--°C
Loading...
Listen to Article
2 min read
80%

বেংগালুৰু : ইছৰোৰ এগৰাকী শীৰ্ষস্থানীয় বিজ্ঞানীয়ে এক চাঞ্চল্যকৰ দাবী কৰিছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানী তপন মিশ্ৰই কালি দাবী কৰিছে যে, ৩ বছৰৰো অধিক কাল আগেয়ে তেওঁক বিহ খুৱুওৱা হৈছিল। প্ৰাণনাশী ‘আৰ্ছেনিক ট্ৰাইঅক্সাইড’ তেওঁৰ খাদ্যৰ সৈতে মিহলাই খুওৱা হৈছিল বুলি তেওঁ দাবী কৰিছে। ২০১৭চনৰ ২৩ মে’ তাৰিখে এই ঘটনা সংঘটিত হোৱাৰ কথা তেওঁ সদৰী কৰে।

আৰু পঢ়িব পাৰিব : গুৱাহাটী পালেহি বাৰ্ড ফ্লু! চিৰিয়াখানাত নিষিদ্ধ মুৰ্গী মাংস…

বেংগালুৰুত থকা ইছৰোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত দোছাৰ চাটনীৰ সৈতে এই বিহ তেওঁ দিয়া হৈছিল বুলি তেওঁ দাবী কৰে। মিশ্ৰই সম্প্ৰতি ইছৰোৰ জ্যেষ্ঠ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ‘লং কেপ্ট ছিক্ৰেট’ শীৰ্ষক শিৰোনামেৰে তেওঁ দিয়া এটা ফেচবুক প’ষ্টত তেওঁ এই দাবী কৰে। তেওঁ দাবী কৰে যে, ২০১৭ চনৰ জুলাই মাহত গৃহ বিভাগৰ নিৰাপত্তা বিষয়া এগৰাকীয়ে তেওঁক লগ ধৰিছিল আৰু তেওঁক আৰ্ছেনিকৰ বিষক্ৰিয়া সম্পৰ্কত সজাগ কৰি দিয়াৰ লগতে চিকিৎসকক সঠিক চিকিৎসা প্ৰদানত সহায় কৰিছিল।

আৰু পঢ়িব পাৰিব : ক’ৰ’নাৰ উৎসৰ অনুসন্ধান : ‘হু’ৰ বিশেষজ্ঞক চীনৰ বাধা

সেই সময়ত তেওঁ উশাহ লোৱাত কষ্ট হোৱা, ভালেমান অস্বাভাৱিক চৰ্ম ৰোগ আদিত আক্ৰান্ত হৈছিল বুলিও তেওঁ সদৰী কৰিছে। তেওঁ নতুন দিল্লীৰ এইমছত কৰা স্বাস্থ্য পৰীক্ষাৰ ৰিপ’ৰ্টো পোষ্ট কৰিছে ফেচবুকত। এই ঘটনা কোনো চোৰাংচোৱাৰ হ’ব পাৰে বুলি তেওঁ সন্দেহ কৰিছে আৰু চৰকাৰক ইয়াৰ তদন্ত কৰাৰ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু