেপ্ট ছিক্ৰেট’ শীৰ্ষক শিৰোনামেৰে তেওঁ দিয়া এটা ফেচবুক প’ষ্টত তেওঁ এই দাবী কৰে। তেওঁ দাবী কৰে যে, ২০১৭ চনৰ জুলাই মাহত গৃহ বিভাগৰ নিৰাপত্তা বিষয়া এগৰাকীয়ে তেওঁক লগ ধৰিছিল আৰু তেওঁক আৰ্ছেনিকৰ বিষক্ৰিয়া সম্পৰ্কত সজাগ কৰি দিয়াৰ লগতে চিকিৎসকক সঠিক চিকিৎসা প্ৰদানত সহায় কৰিছিল।

আৰু পঢ়িব পাৰিব : ক’ৰ’নাৰ উৎসৰ অনুসন্ধান : ‘হু’ৰ বিশেষজ্ঞক চীনৰ বাধা

সেই সময়ত তেওঁ উশাহ লোৱাত কষ্ট হোৱা, ভালেমান অস্বাভাৱিক চৰ্ম ৰোগ আদিত আক্ৰান্ত হৈছিল বুলিও তেওঁ সদৰী কৰিছে। তেওঁ নতুন দিল্লীৰ এইমছত কৰা স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্টো পোষ্ট কৰিছে ফেচবুকত। এই ঘটনা কোনো চোৰাংচোৱাৰ হ’ব পাৰে বুলি তেওঁ সন্দেহ কৰিছে আৰু চৰকাৰক ইয়াৰ তদন্ত কৰাৰ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ