--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে আততায়ীৰ গুলীত মৰ্মান্তিকভাৱে মৃত্যুক সাবটি লৈছিল পঞ্জাৱৰ জনপ্ৰিয় গায়ক তথা ৰাজনীতিবিদ সিদ্ধু মুছেৱালাৰ। মুছেৱালাৰ হত্যাকাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। জনপ্ৰিয় গায়ক গৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছিল অনুৰাগীসকল। নিজৰ জনপ্ৰিয় গীতৰ জৰিয়তে সিদ্ধু মুছেৱালাই সংগীত প্ৰেমীৰ মনত এক বিশেষ সাঁচ বহুৱাইছিল। স্বাভাৱিকতেই সেইবাবে সমগ্ৰ দেশতে তেওঁৰ বিপুল সংখ্যক অনুৰাগীৰ সৃষ্টি হৈছিল। 

অৱশ্যে কেৱল ভাৰততে নহয়, বিশ্যব্যাপী অসংখ্য গুণমুগ্ধ আছে হত্যাৰ বলি হোৱা মুছেৱালাৰ। চুবুৰীয়া দেশ পাকিস্তানতো মুছেৱালাৰ আছিল অভুতপূৰ্ব জনপ্ৰিয়তা। দেশখনত গায়ক গৰাকীৰ এই জনপ্ৰিয়তাৰ এক স্পষ্ট নিদৰ্শন শুকুৰবাৰে প্ৰতিফলিত হয়। পাকিস্তানৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজনৈতিক দলে আঁৰি দিয়া হৰ্ডিঙত দেখিবলৈ পোৱা গ’ল মুছেৱালাৰ ফটো। কেৱল ছবিয়ে নহয়, মুছেৱালাৰ এটা বিশেষ জনপ্ৰিয় গানৰো উল্লেখ কৰা হৈছে হৰ্ডিং খনত। 

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুলতান অঞ্চলত অৱস্থিত পিপি-২১৭ আসনত উপনিৰ্বাচন অনুষ্ঠিত হ’ব। উপনিৰ্বাচনৰ বাবে উঠিপৰি লাগিছে দেশখনৰ ৰাজনৈতিক দলসমূহ। সমষ্টিটোত প্ৰাৰ্থী থিয় কৰাইছে দেশখনৰ পূৰ্বৰ শাসনাধিষ্ঠ দল তথা পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফে। প্ৰাক্তন বৈদেশিক মন্ত্ৰী শ্বাহ মেহমুদ কুৰেছিৰ পুত্ৰ জাইন কুৰেছিয়ে সমষ্টিটোত তেহৰিক-ই-ইনচাফৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব। 

জামিন কুৰেছিৰ প্ৰচাৰৰ বাবে সমষ্টিটোৰ অলিয়ে-গলিয়ে বিশাল বিশাল হৰ্ডিং আঁৰি দিয়া হৈছে। এই হৰ্ডিং সমূহত ৰাজনৈতিক দলটোৰ মুৰব্বী ইমৰান খানৰ লগতে দলীয় প্ৰাৰ্থী জাইন কুৰেছিসহ দলীয় নেতা সকলৰ ফটো সন্নিৱিষ্ট কৰা হৈছে। তেওঁলোকৰ লগতে পঞ্জাৱী গায়ক মুছেৱালাৰো ফটো ব্যৱহাৰ কৰা হৈছে হৰ্ডিং খনত।  এই বাতৰি সম্প্ৰতি পাকিস্তানৰ সংবাদ সংস্থা সমূহৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম সমূহেও প্ৰচাৰ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি অহা ১৭ জুলাইত দেশখনৰ উপ নিৰ্বাচন অনুষ্ঠিত হ’ব। এই উপলক্ষে নিৰ্বাচনী প্ৰচাৰত তেহৰিক-ই-ইনচাফে মুলতান অঞ্চলত অৱস্থিত পিপি-২১৭ আসনৰ প্ৰাৰ্থী জাইন কুৰেছিৰ প্ৰচাৰৰ বাবে নিৰ্বাচনী পোষ্টাৰবোৰত সিদ্ধু মুছেৱালাৰ বিখ্যাত গান ‘২৯৫’ ৰ উল্লেখসহ মুছেৱালাৰ ফটো সংলগ্ন কৰিছে। উল্লেখ্য যে মুছেৱালাৰ এই বিখ্যাত গানটো ভাৰতীয় দণ্ডবিধিৰ ধাৰা ২৯৫ (ধৰ্মীয় অনুভূতিক আঘাত) ৰ সৈতে সম্পৰ্কিত। 

ইফালে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা জাইন কুৰেছিক নিৰ্বাচনৰ হৰ্ডিঙত মুছেৱালাৰ ফটো সংলগ্ন কৰাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল। কিন্তু এই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে হৰ্ডিঙত মুছেৱালাৰ ফটো কোনে সংযোগ কৰিছিল সেই বিষয়ে তেওঁ জ্ঞাত নহয়। কিন্তু পোষ্টাৰত মুছেৱালাৰ ফটো সংযোগ কৰা সকলোকে তেওঁ ধন্যবাদ জনায়। তেওঁ কয় যে দলৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা কোনো পোষ্টাৰ ইয়াৰ পূৰ্বে কেতিয়াও এনেদৰে ভাইৰেল হোৱা নাছিল। কিন্তু মুছেৱালাৰ ফটো সংলগ্ন কৰাৰ বাবে এতিয়া এই পোষ্টাৰখন যথেষ্ট ভাইৰেল হৈছে বুৰি তেওঁ জানিবলৈ দিয়ে। 

সিদ্ধু মুছেৱালা নামেৰে জনাজাত ২৮ বছৰীয়া গায়ক গৰাকীৰ প্ৰকৃত নাম আছিল শুভদীপ সিং সিদ্ধু। যোৱা ২৯ মে'ত পঞ্জাৱৰ মানসা জিলাত তেওঁক গুলীয়াই হত্যা কৰা হৈছিল। ফেব্ৰুৱাৰীত মুছেৱালাই মানছাৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাস্ত হৈছিল। মৃত্যুৰ পূৰ্বে মুছেৱালাই পাকিস্তানত থকা তেওঁৰ অনুৰাগীসকলক লাহোৰ আৰু ইছলামাবাদত লাইভ শ্ব'ৰ বাবে পাকিস্তান ভ্ৰমণৰ প্ৰতিশ্ৰুতি দিছিল।

যোৱা মাহত মুছেৱালাৰ মৃত্যুৰ পিছত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ শ্বাহজাদ ভাট্টি নামৰ এজন ৩০ বছৰীয়া শিল্পীয়ে নিহত গায়কজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এখন ট্ৰাকত মুছেৱালাৰ এটা বিশাল প্ৰতিকৃতি অংকন কৰিছিল। উল্লেখ্য যে পাকিস্তানত এনেদৰে ট্ৰাকত ছবি অংকনেৰে শ্ৰদ্ধা প্ৰদৰ্শন সাধাৰণতে কেৱল দেশৰ ৰাষ্ট্ৰীয় নায়কসকলৰ বাবেহে সংৰক্ষিত। এনে অৱস্থাত মুছেৱালাৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলি লক্ষ্যণীয় বিবেচিত হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ