--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতচলা  যুদ্ধ খনে এতিয়া যেন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছে। যুদ্ধৰ পাৰ্শ্বক্ৰিয়া হিচাবেই কিছুদিন পূৰ্বে  আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ আৰু জাপানে পুটিনৰ কন্যা মাৰিয়া ভৰন্তছোভা আৰু কেটৰিনা টিখানোভাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছিল। তেওঁলোক হৈছে পুটিনৰ প্ৰাক্তন পত্নী লুডমিলাৰ সন্তান।এইবাৰ পুটিনৰ বহু চৰ্চিত প্ৰেয়সী এলিনা কাবায়েভাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে অষ্ট্ৰেলিয়াই।

জানিব পৰা মতে  ৩৯ বছৰীয়া অলিম্পিকস্বৰ্ণ পদক বিজয়ী জিমনাষ্ট এলিনা কাবায়েভা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্ৰেমিকা আৰু তেওঁৰ দুটা সন্তানো আছে । এতিয়া অষ্ট্ৰেলিয়াই এলিনা কাবায়েভাৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈছে পুটিন।কিয়েভ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুসৰি,অষ্ট্ৰেলিয়াই পুটিনৰ প্ৰেমিকাৰ লগতে আন ১৬ জন ৰাছিয়ানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। 


নিষেধাজ্ঞা জাৰি কৰাসকলৰ  ভিতৰত আছে এলিনা কাবায়েভাৰ লগতে পুটিনৰ পৰিয়ালৰ সদস্য আৰু তিনিজন ৰাছিয়াৰ মন্ত্ৰী। ইয়াৰ আগতে মে’ মাহত ব্ৰিটেইনৰ চৰকাৰে কাবিভা আৰু পুটিনৰ প্ৰাক্তন পত্নী লিউডমিলা অচেৰেটনায়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
উল্লেখ্য ১৬ জুনত ৰাছিয়াই নিষিদ্ধকৰণৰ তালিকাত ১২১ জন অষ্ট্ৰেলিয়াৰ লোকক অন্তৰ্ভুক্ত কৰিছিল।

উল্লেখ্য পুটিনৰ চৰ্চিত প্ৰেমিকা এলিনা কাবায়েভাকলৈ অষ্ট্ৰেলিয়াই মূৰ ঘমোৱা কথাকলৈ এতিয়া ৰাছিয়াতে চৰ্চা হ’বলৈ ধৰিছে। পুটিনৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই বৰ্তমান ছুইজাৰলেণ্ডৰ বাসিন্দা এলিনা কাবায়েভাৰ বিৰুদ্ধে এনেদৰে নিষেধাজ্ঞা জাৰি কৰা হৈছে।  পুটিনে কাবায়েভাৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা  প্ৰায়ে  অস্বীকাৰ কৰি আহিছে যদিও এতিয়া দুয়োৰে সম্পৰ্কৰ কথা আৰু গোপন হৈ থকা নাই।

 ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগত জীৱন বুলি ক’লে  তেওঁৰ প্ৰাক্তন পত্নী লুডমিলা কথা আহি পৰে। সুদীৰ্ঘ প্ৰায় ৩০ বছৰ ধৰি পুটিনৰ সৈতে লুডমিলাৰ বৈবাহিক সম্পৰ্ক অটুট আছিল। ২০১৪ চনত তেওঁলোকৰ বাবাহ বিচ্ছেদ ঘটে। ইয়াৰ আগতেই  ২০০৮ চনত প্ৰথমবাৰ পুটিনৰ সৈতে এলিনা কাবায়েভাৰ সম্পৰ্কৰ কথা মানুহে জানিব পাৰে।  ৰাছিয়াৰ এখন কাকতে তেওঁলোকৰ বিয়াৰ খৱৰো প্ৰকাশ কৰে যদিও সেয়া পুটিনে অস্বীকাৰ কৰিছিল। 


পুটিনৰ প্ৰেমিকা এলিনাৰ সম্পূৰ্ণ নাম এলিনা মাৰটোভিনা কাবায়েভা। তেওঁ এগৰাকী প্ৰখ্যাত জিমনাষ্টৰ উপৰি এগৰাকী ৰাজনীতিবিদো। এলিনাৰ জন্ম হৈছিল ১৯৮৩ চনৰ ১২ মে’ত তেতিয়াৰ  ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত উজবেকিস্তানত । এলিনাৰ পিতৃ মাৰা কাবায়েভা এগৰাকী নাম থকা ফুটবলাৰ আছিল। এলিনাই  ২০০০ চনৰ ছিডনিৰ এথেন্স গেমছত  জিমনাষ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৪ চনত তেওঁ অৰ্জন কৰিছিল স্বৰ্ণপদক ।  এলিনাই দুটা অলিম্পিক পদক, ১৪টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

 কৰিছে।পিছলৈ তেওঁ খেলৰ পৰা অৱসৰ লয় আৰু  ইউনাইটেড ৰাছিয়া পাৰ্টিৰ  সাংসদ হয়। সেই এলিনাৰ কথাই পুটিনে যিমানেই গোপনে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিমানেই নানান ঘটনাক্ৰমে পুটিন-এলিনাৰ প্ৰেমৰ সম্পৰ্কক বাৰে বাৰে লোকচক্ষুৰ সন্মুখলৈ আনি আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি