--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃৰাছিয়া আৰু ইউক্ৰেইনৰ মাজতচলা  যুদ্ধ খনে এতিয়া যেন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছে। যুদ্ধৰ পাৰ্শ্বক্ৰিয়া হিচাবেই কিছুদিন পূৰ্বে  আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ আৰু জাপানে পুটিনৰ কন্যা মাৰিয়া ভৰন্তছোভা আৰু কেটৰিনা টিখানোভাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছিল। তেওঁলোক হৈছে পুটিনৰ প্ৰাক্তন পত্নী লুডমিলাৰ সন্তান।এইবাৰ পুটিনৰ বহু চৰ্চিত প্ৰেয়সী এলিনা কাবায়েভাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে অষ্ট্ৰেলিয়াই।

জানিব পৰা মতে  ৩৯ বছৰীয়া অলিম্পিকস্বৰ্ণ পদক বিজয়ী জিমনাষ্ট এলিনা কাবায়েভা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ প্ৰেমিকা আৰু তেওঁৰ দুটা সন্তানো আছে । এতিয়া অষ্ট্ৰেলিয়াই এলিনা কাবায়েভাৰ বিৰুদ্ধে  নিষেধাজ্ঞা আৰোপ কৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈছে পুটিন।কিয়েভ ইণ্ডিপেণ্ডেণ্টৰ প্ৰতিবেদন অনুসৰি,অষ্ট্ৰেলিয়াই পুটিনৰ প্ৰেমিকাৰ লগতে আন ১৬ জন ৰাছিয়ানৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছে। 


নিষেধাজ্ঞা জাৰি কৰাসকলৰ  ভিতৰত আছে এলিনা কাবায়েভাৰ লগতে পুটিনৰ পৰিয়ালৰ সদস্য আৰু তিনিজন ৰাছিয়াৰ মন্ত্ৰী। ইয়াৰ আগতে মে’ মাহত ব্ৰিটেইনৰ চৰকাৰে কাবিভা আৰু পুটিনৰ প্ৰাক্তন পত্নী লিউডমিলা অচেৰেটনায়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
উল্লেখ্য ১৬ জুনত ৰাছিয়াই নিষিদ্ধকৰণৰ তালিকাত ১২১ জন অষ্ট্ৰেলিয়াৰ লোকক অন্তৰ্ভুক্ত কৰিছিল।

উল্লেখ্য পুটিনৰ চৰ্চিত প্ৰেমিকা এলিনা কাবায়েভাকলৈ অষ্ট্ৰেলিয়াই মূৰ ঘমোৱা কথাকলৈ এতিয়া ৰাছিয়াতে চৰ্চা হ’বলৈ ধৰিছে। পুটিনৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই বৰ্তমান ছুইজাৰলেণ্ডৰ বাসিন্দা এলিনা কাবায়েভাৰ বিৰুদ্ধে এনেদৰে নিষেধাজ্ঞা জাৰি কৰা হৈছে।  পুটিনে কাবায়েভাৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা  প্ৰায়ে  অস্বীকাৰ কৰি আহিছে যদিও এতিয়া দুয়োৰে সম্পৰ্কৰ কথা আৰু গোপন হৈ থকা নাই।

 ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ব্যক্তিগত জীৱন বুলি ক’লে  তেওঁৰ প্ৰাক্তন পত্নী লুডমিলা কথা আহি পৰে। সুদীৰ্ঘ প্ৰায় ৩০ বছৰ ধৰি পুটিনৰ সৈতে লুডমিলাৰ বৈবাহিক সম্পৰ্ক অটুট আছিল। ২০১৪ চনত তেওঁলোকৰ বাবাহ বিচ্ছেদ ঘটে। ইয়াৰ আগতেই  ২০০৮ চনত প্ৰথমবাৰ পুটিনৰ সৈতে এলিনা কাবায়েভাৰ সম্পৰ্কৰ কথা মানুহে জানিব পাৰে।  ৰাছিয়াৰ এখন কাকতে তেওঁলোকৰ বিয়াৰ খৱৰো প্ৰকাশ কৰে যদিও সেয়া পুটিনে অস্বীকাৰ কৰিছিল। 


পুটিনৰ প্ৰেমিকা এলিনাৰ সম্পূৰ্ণ নাম এলিনা মাৰটোভিনা কাবায়েভা। তেওঁ এগৰাকী প্ৰখ্যাত জিমনাষ্টৰ উপৰি এগৰাকী ৰাজনীতিবিদো। এলিনাৰ জন্ম হৈছিল ১৯৮৩ চনৰ ১২ মে’ত তেতিয়াৰ  ছোভিয়েট ইউনিয়নৰ অন্তৰ্ভুক্ত উজবেকিস্তানত । এলিনাৰ পিতৃ মাৰা কাবায়েভা এগৰাকী নাম থকা ফুটবলাৰ আছিল। এলিনাই  ২০০০ চনৰ ছিডনিৰ এথেন্স গেমছত  জিমনাষ্টত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০০৪ চনত তেওঁ অৰ্জন কৰিছিল স্বৰ্ণপদক ।  এলিনাই দুটা অলিম্পিক পদক, ১৪টা বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১টা ইউৰোপিয়ান চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

 কৰিছে।পিছলৈ তেওঁ খেলৰ পৰা অৱসৰ লয় আৰু  ইউনাইটেড ৰাছিয়া পাৰ্টিৰ  সাংসদ হয়। সেই এলিনাৰ কথাই পুটিনে যিমানেই গোপনে ৰাখিবলৈ চেষ্টা কৰি আহিছে সিমানেই নানান ঘটনাক্ৰমে পুটিন-এলিনাৰ প্ৰেমৰ সম্পৰ্কক বাৰে বাৰে লোকচক্ষুৰ সন্মুখলৈ আনি আছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?